• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সফল জগদীশ ভূঞাৰ ন্যায় যুঁজ! সেনাৰ সন্ত্ৰাসৰ বলি ডাঙৰীৰ ৫ যুৱকৰ পৰিয়ালে পালে ২০ লাখ টকাকৈ ক্ষতিপূৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2024 12:39 pm
77
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সেনাই ভুৱা এনকাউণ্টাৰৰ দ্বাৰা নৃশংসভাৱে হত্যা কৰা ডাঙৰীৰ ৫ জন যুৱকৰ পৰিয়ালে ভাৰত চৰকাৰৰ পৰা ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ লাভ কৰিছে। আদালতৰ নিৰ্দেশ অনুসৰি দুৰ্ভগীয়া পৰিয়ালকেইটাৰ একাউন্টত ৩১ জুলাই (বুধবাৰে) তাৰিখে ২০ লাখকৈ টকা জমা হৈছে ৷ এইক্ষেত্ৰত ন্যায় যুঁজৰ নেতৃত্ব দিয়া জাতীয়তাবাদী নেতা জগদীশ ভূঞাই সন্তুষ্টি প্ৰকাশ কৰিছে যদিও তেওঁ ইয়াক আংশিক জয় বুলিহে মত প্ৰকাশ কৰিছে।

নিজৰ সামাজিক মাধ্যমৰ এক দীঘলীয়া পোষ্টত ভূঞাই এই বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰিছে। ‘তেজে ধোৱা বুৰঞ্জীৰ ৩০ বছৰীয়া দস্তাবেজৰ শেষ পৃষ্ঠা’ বুলি শিৰোণাম দি লিখা পোষ্টটোত ভূঞাই লিখিছে, ‘’ভাৰতীয় সেনাই ভুৱা এনকাউণ্টাৰৰ দ্বাৰা নৃশংসভাৱে হত্যা কৰা ডাঙৰীৰ ৫ জন যুৱকৰ পৰিয়ালে কালি পালে ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ। কালি নিশা মোৰ এখন যুঁজ সমাপ্ত হ’ল । এইখন যুঁজত আমি চাগে’ আংশিকভাৱে জয়ী হলো, কাৰণ ভাৰত চৰকাৰে ক্ষতিপূৰণ দি যুৱককেইজন নিৰ্দোষী বুলি স্বীকাৰ কৰিলে ৷ সেইটো আমাৰ জয় ৷ কিন্তু হত্যাকাৰী সেনা বিষয়া কেইজনক শাস্তিৰ পৰা ৰেহাই দিলে, সেইবাবেই মই এই যুজঁৰ ফলাফলক আংশিক সফলতা বুলি কৈছো।‘’

উল্লেখ্য যে ৩০ বছৰ পূৰ্বে ৫ জন নিৰীহ যুৱকক সেনা বাহিনীয়ে ঘৰৰ পৰা উঠাই নি সেনা শিবিৰত নৃশংস নিৰ্যাতন চলাইছিল। কিন্তু সেনাই যুৱক কেইজনক  ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাজলৈ নি গুলিয়াই হত্যা কৰি উগ্ৰপন্থীৰ লগত এনকাউণ্টাৰ বুলি ঘোষণা কৰিছিল।

Apply Now

লগতে পঢ়কঃ ৯ বছৰ ধৰি নহ’ল স্বপ্নীলৰ পদোন্নতি; পদক লাভ কৰাৰ পিছতে ডাব’ল প্ৰমোচনৰ ঘোষণা ৰে’লৱেৰ

সেই ঘটনাৰ কথা উল্লেখ কৰি ভূঞাই লিখিছে, ‘’৩০ বছৰ পূৰ্বে ৫ জন নিৰীহ যুৱকক সেনা বাহিনীয়ে ঘৰৰ পৰা উঠাই নি সেনা শিবিৰত নৃশংস নিৰ্যাতন চলাইছিল। যুৱককেইজনৰ বাবে মই মহামান্য উচ্চ ন্যায়ালয়ত বন্দী প্ৰতক্ষীকৰণৰ আবেদন কৰিছিলো ৷ মহামান্য উচ্চ ন্যায়ালয়ে যুৱক কেইজনক নিকটৱৰ্তী দণ্ডাধীশৰ ওচৰত হাজিৰ কৰিবলৈ সেনাক নিৰ্দেশ দিলে ৷ কিন্তু ইতিমধ্যেই যুৱককেইজনক নৃশংস ভাৱে নিৰ্যাতন চলোৱা হৈছিল ৷ সেই নিৰ্যাতন ইমান ভয়ঙ্কৰ আছিল যে কোনোবাজনৰ যদি চকু ফুটাই দিয়া হৈছিল, কোনোবাজনৰ আঁঠুৰ ঘিলা ভাঙি দিয়া হৈছিল ৷ আন কোনোবাজনৰ জিভা কাটি দিছিল ৷ গতিকে যুৱক কেউজনক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰিব পৰা অৱস্থাত নাছিল বাবেই সেই ৫ জন যুৱকক ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাজলৈ নি গুলিয়াই হত্যা কৰি উগ্ৰপন্থীৰ লগত এনকাউণ্টাৰ বুলি সেনাই ঘোষণা কৰিলে।‘’

ইয়াৰ পিছতে ভূঞাই পুনৰ আদালতত লেখ আবেদন দাখিল কৰে ৷ CBI তদন্ত, উচ্চতম ন্যায়ালয়, সেনাৰ ক’ৰ্ট মাৰ্শ্বেল আদি দীঘলীয়া পৰিক্ৰমাৰ সূদীৰ্ঘ ২৯ বছৰৰ পিছত ন্যায়ালয়ে ক্ষতিপূৰণৰ নিৰ্দেশ দিয়ে আৰু ৩০ বছৰৰ পিছত বুধবাৰেপৰিয়াল সমূহে ২০ লাখ টকাকৈ ক্ষতিপূৰণ লাভ কৰে।

লগতে পঢ়কঃ মৃতকৰ সংখ্যা ৩০০ অতিক্ৰম! দুৰ্দশাগ্ৰস্ত ৱায়ানাডৰ উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰা হৈছে ড্ৰ’ন

ভূঞাই তেওঁৰ ন্যায় যুঁজখনৰ সময়ছোৱাত সহায় সহযোগ কৰা ব্যক্তিসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে আন কিছুমান দায়িত্বশীল ব্যক্তিৰ উদাসীনতাকো আঙুলিয়াই দিছে। তেওঁ লিখিছে, ‘’এই যুঁজখনৰ ফলাফলত নি:স্ব আৰু অখ্যাত কেইজনমান সাধাৰণ ভাবে জীৱন নিৰ্বাহ কৰা চকীদাৰ, নাৱৰীয়া আদিৰ দৰে সাহসী ব্যক্তিৰ অপৰিসীম ত্যাগ জড়িত আছে আৰু নৈতিকভাৱে দায়িত্ব ল’ব লগা বহু ডাঙৰ আৰু বিখ্যাত নেতা এই যুঁজ খনৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিল ৷ এই ৩০ বছৰত দায়িত্ব লব লগা সকলে মোক কেতিয়াও এবাৰো নুসুধিলে যে যুঁজখন কি পৰ্যায়ত আছে! আদালতৰ ৰায়দানৰ পিছতো সেই সকলে মোক ফোন এটা কৰিও খবৰ ল’বলৈ বোধহয় আহৰি নাপালে। যি কি নহওক, যিকোনো সামাজিক ন্যায়ৰ যুঁজত সাধাৰণ লোকসকলেই সকলো ত্যাগ স্বীকাৰ কৰে আৰু নিৰাপদ দূৰত্বত থকা সকলে সকলো সুফল ভোগ কৰে।‘’

॥তেজে ধোৱা বুৰঞ্জীৰ ৩০ বছৰীয়া দস্তাবেজৰ শেষ পৃষ্ঠা ॥

ভাৰতীয় সেনাই ভুৱা এনকাউণ্টাৰৰ দ্বাৰা নৃশংসভাৱে হত্যা কৰা ডাঙৰীৰ ৫ জন যুৱকৰ পৰিয়ালে কালি পালে ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ

কালি নিশা মোৰ এখন যুঁজ সমাপ্ত হ’ল ।

এইখন যুঁজত আমি চাগে’ আংশিকভাৱে জয়ী হলো, কাৰণ ভাৰত চৰকাৰে ক্ষতিপূৰণ… pic.twitter.com/7J8KWcgMVw

— Office of Jagadish Bhuyan (@OfficeOfJB) August 1, 2024

এই ন্যায় যুঁজখনৰ নেতৃত্ব দি পোৱা সফলতাৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰি ভূঞাই লিখিছে,  ‘’এই ৩০ বছৰীয়া যুঁজ খনত কি পালো বা কি হেৰুৱালো সেয়া বিচাৰৰ ভাৰ সময়ৰ হাতত দিলো ৷ কিন্তু এটা সফলতা নিশ্চিত ভাৱে হৈছে সেয়া হ’ল, ভবিষ্যতলৈ কোনো নিৰীহ ব্যক্তিক যদি ক্ষমতাৰ অপব্যৱহাৰ কৰি অন্যায় ভাৱে আৰক্ষী বা নিৰাপত্তা বাহিনীয়ে হত্যা কৰে, ইতিহাসৰ পুনৰাবৃত্তি হ’ব, আৰু কোনোবা জগদীশ ভূঞাই ৩০ বছৰ যুঁজি হ’লেও দোষীক শাস্তি দিবলৈ সক্ষম হ’ব। এয়াই আমাৰ দেশৰ গণতন্ত্ৰৰ মাদকতা ৷ পলম হ’লেও যুঁজি থাকিলে এদিন ন্যায় পোৱা যায়।‘’ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd