• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপিশাসিত ৰাজ্যত চূড়ান্ত মনুবাদ! দলিতে ৰন্ধা খাদ্য খোৱাৰ বাবেই আৰএছএছ কৰ্মী আৰু তেওঁৰ পৰিয়ালক এঘৰীয়া সমাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 11, 2025 11:15 am
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন পূৰ্বে দলিতেৰন্ধা খাদ্য খাইছিল ৰাজ্যৰ এগৰাকী মন্ত্ৰীয়ে। কিন্তু সাধাৰণ মানুহে সেই দলিতৰ হাতেৰে খাদ্য খাই ৰোষৰ বলি হ’ল সমাজৰ। দলিত পৰিয়ালৰ সৈতে আহাৰ গ্ৰহণ কৰাৰ বাবে এগৰাকী আৰএছএছ কৰ্মী আৰু তেওঁৰ পৰিয়ালক সমাজৰ পৰা বৰ্জন কৰা হ’ল। ঘটনাটো সংঘটিত হৈছে বিজেপি শাসিত ৰাজ্যত।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ঘটনাটো মধ্যপ্ৰদেশৰ ৰাইসেন জিলাৰ এখন গাঁৱত ঘটিছে। ভৰত ৰাজ ধকড় নামৰ এজন আৰএছএছ কৰ্মীয়ে জনাইছে যে তেওঁ আৰু তেওঁৰ পৰিয়ালক গোটেই গাঁৱখনে সামাজিকভাবে বৰ্জন কৰিছে। কাৰণ তেওঁ আৰু তেওঁৰ দুজন আত্মীয়ই এটা দলিত পৰিয়ালৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰিছিল।

Apply Now

এই দলিত পৰিয়ালটোত বিবাহৰ অনুষ্ঠান আছিল। তাতে ভৰত আৰু তেওঁৰ আত্মীয়সকল গৈছিল। তাতে খাদ্য খোৱাৰ পিছতে গ্ৰামবাসীয়ে তেওঁলোকক বৰ্জন কৰাৰ কথা ঘোষণা কৰে। ভৰতে জনাইছে যে পিপাৰিয়া পাউৰিয়া গাঁৱৰ সন্তোষ পাৰোল নামৰ এজন বাসিন্দাৰ ঘৰত তেওঁলোকে আহাৰ গ্ৰহণ কৰিছিল।

ভৰত, মনোজ পেটেল, আৰু শিক্ষক সত্যেন্দ্ৰ ৰঘুবংশীয়ে সন্তোষৰ ঘৰত খাদ্য খায়। সেই আহাৰ গ্ৰহণৰ ভিডিঅ’টো সত্যেন্দ্ৰই ৰেকৰ্ড কৰিছিল। যি পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে কেইজনমান গ্ৰামবাসীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

ভৰতে জনাইছে যে এই ঘটনাৰ পিছতে পঞ্চায়তৰ এখন বৈঠক বহে। সেই বৈঠকত পঞ্চায়তৰ মুৰব্বীসহ কেইজনমান প্ৰভাৱশালী গ্ৰামবাসী উপস্থিত আছিল। তাতেই ভৰতহঁতক উদ্দেশ্যি কোৱা হয়, ‘দলিত পৰিয়ালৰ খাদ্য স্পৰ্শ কৰাটোও পাপ।’ বৈঠকত বহুতে প্ৰস্তাৱ দিয়ে যে তিনিজনৰে শুদ্ধিকৰণৰ প্ৰয়োজন আছে। তিনিওজনকে গংগাস্নান কৰাৰ নিৰ্দেশ দিয়া হয়।

পঞ্চায়তৰ চাপত পৰি সত্যেন্দ্ৰ আৰু মনোজ নিৰ্দেশ মানি গংগাস্নান কৰে। কিন্তু ভৰতে তাত সন্মতি নিদিলে। তেওঁ স্পষ্টকৈ জনাই দিলে যে এই নিৰ্দেশ সম্পূৰ্ণৰূপে অসাংবিধানিক। ইয়াৰ পিছতে ভৰত আৰু তেওঁৰ পৰিয়ালক বৰ্জন কৰা হয়। এতিয়াৰ পৰা গাঁৱৰ কোনো অনুষ্ঠানলৈ তেওঁলোকক নিমন্ত্ৰণ জনোৱা নহয়। কোনেও তেওঁলোকৰ সৈতে কথা নাপাতে। যাৰ ফলত তেওঁলোকে দিনে দিনে চূড়ান্ত অপমানৰ সন্মুখীন হৈছে। আৰক্ষীৰ ওচৰত অভিযোগ জনাইও কোনো সহাঁৰি পোৱা নাই।

ৰাজ্যৰ মন্ত্ৰী নৰেন্দ্ৰ শিৱাজী পেটেলৰ বিধানসভা এলেকা উদয়পুৰাতেই এই ঘটনাটো ঘটিছে। কিছুদিন পূৰ্বে এই মন্ত্ৰীগৰাকীয়েও এটা দলিত পৰিয়ালৰ ঘৰত গৈ আহাৰ গ্ৰহণ কৰিছিল। শান্তিপূৰ্ণ সহাৱস্থানৰ বাৰ্তা দিবলৈকে তেওঁ দলিতে ৰন্ধা খাদ্য খাইছিল। ইয়াৰ পিছতো গ্ৰামবাসীয়ে সেই বাৰ্তা গ্ৰহণ নকৰিলে।

জিলা উপায়ুক্ত অৰুণ কুমাৰ বিশ্বকৰ্মাই জনাইছে যে এই ঘটনাত ইতিমধ্যে এফআইআৰ দাখিল কৰা হৈছে। দোষীৰ বিৰুদ্ধে অতি শীঘ্ৰেই কঠোৰ ব্যৱস্থা লোৱা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd