• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

মধ্যবিত্ত সপোনবিভোৰ হ’ব নালাগে

দ্বিপেন কাকতি by দ্বিপেন কাকতি
February 6, 2023 11:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্দেহ নাই, ২০২৪ চনত হ’বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই ২০২৩-২৪ চনৰ বাজেট দাখিল কৰা হৈছে৷ বাৰ্ষিক বাজেটৰ জৰিয়তে চৰকাৰে বছৰটোত ৰূপায়ন কৰিবলগীয়া নীতিসমূহ ঘোষণা কৰে৷ লক্ষ্য কৰা গৈছে–বাজেটখন দৰাচলতে এক এৰাব নোৱাৰা পৰম্পৰাহে৷ কাৰণ বাজেটত ঘোষণা কৰা বহুতো সিদ্ধান্ত ৰূপায়ন কৰা নহয় আৰু অনেক সময়ত বাজেট বহিৰ্ভূত অনেক কাৰ্য সম্পাদন কৰা হয়৷

সি যি কি নহওক, এটা কথা সকলোৰে দৃষ্টিগোচৰ হৈছে যে মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পাছৰ পৰা ৰাজ্যৰ হাতত থকা বহুতো ক্ষমতা কৌশলেৰে কেন্দ্ৰৰ হাতলৈ লৈ যোৱা হৈছে৷ কেৱল সেয়ে নহয়, কেন্দ্ৰীয় মন্ত্ৰ্যালয়বিলাকৰ ক্ষমতাও প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ত কেন্দ্ৰীভূত কৰা হৈছে৷ অৰ্থনীতি সম্পৰ্কে চিন্তা-চৰ্চা কৰা লোকসকলে আন এটা কথাও লক্ষ্য নকৰাকৈ থকা নাই যে এই চৰকাৰে গ্ৰহণ কৰি অহা নীতিবিলাকে অৰ্থনীতিৰ যোগানৰ দিশটোৰ ওপৰত যিমান গুৰুত্ব দি আহিছে, চাহিদাৰ দিশটোৰ প্ৰতি সিমান গুৰুত্ব দিয়া নাই৷ তাৰ পৰিণাম স্বৰূপে আন্তৰ্জাতিক মান বিচাৰত ভালেমান দিশত ভাৰতৰ স্থান নিম্নগামী হৈছে৷

উল্লেখ নিষ্প্ৰয়োজন যে আনকেইবাৰৰ দৰে এইবাৰো যোগানৰ দিশৰ তুলনাত চাহিদাৰ দিশটোৱে বিশেষ গুৰুত্ব লাভ কৰা নাই৷ সাধাৰণ কৃষকক বঞ্চিত কৰাৰ উপৰি খাটিখোৱা লোকসকলকো বঞ্চিত কৰিছে “এনৰেগা” আঁচনিলৈ আবণ্টিত ধনৰ পৰিমাণ হ্ৰাস কৰি৷ যোৱা বছৰৰ বাজেটত “এনৰেগা”ৰ শিতানত ৭৩,০০০ কোটি টকাৰ আবণ্টন দিয়া হৈছিল৷ [চাহিদাৰ চাপত পাছলৈ এই পৰিমাণ ৮৯,০০০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছিল৷] এই বছৰৰ বাজেটত আবণ্টিত ধনৰ পৰিমাণ ৬০,০০০ কোটি টকালৈ হ্ৰাস কৰা হৈছে৷ দৰাচলতে নিবনুৱা সমস্যাৰ এই দুৰ্ঘোৰ সংকট কালত নিয়োগৰ পথবোৰ সম্প্ৰসাৰিত কৰাৰ পৰিৱৰ্তে সংকুচিত কৰি অনাটো কেৱল জনবিৰোধী পদক্ষেপেই হোৱা নাই, অৰ্থনীতিৰ বাবেও ক্ষতিকাৰক হৈছে৷

Apply Now

সবৰ্সাধাৰণ লোকক সাম্প্ৰদায়িক ঢৌত উটাই দি নিৰ্বাচন জিকা যায়, কিন্তু শিক্ষিত মধ্যবিত্তক নোৱাৰি৷ তদুপৰি অধোমুখী চাহিদাকো কিছু ওপৰলৈ তুলি অনাৰ আৱশ্যক আছে৷ এনে পৰিস্থিতিত বিত্ত মন্ত্ৰীয়ে মধ্যবিত্ত শ্ৰেণীৰ হাতত ক্ৰয়ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আয়কৰৰ উৰ্ধসীমা ৫ লাখৰ পৰা ৭ লাখ টকালৈ বৃদ্ধি কৰিছে৷ মন্ত্ৰীগৰাকীৰ মতে, ইয়াৰ ফলত চৰকাৰে ৩৮,০০০ কোটি টকাৰ ৰাজহৰ লোকচান ভৰিব লাগিব৷ কিন্তু চাবলৈ গ’লে, দেশৰ মুঠ ৰাজহ সংগ্ৰহৰ তুলনাত এই ধন একোৱেই নহয়–০.৫ শতাংশতকৈও কম৷

আমাৰ দেশৰ আয়কৰ ব্যৱস্থাটো মুঠেই সৰল নহয়৷ ষ্টেণ্ডাৰ্ড ডিডাক্সন, জীৱন বীমাৰ বিনিয়োগ, গৃহ ঋণৰ সুত আদিকে ধৰি নানা শিতানত কৰ ৰেহাইৰ ব্যৱস্থা আছে৷ এই বাজেটৰ “নতুন কৰ ব্যৱস্থা”ত আয়কৰমুক্ত উপাৰ্জন ৭ লাখলৈ বৃদ্ধি কৰা হৈছে আৰু তাত আন কোনো ধৰণৰ ৰেহাইৰ ব্যৱস্থা নাথাকিব বুলি কোৱা হৈছে৷ অৱশ্যে পুৰণা ব্যৱস্থাটো বাতিল কৰা নহ’ব বুলিও ঘোষণা কৰা হৈছে৷ কোনো ব্যক্তিয়ে যিটো ব্যৱস্থা পচন্দ কৰে, তাকে ল’ব পাৰিব৷ উল্লেখযোগ্য, সৰহভাগ লোকেই পুৰণা ব্যৱস্থাকে গ্ৰহণ কৰিব বুলি ভবাৰ থল আছে৷ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিয়ে হয়তো নতুন ব্যৱস্থাৰ প্ৰতি সঁহাৰি জনাব, কাৰণ তেওঁৰ সঞ্চয়ৰ পৰিমাণ কম হয়৷ কোৱা বাহুল্য, মধ্যবিত্ত শ্ৰেণীয়ে ইয়াৰ সুবিধা ভোগ কৰিবলৈ হ’লে মুদ্ৰাস্ফীতিও নিয়ন্ত্ৰিত হৈ থাকিব লাগিব৷ অন্যথা দ্ৰব্যমূল্য বৃদ্ধিয়ে তেওঁলোকৰ এই অৰ্থসাহায্যৰ বুজন অংশ এটা বজাৰে খাই পেলাব৷

এই প্ৰসংগত আন এটা লক্ষণীয় কথা হ’ল–কেন্দ্ৰীয় চৰকাৰৰ অতিকেন্দ্ৰিক নীতিৰ কাৰণে ৰাজ্য চৰকাৰবোৰৰ ৰাজহৰ অংশ ক্ৰমাৎ কমি গৈছে৷ চলিত বছৰৰ বাজেটত চৰকাৰৰ এই প্ৰৱণতা অধিক প্ৰকট হৈছে৷ উল্লেখযোগ্য, ৰাজ্য চৰকাৰবোৰেই সিংহ ভাগ ৰাজহুৱা ব্যয় কৰে৷ ২০১৯-২০ চনত এনে ব্যয়ৰ অংশ আছিল ৬২.৪ শতাংশ৷ তাৰ বিপৰীতে লাভ কৰিছিল মুঠ ৰাজহ উপাৰ্জনৰ ৩৭.৩ শতাংশ৷ চতুৰ্দশ বিত্তীয় আয়োগে কৰৰ পৰা সংগৃহীত ৰাজহৰ ৪২ শতাংশ ৰাজ্য চৰকাৰবোৰক দিবৰ বাবে পৰামৰ্শ আগবঢ়াইছিল৷ কেন্দ্ৰীয় চৰকাৰে এই পৰামৰ্শ মানিও লৈছিল৷ আনহাতে, একে সময়তে, আৰোপিত কৰৰ ওপৰত উপকৰ আৰু অতিৰিক্ত কৰৰ পৰিমাণ বঢ়াই নিছে৷ এনে ধৰণৰ উপকৰ আৰু অতিৰিক্ত কৰৰ পৰিমাণ ২০১১-১২ চনৰ ১০ শতাংশৰ পৰা ২০২১-২২ চনত ২০ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷ কোৱা বাহুল্য, উল্লিখিত ৪২ শতাংশৰ ভিতৰত এনে ৰাজহ অন্তৰ্ভূক্ত নহয়৷ গতিকে ৰাজ্য চৰকাৰে তাৰ অংশ পোৱাৰ কথা নাই৷

আয়কৰ, কৰ্প’ৰেট কৰ আদি হৈছে প্ৰত্যক্ষ কৰ৷ দেশৰ আনবিলাক কৰ, যেনে–জি এছ টি, সীমা শুল্ক আদিৰ উপৰি ৰাজ্যিক ক্ষেত্ৰত সুৰা আৰু পেট্ৰোল-ডিজেলৰ কৰ, ইন্ধনৰ কৰ, আৱকাৰী শুল্ক, দলিলৰ শুল্ক ইত্যাদি৷ মোদী চৰকাৰৰ আমোলত ৰাজ্যবিলাকলৈ আবণ্টিত ধনৰাশিৰ পৰিমাণ ক্ৰমাৎ কমি যোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰবিলাকে নিজৰ এক্টিয়াৰত থকা ক্ষেত্ৰসমূহত অতিৰিক্ত কৰ আৰোপ কৰি অহা দেখা গৈছে৷ অহা বিত্তীয় বছৰতো চৰকাৰে এনে ধৰণে কৰ-শুল্ক বৃদ্ধি কৰিব লাগিব৷ আনহাতে যোৱা বছৰদিয়েকত বৰ্ধিত মুদ্ৰাস্ফীতিয়ে দ্ৰব্যমূল্য বৃদ্ধি কৰি চৰকাৰক অতিৰিক্ত পৰোক্ষ কৰ সংগ্ৰহৰ সুবিধা কৰি দি আহিছে৷ চৰকাৰে নিজাববীয়াকৈও বৰ্ধিত কৰ আৰোপ কৰি দ্ৰব্যমূল্য বৃদ্ধি কৰি আহিছে৷ এনে কাৰ্যই জনতাৰ ক্ৰয় ক্ষমতা হ্ৰাস কৰি দেশৰ মুঠ চাহিদাৰ অৱক্ষয়ত অৰিহণা যোগায়৷

গতিকে দেখা যায়, বাজেটৰ জৰিয়তে মধ্যবিত্ত শ্ৰেণীলৈ যি সকাহ আগবঢ়োৱা বুলি কোৱা হৈছে, আমাৰ দৃষ্টিত সি দৰাচলতে ল’লীপপহে৷

(লেখক দ্বিপেন কাকতি এগৰাকী নিবন্ধকাৰ।লেখকৰ ফোন নম্বৰ-৯৪৩৫০-৯০৮৯৯)

দ্বিপেন কাকতি

দ্বিপেন কাকতি

Stay Connected

  • 117k Fans

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd