DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত স্থান পাবলৈ জনগোষ্ঠীয় পৰিচয়েই হৈছে প্ৰধান চৰ্ত

বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰী পদৰ বাবে ‘জ্যেষ্ঠ’ আৰু ‘অভিজ্ঞ’জনলৈ নাই কোনো সন্মান

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
January 18, 2020 9:02 pm
Story-12-4-750x375

শনিবাৰে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে যোগেন মহন আৰু সঞ্জয় কিষাণে।

13.6k
VIEWS
Share on FacebookShare on Twitter

অসমত বিজেপিৰ মন্ত্ৰীপদ পাবলৈ জ্যেষ্ঠতা আৰু অভিজ্ঞতা কোনো ফেক্টৰ নহয়।

বৰঞ্চ,  বিজেপি নেতৃত্বাধীন উত্তৰ পূৰ্বাঞ্চলত জনগোষ্ঠীয় পৰিচয়েই হৈছে মন্ত্ৰিত্ব লাভৰ নিশ্চৰ্ত যোগ্যতা।

সঞ্জয় কিষাণ আৰু যোগেন মহনে শনিবাৰে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে শপত ল’লে।

কিষাণ আৰু মহন দুয়োগৰাকীয়েই প্ৰথমবাৰৰ বাবে নিৰ্বাচিত বিধায়ক। কিন্তু তেওঁলোকে প্ৰতিনিধিত্ব কৰা সম্প্ৰদায়টোৱে ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিক ‘ভোট’ দিয়াটো নিশ্চিত।

তিনিচুকীয়াৰ বিধায়ক কিষাণ এগৰাকী প্ৰাক্তন কংগ্ৰেছী বিধায়ক আৰু বিজেপিত নতুন মুখ।

মন্ত্রিত্বৰ দৌৰতো তেওঁ আনকি প্ৰথমশাৰীত নাছিল। কিন্তু তেওঁ বৰ্তমান বিজেপিৰ ‘ভোটবেংক’ চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে।

কিষাণে ৰঙাপাৰাৰ প্ৰাক্তন বিধায়ক পল্লৱ লোচন দাসে খালী কৰা মন্ত্ৰীৰ আসনখন পূৰণ কৰিব। দাসে তেজপুৰৰ পৰা লোকসভাৰ নিৰ্বাচনত বিজয়ী হৈছিল।

একেদৰে, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনক আহোম সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰাৰ বাবেই মন্ত্ৰিত্ব আগবঢ়োৱা হৈছে।

মহনে সোণাৰীৰ প্ৰাক্তন বিধায়ক তপন গগৈয়ে (তেঁৱো আহোম সম্প্ৰদায়ৰ) যোৰহাটৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পাছত খালী হোৱা মন্ত্ৰী পদটো পূৰণ কৰিব।

মন্ত্ৰী হিচাপে কিষাণ আৰু মহনৰ অন্তৰ্ভুক্তিয়ে শনিবাৰে এইটো স্পষ্ট কৰিছে যে অসমত মন্ত্ৰী হ’বলৈ বিজেপিত ‘অনুগামী’ আৰু ‘জ্যেষ্ঠতা’ কোনো ফেক্টৰ নহয়।

স্বাভাৱিকতে, সোণোৱালে দুগৰাকী জ্যেষ্ঠ বিজেপি বিধায়কক মন্ত্ৰী হিচাপে ল’ব পাৰিলেহেঁতেন।

ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকন দলৰ এগৰাকী জ্যেষ্ঠ সদস্য। তেওঁ ২০০৬চনৰ পৰাই বিধায়ক হৈ আহিছে।

আন এগৰাকী জ্যেষ্ঠ বিজেপি বিধায়ক পদ্ম হাজৰিকায়ো আহোম বা চাহ জনগোষ্ঠীৰ নোহোৱাৰ বাবে বাচনিত নুঠিল। হাজৰিকা ১৯৯৬চনৰ পৰাই চতিয়াৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে।

একেদৰে, দিচপুৰৰ বিজেপি বিধায়ক অতুল বৰা নিশ্চয় সুখী নহয়। তেওঁৱো এগৰাকী শক্তিশালী প্ৰতিদ্বন্দ্বী আছিল।

অসম গণ পৰিষদৰ এগৰাকী প্ৰাক্তন সদস্য অতুল বৰা ১৯৮৫চনত প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী আছিল।

বিজেপিয়ে ধৰি লৈছে যে অসমত “কা’ৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ সত্বেও চাহ জনগোষ্ঠীয়ে বিজেপিৰ সপক্ষেই ভোট দিব।

চাহ জনগোষ্ঠী হিচাপে পৰিচিত চাহ সম্প্ৰদায়ে অসমত চাহ বাগিচাৰ শ্ৰমিকৰ বিভিন্ন জনগোষ্ঠীয় গোটক প্ৰতিনিধিত্ব কৰে।

অসমত এই জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় ৬৫ লাখ বুলি ধৰা হয়। বিগত ছয়টা দশকত চাহ বাগিচাৰ শ্ৰমিকসকল কংগ্ৰেছৰ প্ৰধান ভোটবেংক আছিল।

কিন্তু বিগত এটা দশকত বিজেপিয়ে চাহ জনগোষ্ঠীক কংগ্ৰেছৰ পৰা অঁতৰাই আনিবলৈ সক্ষম হৈছিল।

আকৌ বিজেপিৰ বাবেই বৰ্তমান সংসদত চাহ জনগোষ্ঠী সম্প্ৰদায়ে অসমক অধিক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে।

ডিব্ৰুগড়ৰ বিজেপি সাংসদ ৰামেশ্বৰ তেলী খাদ্য সংশাধন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু কামাখ্যা প্ৰসাদ তাছা ৰাজ্যসভাৰ সাংসদ। পল্লৱ লোচন দাসে বৰ্তমান লোকসভাত তেজপুৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে।

এতিয়া সঞ্জয় কিষাণো ৰাজ্যখনৰ এগৰাকী মন্ত্ৰী হ’ল। তেৰছ গোৱালা অসম বিধানসভাত আন এগৰাকী চাহ সম্প্ৰদায়ৰ পৰা অহা বিধায়ক।

একেদৰে, সৰ্বানন্দ সোণোৱালে আহোম সম্প্ৰদায়ৰ পৰা হাস্যকৰভাৱে ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ ভোট পোৱাটো নিশ্চিত কৰিব বিচাৰিছে।

ৰাজনৈতিকভাৱে, আহোমসকল অসমৰ নিৰ্বাচনী ৰাজনীতিত এক গুৰুত্বপূৰ্ণ কাৰক আৰু কংগ্ৰেছ নাইবা বিজেপি কোনোৱে ইয়াক অৱজ্ঞা কৰিব নোৱাৰে।

পৰম্পৰাগতভাৱে, আহোমসকল কংগ্ৰেছৰ সমৰ্থক আছিল আৰু কেশব গগৈ, হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈকে ধৰি তিনিগৰাকীকৈ মুখ্য মন্ত্ৰী দিবলৈ সক্ষম হৈছিল।

তৰুণ গগৈ আছিল তিনিটাকৈ কাৰ্যকাল চলাই অসমত আটাইতকৈ দীঘলীয়া সময়ৰ মুখ্য মন্ত্ৰী।

তৰুণ গগৈৰ শেহৰটো কাৰ্যকালৰ অন্তিম কালত বিজেপিয়ে অনুসূচীত জনজাতি (এছ টি) মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতিৰে আহোম সম্প্ৰদায়ৰ সমৰ্থন লাভ কৰিবলৈ সমৰ্থ হৈছিল।

কিন্তু সৰ্বানন্দ সোণোৱালৰ বাবে ডাঙৰ প্ৰত্যাহ্বান আছিল অসম বিধানসভাত আহোম সম্প্ৰদায়ৰ প্ৰায় আধা ডজন বিধায়কৰ মাজৰ পৰা যোগেন মহনক মন্ত্ৰী হিচাপে লোৱাটো।

আহোমসকলৰ অনুসূচীত জনজাতিৰ মৰ্যাদা দিব নোৱাৰাৰ বাবে বেকফুটত থকা সোণোৱালে সম্প্ৰদায়টোক সন্তুষ্ট কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে।

২২ জানুৱাৰিত সোণোৱালে টাই-আহোম অধ্যুষিত অঞ্চলত এখন মেডিকেল কলেজ দিয়াৰ লগতে সম্প্ৰদায়টোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানত আসম সংৰক্ষণৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে।

বিজেপি চৰকাৰে লগতে পৰ্যাপ্ত পুঁজি অনুমোদনেৰে টাই আহোম উন্নয়ন পৰিষদ পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰো প্ৰতিশ্ৰুতি দিছে।

অসম যেতিয়া বিভিন্ন জনগোষ্ঠীয় গোট তথা সংস্কৃতিৰ এক মিশ্ৰিত ভূমি, বিজেপিয়ে “নিৰ্বাচনী লাভালাভ’’ৰ বাবে অনভিজ্ঞ তথা নতুন বিধায়কক মন্ত্ৰী হিচাপে দায়িত্ব দি যাবলৈ স্বাভাৱিকতে বাধ্য।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd