DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘নিজৰ ঘৰ’ কংগ্ৰেছলৈ উভতি বাইদেৱে ক’লে, ‘সভাপতি ডাঙৰীয়া প্ৰাৰ্থী বাছনি কৰোতে ভুল নকৰিব’

অভিনেতা নয়ন নিৰ্বাণৰো কংগ্ৰেছত যোগদান

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 5, 2018 7:46 pm
Amiya Gogoi

অমিয়া গগৈয়ে এৰি থৈ যোৱা কংগ্ৰেছ দলত আজি পুনৰ যোগ দিয়ে। ৫ নৱেম্বৰত ৰাজীৱ ভৱনত। ফটো : য়ু বি।

936
VIEWS
Share on FacebookShare on Twitter

খং-অভিমানত ঘৰৰ পৰা ওলাই গৈছিল বাইদেউ। যোৱা আঢ়ৈটা বছৰ তেওঁ ঘৰলৈ অহা নাছিল। অৱশেষত বাইদেউৰ অভিমান কমিল। আজি উভতি আহিছে।

বাইদেউগৰাকী আন কোনো নহয়, দুলীয়াজান সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা অমিয়া গগৈ। বাইদেৱে আজি নিজৰ আপোন দল কংগ্ৰেছলৈ পুনৰ উভতি আহিল।

দলৰ নেতৃত্বৰ ওপৰত ক্ষুভিত হৈ বাইদেৱে যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে কংগ্ৰেছ ত্যাগ কৰিছিল। কংগ্ৰেছ এৰি ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত তেওঁ নিৰ্দলীয় হিচাপে দুলীয়াজান সমষ্টিৰ পৰা অৱতীৰ্ণও হৈছিল। পিছে জিকিব নোৱাৰিলে।

আজি খং-অভিমান সকলো এৰি অমিয়া গগৈয়ে তেওঁৰ প্ৰাণৰ আপোন কংগ্ৰেছ দলত পুনৰ যোগ দিলে। ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱত আৰু সভাপতি ৰিপুণ বৰায়ো ফুলাম গামোচা পিন্ধাই তেওঁক আদৰিলে।

Nayan Nirban
অভিনেতা নয়ন নিৰ্বাণে আজি কংগ্ৰেছ দলত যোগ দিয়ে। ৫ নৱেম্বৰত ৰাজীৱ ভৱনত। ফটো : য়ু বি।

এৰি থৈ যোৱা দলটোত পুনৰ যোগদান কৰি উৎফুল্ল দেখা গ’ল অমিয়া গগৈক। যোগদান অনুষ্ঠানত দিয়া ভাষণত তেওঁ কৈয়েই পেলালে, “মই কংগ্ৰেছীয়েই হয়। কংগ্ৰেছী আদৰ্শ মই এৰা নাই। মোৰ নিজৰ ঘৰখনলৈ আজি পুনৰ ঘূৰি আহিলো।”

ভাষণত কোনো লুক-ঢাক নাই। যোৱা নিৰ্বাচনত টিকট নোপোৱা বাবেই যে দল এৰিছিল সেই কথা খোলা-খুলিকৈয়ে কৈ দিলে। লগতে প্ৰকাশ কৰিলে সেই সময়ত দলৰ নেতৃত্বৰ প্ৰতি জন্মা ক্ষোভৰ কথা।

“নিৰ্বাচনৰ আগমুহূৰ্তলৈ কাম কৰি টিকট নোপোৱাটো দুখৰ কথা”, ব্যক্ত কৰিলে বাইদেৱে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি তেওঁ ২০১১ চনৰ পৰা ২০১৬ চনলৈ দুলীয়াজানৰ বিধায়িকা হৈ আছিল। তেওঁ অসম গেছ কোম্পানীৰো অধ্যক্ষা হিচাপে কাৰ্য্য নিৰ্বাহ কৰিছিল।

অৱশ্যে খং-অভিমান কমিলেও একেবাৰে নোহোৱা হোৱা নাই অমিয়া গগৈ বাইদেউৰ। গতিকে সভাপতি ৰিপুণ বৰাক সকীয়াই দি কয়, “সভাপতি ডাঙৰীয়া, প্ৰাৰ্থী বাছনি কৰোতে ভুল নকৰিব।”

অভিনেতা নয়ন নিৰ্বাণৰো কংগ্ৰেছত যোগদান

ইপিনে, অমিয়া গগৈৰ উপৰি আজি কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিলে জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বাণ বৰুৱাই। সাংস্কৃতিক ক্ষেত্ৰখনত থকাৰ উপৰি ৰাজনীতিৰ লগত জড়িত হৈ ৰাইজৰ সেৱা কৰাৰ মন বটদ্ৰৱা সমষ্টিৰ স্থায়ী বাসিন্দা অভিনেতা নয়ন নিৰ্বাণৰ।

মন কৰিব লগীয়া যে এই সমষ্টিত বিজেপিয়েও এগৰাকী অভিনেত্ৰী আঙুৰলতা ডেকাক প্ৰাৰ্থিত্ব দি জিকাই আনিছে যোৱা বিধানসভাৰ নিৰ্বাচনত। সাধাৰণ মানুহে এতিয়া আলোচনা কৰা কথাটো হ’ল- সমষ্টিটোত ভোটাৰৰ পচন্দলৈ চাই অহাবাৰ কংগ্ৰেছেও পচন্দৰ প্ৰাৰ্থী আগ বঢ়োৱাৰ বিকল্প পালে নেকি?

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd