• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যই ৰাজ্যই বিদ্ৰোহ, প্ৰশ্নৰ মুখত মোডী-শ্বাহৰ নেতৃত্ব! অসমত কি ঘটিছে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2024 1:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনসাধাৰণৰ সমৰ্থন ক্ৰমান্বয়ে কমি আহিছে। তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীৰ মাজতো ক্ষোভ-প্ৰতিবাদ বাঢ়িছে। এই সকলোবোৰ বিৰোধীৰ মিছা অপপ্ৰচাৰ বুলি ভাবিলে বিৰাট ক্ষতিৰ সন্মুখীন হোৱাটো নিশ্চিত। নিজকে শক্তিশালী বুলি ধৰি লৈ উদাসীন হৈ থাকিলে অনাগত দিনত অপেক্ষা কৰি আছে বৃহৎ বিপদ।

বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ এনেদৰেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে ৰাজ্যিক পৰ্যায়ৰ নেতা কৰ্মীসকলৰ সতৰ্কবাণী।

দলৰ সূত্ৰ অনুসৰি ৰাজ্যসমূহত যি ক্ষোভ বৃদ্ধি পাইছে সেই সন্দৰ্ভত প্ৰথম শাৰীৰ নেতাসকল সচেতন। কিন্তু এই সকলোবোৰতকৈও তাৎপৰ্যপূৰ্ণ কথাটো হ’ল প্ৰথমবাৰৰ বাবে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ দল পৰিচালনাৰ প্ৰক্ৰিয়াক লৈ দলৰ ভিতৰত সমালোচনা, আপত্তি আৰু ক্ষোভৰ সৃষ্টি হৈছে।

Apply Now

ইখনৰ পিছত সিখন ৰাজ্যত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ পৰ্যালোচনা বৈঠকত ইয়াৰ প্ৰতিফলন ঘটিছে। প্ৰতিখন বৈঠকত কেন্দ্ৰীয় নেতৃত্বৰ দুজন প্ৰতিনিধি পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। তেওঁলোকৰ সন্মুখতে ৰাজ্যৰ নেতা-কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ অজিত পাৱাৰৰ NCPৰ পৰা পদত্যাগ ৪ জ্যেষ্ঠ নেতাৰ; শাৰদ পাৱাৰ গোটত যোগদানৰ সম্ভাৱনা,চৰ্চাত ছগন ভূজবলৰো নাম

মন কৰিবলগীয়া যে সেই বৈঠকবোৰত কেন্দ্ৰীয় প্ৰতিনিধিসকলেও স্পষ্ট ভাষাত মত প্ৰকাশ কৰিছে। ৰাজস্থানৰ পৰা উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ বা গোৱালৈ প্ৰতিখন ৰাজ্যৰ পৰা এটাই বাৰ্তা-এনেকৈ থাকিলে বিজেপিৰ বাবে এইটোৱে শেষৰ আৰম্ভণি।

উত্তৰ প্ৰদেশক লৈ বিশেষভাৱে শংকিত হৈ পৰিছে গেৰুৱা শিবিৰৰ শীৰ্ষ নেতৃত্ব। কাৰণ, শেহতীয়া পৰ্যালোচনা বৈঠকত যোগী আদিত্যনাথে আচলতে অতি আত্মবিশ্বাস আৰু ভেঙুচালিক দোষাৰোপ কৰি দিল্লীলৈ আঙুলি টোৱাইছে। আৰু তাৰ ৪৮ ঘন্টাৰ ভিতৰতে দিল্লীৰ নেতৃত্বই তাৰ প্ৰতি সঁহাৰি জনাইছে। এই ক্ষেত্ৰত তেওঁলোকৰ ‘মুখপাত্ৰ’ হৈছে যোগী চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য। কৰ্মীসভাত নিজৰ চৰকাৰৰ ওপৰতে তেওঁৰ আক্ৰমণ, ‘সংগঠনক দোষাৰোপ কৰি কোনো ৰাজনৈতিক লক্ষ্যত উপনীত নহ’ব। দলৰ ওচৰ চাপিব লাগিব। দলৰ নেতা-কৰ্মীসকল যাতে অপমানিত নহয় সেইটো চাব লাগিব।‘ অৰ্থাৎ তেওঁৰ টাৰ্গেট কোন? যোগী আদিত্যনাথ।

হিমাচলতো বিদ্ৰোহৰ উকমুকনি। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ ধুমলে মোডী-শ্বাহলৈ আঙুলিয়াই আক্ৰমণ, ‘হিমাচল প্ৰদেশৰ নিৰ্বাচিত কংগ্ৰেছ চৰকাৰখনক ভাঙি পেলাবলৈ কিয় ইমান দৌৰাদৌৰি? পূৰ্বে দলৰ শক্তি আছিল কৰ্মী। অট’লজী, আদৱানীজীয়ে কৰ্মীৰ কথা শুনি সিদ্ধান্ত লৈছিল। এতিয়া ধুমলৰ আন এটা পৰিচয় কি? তেওঁ বিজেপি সাংসদ অনুৰাগ ঠাকুৰৰ পিতৃ। পাঁচবাৰৰ বিধায়ক। গতিকে হিমাচলত তেওঁৰ প্ৰভাৱ বৰ বেছি।‘

