• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

প্ৰতিবাদ হ’ব লাগিব শান্ত-শিষ্ট, অনুগ্ৰ

দ্বিপেন কাকতি by দ্বিপেন কাকতি
August 18, 2023 2:45 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্ষাকালীন অধিৱেশনৰ শেষৰ ফালে বিজেপি চৰকাৰে তিনিখন বিশেষ বিধেয়ক উত্থাপন কৰে৷ বিধেয়ককেইখন উত্থাপন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এই বিধেয়ককেইখনে ঔপনিৱেশিক বৃটিছ আমোলৰ কঠোৰ অপৰাধ আইনসমূহক অপসাৰণ কৰিব৷ আৰু কয়, ঔপনিৱেশিক শাসকে প্ৰৱৰ্তন কৰা এই আইনসমূহত বৃটিছৰাজৰ বিৰোধিতা কৰা লোকসকলক ভৃত্যৰ দৰে ব্যৱহাৰ কৰা হৈছিল৷ এতিয়া সেই আইনসমূহ বাতিল কৰি ভাৰতীয় নাগৰিকৰ অধিকাৰ সুনিশ্চিত কৰাৰ দিহা কৰা হৈছে৷

১৮৬০ চনত প্ৰৱৰ্তন কৰা ভাৰতীয় দণ্ডবিধি আইনৰ ঠাইত প্ৰস্তাৱিত আইনখন হ’ব “ভাৰতীয় ন্যায় সংহিতা”৷ পূবৰ্ৰ ক্ৰিমিনেল প্ৰচিডিয়’ৰ ক’ড অৰ্থাৎ ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ ঠাইত যিখন বিধেয়ক অনা হৈছে, তাৰ নাম হৈছে “ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা” বিধেয়ক আৰু  বৰ্তমান প্ৰচলিত সাক্ষ্য আইন অপসাৰণ কৰিবলৈ এখন নতুন সাক্ষ্য সংহিতা বিধেয়ক উত্থাপন কৰা হৈছে৷ প্ৰস্তাৱিত বিধেয়কত নাবালিকাক ধৰ্ষণ কৰাৰ শাস্তি আৰু গণপ্ৰহাৰ কৰি কাৰোবাক হত্যা কৰাৰ শাস্তি হ’ব মৃত্যুদণ্ড৷ আনহাতে, দেশদ্ৰোহিতা শব্দটো অপসাৰণ কৰি তাৰ ঠাইত “দেশৰ ঐক্য-সংহতি বিপন্ন কৰা” শব্দলানি অন্তৰ্ভূক্ত কৰা হৈছে৷ এখন বিধেয়কত মানহানিক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰাৰ কথা কোৱা হৈছে৷ দেশৰ ভালেসংখ্যক অধিবক্তাই মানহানিক শাস্তিযোগ্য অপৰাধ হিচাপে বিধিৱৎ কৰাৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে ভিন্নমত পোষণ কৰা অথবা নানা ধৰণৰ ব্যংগাত্মক প্ৰকাশকো “মানহানি”ৰ দৰে অপৰাধত দোষী সাব্যস্ত কৰাৰ সুৰুঙা থাকিব বুলি আশংকা ব্যক্ত কৰিছে৷ ইয়াত ব্যংগ চিত্ৰ, ব্যংগ কবিতা, পেৰডী, ব্যংগাত্মক অডিঅ’-ভিডিঅ’কো মানহানিৰ দোষেৰে দুষ্ট কৰাৰ অৱকাশ থাকিব৷

এই বিধেয়ককেইখনৰ জৰিয়তে সন্ত্ৰাসবাদী কাৰ্য-কলাপৰ ব্যাখ্যাৰ পৰিসৰো ব্যাপকভাৱে বঢ়াই তোলা হৈছে৷ উত্থাপিত বিধেয়ক অনুযায়ী, সেইবিলাকেই সন্ত্ৰাসবাদী কাৰ্যকলাপ হ’ব, যিবিলাকত আপোনাৰ কথা, লিখনি, দৃশ্যমান আৱেদন [Visual representation], প্ৰতিবাদী কাৰ্যসূচী অথবা আন যিকোনো কথা আৰু ক্ৰিয়া-কাণ্ডই ৰাজহুৱা সম্পত্তি ধ্বংস কৰাত, বুনিয়াদী গাঁথনি নষ্ট কৰাত, অত্যাৱশ্যকীয় সেৱা প্ৰদানত বাধা দিয়াত, জাতি- জনগোষ্ঠীৰ বিচ্ছিন্নতাবাদী অনুভূতিত সুৰসুৰণি দিয়াত অথবা অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱা যোগানত বাধা দিয়া কাৰ্যত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে উচটনি দিয়া বুলি অভিযুক্ত হ’ব৷ পূবৰ্ৰ আইন অনুযায়ী যিবোৰ ঘটনাক সন্ত্ৰাসবাদী কাৰ্যকলাপ বুলি গণ্য কৰা হৈছিল, নাভাবিব যে সেইবিলাক মচি পেলোৱা হ’ব৷ সেইবিলাকো বাহাল থাকিবই! এই “অপৰাধ”বিলাকৰ শাস্তিৰ ম্যাদ ৭ বছৰৰ পৰা যাৱজ্জীৱন কাৰাবাস পৰ্যন্ত হ’ব পাৰে৷

Apply Now

এই বিধানসমূহৰ চিধা অৰ্থ হ’ল–আপুনি চৰকাৰৰ বিৰুদ্ধে যিকোনো প্ৰতিবাদী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ হ’লে ভদ্ৰলোকৰ দৰে শান্ত-শিষ্ট আৰু সুশৃংখলিত ৰূপত তাক ৰূপায়ন কৰিব লাগিব৷ চৰকাৰৰ কথা হ’ল–আপোনালোকে আন্দোলন কৰি থাকক, আপত্তি নাই; আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰত আমি হাত নিদিওঁ৷ কিন্তু! দেশৰ কাম-কাজ আৰু নাগৰিকৰ জীৱন-যাত্ৰা স্বাভাৱিক হৈ থাকিব লাগিব৷ “কা” আন্দোলনৰ পাছৰ ফাললৈ আমি যে খেল পথাৰত সমৱেত হৈ দহ বজাৰ পৰা পাঁচ বজালৈকে আন্দোলন কৰিছিলো, নৃত্য-গীত-আবৃত্তিৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত “উত্তাল শ্ল’গান” দিছিলো, এই আইনসমূহ বলৱৎ হোৱাৰ পাছত ঠিক সেইদৰেই আমি প্ৰতিবাদী আন্দোলনবোৰ কৰিব লাগিব৷ আমাৰো আন্দোলন কৰা হৈ থাকিল আৰু চৰকাৰৰ কাম-কাজবিলাকো স্বাভাৱিকভাৱে আৰু নিয়ম মাফিক চলি থাকিল! ইয়াৰ দ্ব্যৰ্থহীন অৰ্থ এইটোৱেই যে আমি চৰকাৰৰ সকলো নীতি-নিয়ম প্ৰতীকী আৰ্হিতহে প্ৰতিবাদ কৰিব পাৰিম, যিবিলাক আন্দোলন-প্ৰতিবাদ ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা নিচেই তাকৰ৷ ইয়াৰ শেষ পৰিণাম হ’ব—নম্ৰ-ভদ্ৰভাৱে চৰকাৰৰ সিদ্ধান্তক গ্ৰহণ কৰি লোৱা৷

উল্লেখ কৰাৰ আৱশ্যক নাই যে চৰকাৰৰ এই পদক্ষেপবোৰ নব্য ফেচীবাদৰ দিশে আৰু এটা শক্তিশালী খোজ৷ দেশৰ এচাম লোকে ইতিমধ্যেই ভালদৰে বুজি উঠিছে যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত যদি শকুনিৰ পাশা খেল ওলোটাই দিব পৰা নাযায়, তেন্তে বিবেকবান মানুহৰ কাৰণে এইখন ভাৰতত জীয়াই থকা অত্যন্ত কষ্টকৰ হৈ পৰিব৷ পলম হৈছে যদিও, হিতাধিকাৰীসকলক চৰকাৰৰ জনবিৰোধী নীতিবোৰৰ কথা বুজাই-বঢ়াই তেওঁলোকক একোজন দায়িত্বশীল নাগৰিকৰ ভূমিকা পালন কৰিবলৈ আহ্বান জনোৱাটো অত্যন্ত আৱশ্যকীয় হৈ পৰিছে৷ এই কাম সংগঠিতভাৱেই কৰিব লাগিব৷

বিজিপি চৰকাৰে উত্থাপন কৰা আইন তিনিখনৰ সন্দৰ্ভত এজন অৱসৰী আমোলাই প্ৰশ্ন তুলিছে, “আইনকেইখনৰ নামকৰণ হিন্দীত কৰি ভিতৰুৱা কথাবোৰ ইংৰাজীত বৰ্ণনা কৰাৰ কাৰণ কি?”

আনহাতে সৰ্ব্বোচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, সমাজকৰ্মী প্ৰশান্ত ভূষণে টুইট কৰিছে, “Wow!! Three hugely important laws, which will affect all of us are introduced at the end of this session, without any disclosure or discussion. The colonial wolf of sedition brought back in sheep’s clothing. This is New Democracy in Modi’s New India!”

(লেখকৰ ফোন নম্বৰ-৯৪৩৫০৯০৮৯৯)

দ্বিপেন কাকতি

দ্বিপেন কাকতি

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd