• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনঘোঁৰা চোৰাং সৰবৰাহৰ বাবে ভুৱা নথি ব্যৱহাৰ প্ৰাক্তন সৈনিকৰ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
March 11, 2020 7:48 pm
Ex-Army personnel use forged documents to smuggle feral horses from Dibru-Saikhowa National Park

ছবি-- নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন-ভাৰতীয় সেনাৰ ‘গেং’ এটা জাল নথিৰে উজনি অসমৰ বনঘোঁৰা চোৰাং সৰবৰাহত জৰিত আছিল।

এইটো প্ৰমাণ হৈছে যে ‘গেং’টোৱে নথি জাল কৰিছিল আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনঘোঁৰা পৰিবহণৰ বাবে তেওঁলোকৰ “সেনা নেটৱৰ্ক” ব্যৱহাৰ কৰিছিল।

Apply Now

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনঘোঁৰা চোৰাং সৰবৰাহত প্ৰাক্তন-সৈনিক জৰিত থকাৰ কথাটো ২ মাৰ্চত পোহৰলৈ আহিছিল।

ট্ৰাক এখনত নি থাকোতে উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাকুম বাইপাছত অসমৰ বন বিভাগৰ বিষয়াই যোৱা ২ মাৰ্চত ছটা বনৰীয়া ঘোঁৰা উদ্ধাৰ কৰিছিল।

AS01 JC 0457- নং ট্ৰাকখনত On Army Duty বুলি প্লাকাৰ্ড লগাই এই বনৰীয়া ঘোঁৰাকেইটা নি থকা হৈছিল।

দুজন প্ৰাক্তন সৈনিক—খগেন বৈশ্য আৰু অৰুণ পাল সিঙকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

তদন্তৰ সময়ত চুবেদাৰ খগেন বৈশ্যৰ পৰা উদ্ধাৰ হোৱা এক নথিয়ে বহুতৰে চকু কপালত তুলিছে।

নথিখন আছিল গুৱাহাটী ৰাইডিং এণ্ড প’ল’ ক্লাবে জাৰি কৰা এক কৰ্তৃত্ব পত্ৰ, জনৈক ডিট’জা কাৰ্ড’জাৰ বাবে জনৈক আশুতোষ (সম্ভৱতঃ লেফটেনেণ্ট কৰ্নেল আশুতোষ ত্ৰিপাঠী) স্বাক্ষৰিত।

নথিখন এক বিশেষ সেনা ফৰ্মেটত লিখা আছিল, “আমচাং বন অভয়াৰণ্যৰ ফৰেষ্ট ৰেঞ্জাৰসকলে তহলদাৰী কৰ্তব্যত ব্যৱহাৰৰ বাবে যোগান ধৰাৰ উদ্দেশ্যে ঘোঁৰাসমূহ গুৱাহাটীলৈ আনিবলৈ কৰ্তৃত্ব পত্ৰ।”

“কৰ্তৃত্ব পত্ৰ”খনে গুৱাহাটী বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া (DFO)ই জাৰি কৰা এক পত্ৰ (B/GWL/NGO/2020-21/282, dated February 13, 2020)ৰ প্ৰসংগ উল্লেখ কৰিছে।

গুৱাহাটী বন সংমণ্ডলৰ ডি এফ অ’ জিতেন্দ্ৰ কুমাৰক যোগাযোগ কৰাত তেওঁ নৰ্থইষ্ট নাওক জনায় যে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ঘোঁৰা পৰিবহণৰ বাবে তেওঁ গুৱাহাটী ৰাইডিং এণ্ড প’ল’ ক্লাবক কোনো পত্ৰ জাৰি কৰা নাই।

“গুৱাহাটী ৰাইডিং এণ্ড প’ল’ ক্লাবৰ বিষয়ববীয়াই তেওঁলোকৰ কৰ্পৰেট সামাজিক দায়িত্বৰ অংশৰূপে আমচাং বন অভয়াৰণ্যত মাউণ্টেড-পেট্ৰ’লিং যোগানৰ প্ৰস্তাৱেৰে আমাৰ কাষ চাপিছিল,” কুমাৰে কয়।

কুমাৰে কয় যে ঘোঁৰাৰে তহলৰ প্ৰস্তাৱটোত তেওঁ সন্মতি দিছিল কাৰণ এলেকাটো দুৰ্গম, আৰু আমচাং বন অভয়াৰণ্যৰ ভিতৰৰ পথসমূহ গাড়ী যাব পৰা নহয়।

“তেওঁলোকে মোৰ পত্ৰখনৰ অপব্যৱহাৰ কৰিছে, যিখন বিশেষভাৱে জাৰি কৰা হৈছিল আমচাং বন অভয়াৰণ্যত অশ্ব-তহলৰ অনুমতিৰ বাবে,” কুমাৰে কয়।

ডি এফ অ’জনে কয় যে পত্ৰখন ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনঘোঁৰা পৰিবহণৰ বাবে অপব্যৱহাৰ কৰা হৈছে বুলি অসমৰ বন বিভাগৰ বিষয়াই পোৱাত তেওঁ আচৰিত হৈছে।

“গুৱাহাটী ৰাইডিং এণ্ড প’ল’ ক্লাবৰ বাবে জাৰি কৰা পত্ৰখন মই তৎকালে বাতিল কৰিছো,” কুমাৰে কয়।

প্ৰাক্তন-সৈনিককেইজনে বনঘোঁৰা ছটা অবৈধভাৱে পৰিবহণ কৰা বুলি প্ৰমাণ হোৱাৰ পিছত অসমৰ বন বিভাগৰ বিষয়াই ৮ মাৰ্চত ঘোঁৰাকেইটা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়ে।

ইপিনে, বৈশ্য আৰু সিং দুয়োকে বনঘোঁৰা চোৰাং সৰবৰাহৰ চেষ্টা কৰাৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

বৈশ্য আৰু সিং দুয়ো স্বীকাৰ কৰিছে যে তেওঁলোকে বনৰীয়া ঘোঁৰাকেইটা লেফটেনেণ্ট কৰ্নেল (অৱসৰপ্ৰাপ্ত) আশুতোষ ত্ৰিপাঠীৰ নিৰ্দেশত গুৱাহাটীলৈ সৰবৰাহ কৰিছিল।

বাতৰি মতে, লেফটেনেণ্ট কৰ্নেল (অৱসৰপ্ৰাপ্ত) ত্ৰিপাঠীয়ে ভাৰতীয় সেনাৰ ই এম ই শাখাত কাম কৰিছিল, আৰু তেওঁ গুৱাহাটীৰ হৰ্ছ ৰাইডিং আৰু প’ল’ ক্লাবৰ এগৰাকী পৃষ্ঠপোষক।

বৈশ্য আৰু সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্তকাৰী বিষয়া এতিয়া সোধ-পোচৰ বাবে লেফটেনেণ্ট কৰ্নেল (অৱসৰপ্ৰাপ্ত) ত্ৰিপাঠীৰ সন্ধানত আছে।

অসমৰ বন বিভাগৰ বিষয়ববীয়াই জনোৱা মতে লেফটেনেণ্ট কৰ্নেল (অৱসৰপ্ৰাপ্ত) ত্ৰিপাঠী পলাতক অৱস্থাত আছে। তদন্তকাৰী সংস্থাসমূহে জানিব পৰা মতে ত্ৰিপাঠীৰ হছপিটেলিটি ব্যৱসায় আছে, আৰু পশ্চিম ভাৰতত তেওঁৰ ৰিজ’ৰ্ট আছে।

গুৱাহাটী ৰাইডিং এণ্ড প’ল’ ক্লাবটো যোৱা বছৰৰ ৩০ জুনত অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল।

ক্লাবটো সৰুসজাই ষ্টেডিয়ামৰ সমীপত অৱস্থিত। ক্লাবটোৱে ৰাষ্ট্ৰীয় জুনিয়ৰ অশ্বাৰোহণ টুৰ্নামেণ্ট আয়োজনৰ বাবেও যো-জা চলাই আছে।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd