• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেঁচু খান্দোতে সাপ!! অধ্যাপিকা ড০ পল্লৱী ডেকা বুজৰবৰুৱাই যৌন নিৰ্য্যাতনৰ অভিযোগ প্ৰত্যাহাৰৰ হেঁচা দিছিল ছাত্ৰীগৰাকীক

লিখি দিবলৈ কৈছিল, “ছাৰে অৱসৰ ল’লে যেতিয়া মই এতিয়া ইমানতে সন্তুষ্ট আৰু তেওঁক একো শাস্তি দিব নালাগে”

এন ই নাও নিউজ by এন ই নাও নিউজ
June 5, 2019 8:39 am
Pallavi Deka & Dambaru Nath
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে পোহৰলৈ আহিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ পল্লৱী ডেকা বুজৰবৰুৱাৰ এক “আচৰিত কাণ্ড”।

বৰ্তমান সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে নিযুক্ত ড০ ডম্বৰুধৰ নাথৰ বিৰুদ্ধে যৌন নিৰ্য্যাতনৰ অভিযোগ অনা ভুক্তভোগী ছাত্ৰীগৰাকীক অভিযোগ প্ৰত্যাহাৰৰ বাৰম্বাৰ হেঁচা দিছিল অধ্যাপিকাগৰাকীয়ে।

Apply Now

ভুক্তভোগী ছাত্ৰীগৰাকীক “ছাৰে অৱসৰ ল’লে যেতিয়া মই এতিয়া ইমানতে সন্তুষ্ট আৰু তেওঁক একো শাস্তি দিব নালাগে” এই বুলি লিখি তেওঁৰ হাতত ১১ এপ্ৰিল, ২০১৭ তাৰিখৰ ভিতৰত দিবলৈ কৈছিল অধ্যাপিকাগৰাকীয়ে।

অসম প্ৰদেশ যুৱ কংগ্ৰেছে আজি ৰাজীৱ ভৱনত দিয়া এখন সংবাদমেলত ড০ ডম্বৰুধৰ নাথৰ বিৰুদ্ধে যৌন নিৰ্য্যাতনৰ অভিযোগ থকা বুলি দাঙি ধৰোতে প্ৰদৰ্শন কৰা নথি-পত্ৰৰ প্ৰতিলিপিৰ মাজেৰে এই কথাটো পোহৰলৈ আহে।

Letter to Pallavi
ভুক্তভোগী ছাত্ৰীগৰাকীয়ে দিয়া ড০ পল্লৱী ডেকা বুজৰবৰুৱালৈ দিয়া পত্ৰখনৰ প্ৰতিলিপি। উৎস : প্ৰদেশ যুৱ কংগ্ৰেছ।

ভুক্তভোগী বুৰঞ্জী বিভাগৰ ছাত্ৰীগৰাকীয়ে ২৬-০৪-১৭ তাৰিখে অসমীয়া বিভাগৰ অধ্যাপিকা ড০ পল্লৱী ডেকা বুজৰবৰুৱালৈ এখন পত্ৰ লিখিছিল, য’ত অধ্যাপিকাগৰাকীয়ে তেওঁক অধ্যাপকজনৰ বিৰুদ্ধে অনা গুৰুতৰ অভিযোগটো প্ৰত্যাহাৰ কৰিবলৈ কৰা অনুৰোধ ৰাখিবলৈ অপাৰগতা প্ৰকাশ কৰা হৈছে।

“দুঃখিত যে মই আপোনাৰ কথাটো ৰাখিব নোৱাৰিম”, অধ্যাপিকাগৰাকীলৈ লিখা আৰু ‘সন্মান সহকাৰে জনাওঁ যে…’ বুলি সম্বোধন কৰা পত্ৰখনত ছাত্ৰীগৰাকীয়ে লিখিছে।

নিজৰ ন্যায় প্ৰাপ্তিৰ দাবীত ছাত্ৰীগৰাকীয়ে এইদৰে অটল স্থিতি প্ৰকাশ কৰাৰ প্ৰায় তিনি মাহৰ পিছত (২১-০৭-২০১৭ তাৰিখে) বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁলৈ এখন পত্ৰ দিয়ে। পত্ৰখনত তেওঁৰ অভিযোগপত্ৰখন পোৱাৰ লগে লগে বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত Gender sensitization and complaint committee for sexual harassment, Dibrugarh University (GSCASH)-লৈ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰা বুলি জানিবলৈ দিও অৱসৰ লোৱা বাবে অভিযুক্ত ড০ নাথক বিশ্ববিদ্যালয়খনৰ নিয়ম-নীতিৰ ভিতৰত বিচাৰ কৰিব পৰা নাযাব বুলি ছাত্ৰীগৰাকীক জনাই দিয়ে।

অধ্যাপিকা ড০ পল্লৱী ডেকা বুজৰবৰুৱা এই যৌন নিৰ্য্যাতন সম্পৰ্কীয় অভিযোগৰ বিচাৰ কৰা কমিটীখনৰো সদস্যা।

লগতে পঢ়ক “ভাল নম্বৰৰ বিনিময়ত ছাত্ৰীৰ প্ৰেম দাবী”ত অভিযুক্তক সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য নিযুক্তিত তীব্ৰ প্ৰতিক্ৰিয়া

উল্লেখযোগ্য যে ছাত্ৰীগৰাকীয়ে তেওঁক যৌন নিৰ্য্যাতনৰ সবিশেষ লিখি ১৫-১১-১৬ তাৰিখত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ ১৫ দিনৰ ভিতৰতে সেই সময়ত বুৰঞ্জী বিভাগৰ অধ্যাপক আৰু অনিৰুদ্ধদেৱ আসনত অধিষ্ঠিত অধ্যাপক ড০ ডম্বৰুধৰ নাথে স্বাস্থ্যজনিত কাৰণ দৰ্শাই স্বেচ্ছামূলক অৱসৰ লৈছিল আৰু বিশ্ববিদ্যালয়ৰ পৰা আঁতৰি গৈছিল।

আজিও ন্যায়ৰ পৰা বঞ্চিত হৈ থকা ছাত্ৰীগৰাকীয়ে ড০ পল্লৱী ডেকা বুজৰবৰুৱাক জনায় যে বিশ্ববিদ্যালয়ৰ সুস্থ শৈক্ষিক পৰিৱেশৰ স্বাৰ্থতে তেওঁৰ অভিযোগটোৰ তদন্ত আগ বঢ়াই নিয়াটো বিচাৰে।

অভিযোগটো অনাৰ সময়ত বুৰঞ্জী বিভাগৰ প্ৰথম ষান্মাষিকত পঢ়ি থকা ছাত্ৰীগৰাকীয়ে ২৬-০৪-১৭-ত অধ্যাপিকা ড০ পল্লৱী ডেকা বুজৰবৰুৱালৈ লিখা চিঠিখনৰ মূল অংশটো এনে ধৰণৰ :

সন্মান সহকাৰে জনাওঁ যে যোৱা ২০১৬-ৰ ১৫ নৱেম্বৰ তাৰিখে মই মোৰ বুৰঞ্জী বিভাগৰ প্ৰধ্যাপক ড০ ডম্বৰুধৰ নাথ চাৰৰ বিৰুদ্ধে এটা অভিযোগ দিছিলো। অভিযোগ মৰ্মে তদন্তকালীন অৱস্থাত তেওঁ অৱসৰ লয়। মই জনামতে তেখেতে স্বাস্থ্যজনিত কাৰণত অৱসৰ লৈছে। কিন্তু তেখেতৰ অৱসৰৰ কাৰণৰ লগত মোৰ অভিযোগৰ বিষয় সম্পূৰ্ণ বেলেগ। তেনেস্থলত আপুনি মোক ২৫ মাৰ্চ, দেওবাৰে পুৱা ৮:৫৫ বজাত ফোনত আৰু ৬ এপ্ৰিল ২০১৭-ৰ বৃহস্পতিবাৰে দিনৰ প্ৰায় ১:০০ বজাত জঃছাগ কেণ্টিনত কয় যে, “ছাৰে অৱসৰ ল’লে যেতিয়া মই এতিয়া ইমানতে সন্তুষ্ট আৰু তেওঁক একো শাস্তি দিব নালাগে” এই বুলি লিখি আপোনাৰ হাতত ১১ এপ্ৰিল, সোমবাৰৰ ভিতৰত দিবলৈ কয়। বিহুৰ বন্ধত ঘৰৰ সকলোৰে লগত আলোচনা কৰি মোৰ ফালৰ পৰা আপোনাক এইটো জনাবলৈ পাই দুঃখিত যে মই আপোনাৰ কথাটো ৰাখিব নোৱাৰিম। কাৰণ ভৱিষ্যতে এক সুস্থ শৈক্ষিক পৰিৱেশ বৰ্তাই ৰাখিবৰ বাবে এক সুস্থ ন্যায়িক তদন্ত হোৱা উচিত। এই সন্দৰ্ভত বিশেষ একো ন্যায়িক তদন্ত হোৱা পৰিলক্ষিত হোৱা দেখা নাই। গতিকে মোৰ অভিযোগটোৰ উচিত তদন্ত আগ বাঢ়ি যোৱাটো মই বিচাৰো।

যৌন নিৰ্য্যাতন সম্পৰ্কীয় অভিযোগৰ বিচাৰ কৰা কমিটীখনৰ সদস্যা তথা সাহিত্য চৰ্চা কৰা অধ্যাপিকা ড০ পল্লৱী ডেকা বুজৰবৰুৱাৰ এই কাণ্ডই হতচকিত কৰিছে বহুতকে। নাৰীয়ে কৰ্মস্থান, শিক্ষানুষ্ঠানত সন্মুখীন হৈ অহা যৌন নিৰ্য্যাতনৰ প্ৰতি এগৰাকী মহিলা হিচাপে অধ্যাপিকাগৰাকীৰ এই অনুভূতিহীনতা চিন্তনীয়। একেদৰে বিশ্ববিদ্যালয়খনক এনেকুৱা “ভাল নম্বৰৰ প্ৰলোভনেৰে নাৰী চিকাৰ” জাতীয় অপবাদৰ পৰা মুক্ত কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগহীনতাও হতাশাজনক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd