• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যই ৰাজ্যই বিদ্ৰোহ, প্ৰশ্নৰ মুখত মোডী-শ্বাহৰ নেতৃত্ব! অসমত কি ঘটিছে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2024 1:23 pm
187
VIEWS
Share on FacebookShare on Twitter

জনসাধাৰণৰ সমৰ্থন ক্ৰমান্বয়ে কমি আহিছে। তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীৰ মাজতো ক্ষোভ-প্ৰতিবাদ বাঢ়িছে। এই সকলোবোৰ বিৰোধীৰ মিছা অপপ্ৰচাৰ বুলি ভাবিলে বিৰাট ক্ষতিৰ সন্মুখীন হোৱাটো নিশ্চিত। নিজকে শক্তিশালী বুলি ধৰি লৈ উদাসীন হৈ থাকিলে অনাগত দিনত অপেক্ষা কৰি আছে বৃহৎ বিপদ।

বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ এনেদৰেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে ৰাজ্যিক পৰ্যায়ৰ নেতা কৰ্মীসকলৰ সতৰ্কবাণী।

দলৰ সূত্ৰ অনুসৰি ৰাজ্যসমূহত যি ক্ষোভ বৃদ্ধি পাইছে সেই সন্দৰ্ভত প্ৰথম শাৰীৰ নেতাসকল সচেতন। কিন্তু এই সকলোবোৰতকৈও তাৎপৰ্যপূৰ্ণ কথাটো হ’ল প্ৰথমবাৰৰ বাবে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ দল পৰিচালনাৰ প্ৰক্ৰিয়াক লৈ দলৰ ভিতৰত সমালোচনা, আপত্তি আৰু ক্ষোভৰ সৃষ্টি হৈছে।

ইখনৰ পিছত সিখন ৰাজ্যত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ পৰ্যালোচনা বৈঠকত ইয়াৰ প্ৰতিফলন ঘটিছে। প্ৰতিখন বৈঠকত কেন্দ্ৰীয় নেতৃত্বৰ দুজন প্ৰতিনিধি পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। তেওঁলোকৰ সন্মুখতে ৰাজ্যৰ নেতা-কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ অজিত পাৱাৰৰ NCPৰ পৰা পদত্যাগ ৪ জ্যেষ্ঠ নেতাৰ; শাৰদ পাৱাৰ গোটত যোগদানৰ সম্ভাৱনা,চৰ্চাত ছগন ভূজবলৰো নাম

মন কৰিবলগীয়া যে সেই বৈঠকবোৰত কেন্দ্ৰীয় প্ৰতিনিধিসকলেও স্পষ্ট ভাষাত মত প্ৰকাশ কৰিছে। ৰাজস্থানৰ পৰা উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ বা গোৱালৈ প্ৰতিখন ৰাজ্যৰ পৰা এটাই বাৰ্তা-এনেকৈ থাকিলে বিজেপিৰ বাবে এইটোৱে শেষৰ আৰম্ভণি।

উত্তৰ প্ৰদেশক লৈ বিশেষভাৱে শংকিত হৈ পৰিছে গেৰুৱা শিবিৰৰ শীৰ্ষ নেতৃত্ব। কাৰণ, শেহতীয়া পৰ্যালোচনা বৈঠকত যোগী আদিত্যনাথে আচলতে অতি আত্মবিশ্বাস আৰু ভেঙুচালিক দোষাৰোপ কৰি দিল্লীলৈ আঙুলি টোৱাইছে। আৰু তাৰ ৪৮ ঘন্টাৰ ভিতৰতে দিল্লীৰ নেতৃত্বই তাৰ প্ৰতি সঁহাৰি জনাইছে। এই ক্ষেত্ৰত তেওঁলোকৰ ‘মুখপাত্ৰ’ হৈছে যোগী চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য। কৰ্মীসভাত নিজৰ চৰকাৰৰ ওপৰতে তেওঁৰ আক্ৰমণ, ‘সংগঠনক দোষাৰোপ কৰি কোনো ৰাজনৈতিক লক্ষ্যত উপনীত নহ’ব। দলৰ ওচৰ চাপিব লাগিব। দলৰ নেতা-কৰ্মীসকল যাতে অপমানিত নহয় সেইটো চাব লাগিব।‘ অৰ্থাৎ তেওঁৰ টাৰ্গেট কোন? যোগী আদিত্যনাথ।

হিমাচলতো বিদ্ৰোহৰ উকমুকনি। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ ধুমলে মোডী-শ্বাহলৈ আঙুলিয়াই আক্ৰমণ, ‘হিমাচল প্ৰদেশৰ নিৰ্বাচিত কংগ্ৰেছ চৰকাৰখনক ভাঙি পেলাবলৈ কিয় ইমান দৌৰাদৌৰি? পূৰ্বে দলৰ শক্তি আছিল কৰ্মী। অট’লজী, আদৱানীজীয়ে কৰ্মীৰ কথা শুনি সিদ্ধান্ত লৈছিল। এতিয়া ধুমলৰ আন এটা পৰিচয় কি? তেওঁ বিজেপি সাংসদ অনুৰাগ ঠাকুৰৰ পিতৃ। পাঁচবাৰৰ বিধায়ক। গতিকে হিমাচলত তেওঁৰ প্ৰভাৱ বৰ বেছি।‘

ৰাজস্থানৰ পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষকে শুনিব লগা হৈছে, বহুবাৰ দিল্লীত দলীয় আৰু চৰকাৰী অনিয়মৰ কথা কোৱা হৈছে। কোনো সঁহাৰি পোৱা নগ’ল। মহাৰাষ্ট্ৰত দেৱেন্দ্ৰ ফাড়নবিছক কোৱা হৈছে যে, “অন্য দল ভাঙিবলৈ গৈ বিজেপি কংগ্ৰেছতকৈয়ো পিছ পৰি আছে। সন্মুখত নিৰ্বাচন। ৰাজ্যিক বিজেপিয়ে কেনেকৈ আগবাঢ়িব সেইটো সিদ্ধান্ত লওক।” অৰ্থ স্পষ্ট, দিল্লী নেতৃত্বই যাতে আৰু বেছি হস্তক্ষেপ নকৰে।

লগতে পঢ়কঃ মুম্বাই বিমানবন্দৰত অপ্ৰীতিকৰ পৰিস্থিতি; ১৮০০টা খালী পদৰ বাবে ১৫ হাজাৰ লোক উপস্থিত

এই সকলোৰ বিপৰীতে অসমত ঘটিছে কি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অনুগত দুই-তিনিজন মন্ত্ৰীয়ে নিজকে বিজেপিৰ কাণ্ডাৰী হিচাপে তুলি ধৰি পদে পদে ওফাইদং মাৰিছে। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী মাথোঁ সাক্ষীগোপাল! দলৰ নেতা-কৰ্মীসকল অসন্তুষ্ট, ক্ষোভিত। সেয়াই নহয়, বহু পুৰণি নিষ্ঠাৱান দলীয় কৰ্মী এতিয়া দল এৰিবলৈ সাজু হৈছে। শেহতীয়া লোকসভাৰ নিৰ্বাচনৰ ফলাফলে বিজেপিৰ ভিতৰচৰাত আৰু অধিক তীব্ৰ বিদ্ৰোহৰ সূচনা কৰিছে।

ইপিনে, প্ৰদেশ কংগ্ৰেছত সাংসদ গৌৰৱ গগৈৰ উপস্থিতিয়ে বিজেপিতো জোকাৰণিৰ সৃষ্টি কৰিছে। গৌৰৱৰ জনপ্ৰিয়তা বৃদ্ধ পোৱাৰ লগে লগে কংগ্ৰেছৰ কৰ্মীসকলৰ মাজতো উৎসাহ বৃদ্ধি পাইছে। বিপৰীতে বিজেপি কৰ্মীসকলৰ মাজত হ্ৰাস পাইছে তৎপৰতা। ৰাজ্যত মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিজেপিক লৈ দলৰ নেতা-কৰ্মীসকল হতাশ আৰু নিষ্ক্ৰিয় হৈ পৰিছে। সেয়ে, অহা ২৬’ৰ বিধানসভা নিৰ্বাচনকলৈ বিৰোধীৰ মাজত আশাৰ ৰেঙণিৰ বিপৰীতে বিজেপিত দেখা গৈছে নিৰাশাৰ প্ৰচ্ছায়া।  

দৰাচলতে, বিজেপিৰ বিদ্ৰোহৰ এই সামগ্ৰিক ছবিখনৰ সাৰমৰ্ম কি? মোডী-শ্বাহৰ একক আধিপত্য এতিয়া নাই। কাৰণ, জগত প্ৰকাশ নড্ডাৰ কাৰ্যকাল শেষ হ’লেও মোডী-শ্বাহে পৰৱৰ্তী সভাপতি বাছনি কৰিব পৰা নাই। সকলো দিশ পৰীক্ষা কৰি সংঘই নিৰ্দেশ দিলে সভাপতিৰ নাম চূড়ান্ত হ’ব।

লগতে পঢ়কঃ টি-২০ ক্ৰিকেটত কোন হ’ব ভাৰতীয় দলৰ অধিনায়ক? বিচিচিআইত নতুন চৰ্চা!

প্ৰশ্ন মাথোঁ এটাই, দলৰ নিয়ন্ত্ৰণ আৰু টীম মোডীৰ হাতত নাই? দলৰ আশংকা, মহাৰাষ্ট্ৰ-ঝাৰখণ্ড-হাৰিয়ানা—তিনিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰতে ওলমি ৰৈছে মোডী-শ্বাহৰ ভাগ্য। 

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd