• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচন আয়োগতেই অচল প্ৰধান মন্ত্ৰী মোদীৰ ‘ডিজিটেল ইণ্ডিয়া’

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 8, 2019 3:42 pm
Election Commission Website
435
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনৰ বতৰত দেশৰ বিভিন্ন প্ৰান্তত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ শীৰ্ষ নেতাসকলে ‘ডিজিটেল ইণ্ডিয়া’ৰ কথা কৈ প্ৰচাৰ কৰাৰ সময়তে দেশৰ নিৰ্বাচন আয়োগত অচল হৈছে মোদীৰ ‘ডিজিটেল ইণ্ডিয়া’। এই অচলাৱস্থাৰ বাবেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ ৰাইজে হাততে পাব পৰা অৱস্থাত নাই।

তথ্যৰ সহজ বিতৰণৰ যুগতো যোৱা দুদিন ধৰি ভাৰতৰ নিৰ্বাচন আয়োগৰ ৱেবছাইটত অসমৰ ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ শপতনামা ভোটাৰ বা সংবাদ মাধ্যমৰ লোকে চাব পৰা নাই।

নিৰ্বাচন আয়োগৰ ৱেবছাইট ceoassam.nic.in ৱেবছাইটৰ মাজেৰে বা পোনপটীয়াকৈ eci.gov.in-অত ২০১৯ চনৰ লোক সভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা ‘General Election 2019’ লিংকত গৈ Affidavit লিংকত ক্লিক কৰিলে দেশৰ প্ৰতিখন ৰাজ্যৰে বিভিন্ন সমষ্টিৰ পৰা লোক সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ মনোনয়ত দাখিল কৰা তথ্য চাব পাৰি।

কিন্তু তাত অসম state নিৰ্বাচন কৰি প্ৰাৰ্থীৰ তথ্য চাবলৈ বিচাৰিলে প্ৰাৰ্থীবিলাকৰ নাম ওলাই যদিও তেওঁলোকৰ শপতনামা (Affidavit)বোৰ চাব নোৱাৰি। পেইজটোত তথ্যৰ সলনি Sorry, the page you are looking for could not be found. বুলি এটা বাৰ্তাই হতাশ কৰে তথ্য বিচাৰোতাক।

যোৱা ২৮ মাৰ্চৰ পৰাই এই ছাইটটো এইদৰে অকামিলা হৈ আছে। মোদীৰ ডিজিটেল ইণ্ডিয়াৰ এই দুৰৱস্থাই এতিয়া বহুতকে বঞ্চিত কৰিছে তথ্যৰ অধিকাৰৰ পৰা। নিজৰ প্ৰাৰ্থীৰ সম্পত্তি, গোচৰ অন্যান্য গুৰুত্বপূৰ্ণ তথ্য এই শপতনামাৰ জৰিয়তে ভোটাৰে চোৱাৰ সুবিধা লাভ কৰে। লগতে সংবাদ মাধ্যমৰ বাবেও এই তথ্যবোৰ অতি গুৰুত্বপূৰ্ণ।

অৱশ্যে আন ৰাজ্যৰ প্ৰাৰ্থীসকলৰ তথ্য ৱেবছাইটটোত উপলব্ধ হৈ আছে। তেনে ক্ষেত্ৰত অসমৰ প্ৰাৰ্থীৰ তথ্য কিয় লাভ কৰিব পৰা নাযায় সেয়াহে এক চিন্তনীয় বিষয়।

এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চন্দ্ৰ চাহুৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, “এই ৱেবছাইটটো ভাৰতৰ নিৰ্বাচন আয়োগৰহে। প্ৰাৰ্থীসকলৰ তথ্য চাবলৈ আমাৰ ৱেবছাইটত তেওঁলোকৰ উক্ত পেজটোৰ লিংকহে দিয়া হৈছে। যদি অসমৰ প্ৰাৰ্থীৰ তথ্য চাব পৰা নাই এই বিষয়টো মই দেশৰ নিৰ্বাচন আয়োগক জনাম”।

তেওঁ ইয়াক কোনো কাৰিকৰী বিসংগতিৰ হ’ব পাৰে বুলি আমাক জানিবলৈ দিয়ে।

আমাৰ সাংবাদিকে ফোনযোগে কথা পতাৰ আগলৈ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকী এই বিষয়ে অৱগত নাছিল বুলি তেওঁৰ কথাৰ পৰাই বুজা গৈছিল।

বিষয়াজনৰ মন্তব্যই প্ৰমাণ কৰে এই গুৰুত্বপূৰ্ণ সময়খিনিতো তেওঁ নিজৰ বিভাগৰ কাম-কাজৰ ষ্টেটাছ সম্বন্ধে সঠিক খবৰ নাই ৰখা।

কেৱল ইমানেই নহয়, ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ ৱেবছাইটৰ অভিলেখাগাৰ (Archive ) পেজত গৈ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ মনোনয়নৰ লগত দিয়া শপতনামা চাবলৈ চেষ্টা কৰিলেও হতাশ হোৱা যায়। ২০১৬ চনৰ ঠাইত ওলায় ২০১১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ শপতনামাহে। তাৰোপৰি একেটা পেজত খালী হৈয়ে আছে ৰাজ্যৰ বহুকেইটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ তথ্য।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd