বহুতৰে বাৰে বাৰে হাতৰ আঙুলি ফুটোৱাৰ এটা অভ্যাস থাকে। আঙুলি বেঁকা কৰি ‘ফটফট’ শব্দটো শুনিলে কাৰোবাৰ আৰাম লাগে, আকৌ কোনোবা অতিষ্ঠ হৈ পৰে। সৰুৰে পৰা আমি বহুতেই শুনি আহিছোঁ যে আঙুলি ফুটোৱাৰ ফলত হেনো পিছলৈ আৰ্থ্ৰাইটিছ হয় বা গাঁঠিৰ মাৰাত্মক সমস্যা দেখা দিয়ে। কিন্তু সঁচাকৈয়ে আঙুলি ফুটোৱাটো ইমান ক্ষতিকাৰক নেকি? আহক, সেই বিষয়ে জানি লওঁ।
চিকিৎসকৰ মতে, আঙুলি ফুটোৱাৰ সময়ত যিটো শব্দ হয়, সেয়া আচলতে হাড়ে হাড়ে ঘঁহনি খোৱাৰ শব্দ নহয়। আমাৰ শৰীৰৰ প্ৰতিটো গাঁঠিৰ মাজত এক প্ৰকাৰৰ তৰল পদাৰ্থ থাকে, যাক ‘চাইনোভিয়েল ফ্লুইড’ বুলি কোৱা হয়। এই তৰল পদাৰ্থবিধৰ সহায়ত গাঁঠিবোৰ মসৃণভাৱে লৰচৰ কৰাত সুবিধা হয়। যেতিয়া আমি হঠাতে আঙুলি টানি দিওঁ বা ভাঁজ কৰোঁ, তেতিয়া সেই তৰলৰ ভিতৰত চাপ কমি যায়। ইয়াৰ ফলত তৰলবিধৰ ভিতৰত থকা গেছৰ পৰা সৰু সৰু বুদবুদৰ সৃষ্টি হয় আৰু সেইবোৰ ফুটি যায়। সেই সময়তে ‘পপ’ বা ‘ফটফট’ শব্দটো শুনা যায়।
এই ক্ষেত্ৰত মানুহে আটাইতকৈ বেছি ভয় পায় যে আঙুলি ফুটোৱাৰ ফলত ভৱিষ্যতে আৰ্থ্ৰাইটিছ হ’ব পাৰে। কিন্তু চিকিৎসা বিজ্ঞানৰ গৱেষণা অনুসৰি, আঙুলি ফুটোৱাৰ লগত আৰ্থ্ৰাইটিছ হোৱাৰ কোনো পোনপটীয়া প্ৰমাণ নাই। বহু বছৰ ধৰি এই বিষয়টো লৈ গৱেষণা চলিছে, কিন্তু ক’তো নিশ্চিতভাৱে কোৱা হোৱা নাই যে এই অভ্যাসৰ কাৰণে গাঁঠিৰ ৰোগ হয়।
অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে ইচ্ছামতে যিমান খুশি সিমান আঙুলি ফুটোৱাটো একেবাৰে নিৰাপদ। চিকিৎসকৰ মতে, যদি কোনোবাই খুব জোৰকৈ বা দিনটোত বহুতবাৰ আঙুলি ফুটাই থাকে, তেন্তে গাঁঠিৰ কাষৰ কলাবোৰত চাপ পৰিব পাৰে। ইয়াৰ ফলত সাময়িক বিষ, অস্বস্তি বা সামান্য ফুলা ভাব দেখা দিব পাৰে। কিছুমান ক্ষেত্ৰত দীৰ্ঘদিন ধৰি অতিৰিক্ত আঙুলি ফুটোৱাৰ অভ্যাসৰ বাবে হাতৰ মুঠিৰ শক্তি অলপ কমি যাব পাৰে, যদিও এই বিষয়েও কোনো প্ৰমাণ পোৱা হোৱা নাই।
আন এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল, যদি আঙুলি ফুটোৱাৰ সময়ত বিষ অনুভৱ হয় অথবা ফুটোৱাৰ পিছত গাঁঠি ফুলি যায়, তেন্তে তাক অৱহেলা কৰা অনুচিত। তেনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ লোৱাই ভাল। গতিকে ক’ব পাৰি যে মাজেমধ্যে স্বাভাৱিকভাৱে আঙুলি ফুটোৱাটো ভয় খাবলগীয়া কোনো কথা নহয়। ইয়াৰ পৰা সাধাৰণতে আৰ্থ্ৰাইটিছ নহয়। কিন্তু জোৰকৈ বা অতি ঘনকৈ এই কাম কৰাটো উচিত নহয়। শৰীৰৰ কোনো অংশত বিষ বা অস্বস্তি হ’লে তাক গুৰুত্ব দিয়াটোহে আচল কথা।