ৰাজস্থানৰ পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষকে শুনিব লগা হৈছে, বহুবাৰ দিল্লীত দলীয় আৰু চৰকাৰী অনিয়মৰ কথা কোৱা হৈছে। কোনো সঁহাৰি পোৱা নগ’ল। মহাৰাষ্ট্ৰত দেৱেন্দ্ৰ ফাড়নবিছক কোৱা হৈছে যে, “অন্য দল ভাঙিবলৈ গৈ বিজেপি কংগ্ৰেছতকৈয়ো পিছ পৰি আছে। সন্মুখত নিৰ্বাচন। ৰাজ্যিক বিজেপিয়ে কেনেকৈ আগবাঢ়িব সেইটো সিদ্ধান্ত লওক।” অৰ্থ স্পষ্ট, দিল্লী নেতৃত্বই যাতে আৰু বেছি হস্তক্ষেপ নকৰে।

লগতে পঢ়কঃ মুম্বাই বিমানবন্দৰত অপ্ৰীতিকৰ পৰিস্থিতি; ১৮০০টা খালী পদৰ বাবে ১৫ হাজাৰ লোক উপস্থিত

এই সকলোৰ বিপৰীতে অসমত ঘটিছে কি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অনুগত দুই-তিনিজন মন্ত্ৰীয়ে নিজকে বিজেপিৰ কাণ্ডাৰী হিচাপে তুলি ধৰি পদে পদে ওফাইদং মাৰিছে। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী মাথোঁ সাক্ষীগোপাল! দলৰ নেতা-কৰ্মীসকল অসন্তুষ্ট, ক্ষোভিত। সেয়াই নহয়, বহু পুৰণি নিষ্ঠাৱান দলীয় কৰ্মী এতিয়া দল এৰিবলৈ সাজু হৈছে। শেহতীয়া লোকসভাৰ নিৰ্বাচনৰ ফলাফলে বিজেপিৰ ভিতৰচৰাত আৰু অধিক তীব্ৰ বিদ্ৰোহৰ সূচনা কৰিছে।

ইপিনে, প্ৰদেশ কংগ্ৰেছত সাংসদ গৌৰৱ গগৈৰ উপস্থিতিয়ে বিজেপিতো জোকাৰণিৰ সৃষ্টি কৰিছে। গৌৰৱৰ জনপ্ৰিয়তা বৃদ্ধ পোৱাৰ লগে লগে কংগ্ৰেছৰ কৰ্মীসকলৰ মাজতো উৎসাহ বৃদ্ধি পাইছে। বিপৰীতে বিজেপি কৰ্মীসকলৰ মাজত হ্ৰাস পাইছে তৎপৰতা। ৰাজ্যত মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিজেপিক লৈ দলৰ নেতা-কৰ্মীসকল হতাশ আৰু নিষ্ক্ৰিয় হৈ পৰিছে। সেয়ে, অহা ২৬’ৰ বিধানসভা নিৰ্বাচনকলৈ বিৰোধীৰ মাজত আশাৰ ৰেঙণিৰ বিপৰীতে বিজেপিত দেখা গৈছে নিৰাশাৰ প্ৰচ্ছায়া।  

দৰাচলতে, বিজেপিৰ বিদ্ৰোহৰ এই সামগ্ৰিক ছবিখনৰ সাৰমৰ্ম কি? মোডী-শ্বাহৰ একক আধিপত্য এতিয়া নাই। কাৰণ, জগত প্ৰকাশ নড্ডাৰ কাৰ্যকাল শেষ হ’লেও মোডী-শ্বাহে পৰৱৰ্তী সভাপতি বাছনি কৰিব পৰা নাই। সকলো দিশ পৰীক্ষা কৰি সংঘই নিৰ্দেশ দিলে সভাপতিৰ নাম চূড়ান্ত হ’ব।

লগতে পঢ়কঃ টি-২০ ক্ৰিকেটত কোন হ’ব ভাৰতীয় দলৰ অধিনায়ক? বিচিচিআইত নতুন চৰ্চা!

প্ৰশ্ন মাথোঁ এটাই, দলৰ নিয়ন্ত্ৰণ আৰু টীম মোডীৰ হাতত নাই? দলৰ আশংকা, মহাৰাষ্ট্ৰ-ঝাৰখণ্ড-হাৰিয়ানা—তিনিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰতে ওলমি ৰৈছে মোডী-শ্বাহৰ ভাগ্য। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd