• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জেন-জিৰ প্ৰতিবাদৰ দ্বাৰা অনুপ্ৰাণিত কৃষক আন্দোলন : মধ্যপ্ৰদেশ চৰকাৰে মানি ল’লে দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2026 1:03 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন দিল্লীৰ যন্তৰ-মন্তৰত ‘জেন-জি’ প্ৰজন্মৰ ধাৰাবাহিক প্ৰতিবাদৰ ফলশ্ৰুতিত কেন্দ্ৰীয় চৰকাৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক বৰ্খাস্ত কৰিবলৈ বাধ্য হোৱা ঘটনাৰ কেইদিনমানৰ পাছতেই মধ্যপ্ৰদেশতো অনুৰূপ এক প্ৰতিবাদ দেখা গৈছে। ৰাজ্যখনত সংঘটিত এক বৃহৎ কৃষক আন্দোলনে চৰকাৰক সেও মনাবলৈ সক্ষম হৈছে।

যোৱা ২৭ জুলাইৰ সন্ধিয়া মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত হাজাৰ হাজাৰ কৃষকে কেইটামান মুখ্য দাবী লৈ উপস্থিত হয়। প্ৰতিবাদকাৰী কৃষকসকল মূলতঃ বিদিশা, চিহোৰ, ৰাইচেন, নৰ্মদাপুৰম আদি জিলাৰ পৰা আহিছিল। ইয়াৰে বহু কৃষকে প্ৰায় ১০০ কিলোমিটাৰ পথ খোজকাঢ়ি ভূপালত উপস্থিত হৈছিলহি। তেওঁলোকে লগত এসপ্তাহৰ বাবে প্ৰয়োজনীয় খাদ্য-সামগ্ৰীও লৈ আহিছিল।

Apply Now

প্ৰতিবাদকাৰীসকলক মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ যোৱাত বাধা দিবলৈ আৰক্ষীয়ে বেৰিকেড, বাছ আৰু ডাম্পাৰ ব্যৱহাৰ কৰিছিল। কিন্তু কৃষকসকলে পিছুৱাই যোৱাৰ পৰিৱৰ্তে ৰাজপথতে বহি প্ৰতিবাদ আৰম্ভ কৰে আৰু খাদ্য ৰান্ধি প্ৰশাসনক মুকলি প্ৰত্যাহ্বান জনায়।

কৃষকসকলৰ মূল দাবীসমূহ আছিল – নূন্যতম সমৰ্থন মূল্য অৰ্থাৎ প্ৰতি কুইণ্টল মগু ৮,৭৫০ টকাৰ নূন্যতম সমৰ্থন মূল্যত ক্ৰয় কৰিব লাগিব। চৰকাৰে বৰ্তমানৰ ২৫ শতাংশৰ সলনি অধিক পৰিমাণৰ শস্য ক্ৰয় কৰিব লাগিব আৰু সাৰ ক্ৰয়ৰ বাবে থকা হাৰাশাস্তিমূলক টোকেন ব্যৱস্থা বাতিল কৰিব লাগিব। লগতে, মগু ক্ৰয়ৰ সময়সীমা বৃদ্ধি কৰাৰ দাবী জনাইছিল কৃষক সকলে।

প্ৰতিবাদৰ কেইদিনমানৰ ভিতৰতে ৰাজ্য চৰকাৰে কৃষকসকলৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। এখন মন্ত্ৰী পৰ্যায়ৰ সমিতিয়ে প্ৰায় দুঘণ্টা ধৰি কৰা আলোচনাৰ অন্তত বুধবাৰে চৰকাৰে কৃষকসকলৰ অধিকাংশ দাবী মানি লয়।

কৃষকৰ পৰা মুঠ উৎপাদনৰ ৬০ শতাংশ মগু ক্ৰয় কৰিবলৈ চৰকাৰ সন্মত হয় । কৃষকসকলেও ১০০ শতাংশ ক্ৰয়ৰ দাবীৰ পৰা আঁতৰি আহি এই প্ৰস্তাৱ গ্ৰহণ কৰে।

লগতে, সাৰৰ টোকেন ব্যৱস্থা বাতিল কৰা হয়। কৃষকসকলে অভিযোগ কৰিছিল যে এই ব্যৱস্থাত আগতীয়াকৈ টোকেন ল’ব লগা হোৱাৰ লগতে ইণ্টাৰনেট বা যান্ত্ৰিক বিজুতিৰ বাবে বহু সময় নষ্ট হয়। ইয়াৰ উপৰিও মগু ক্ৰয়ৰ সময়সীমা আগন্তুক ২০ আগষ্টলৈ বৃদ্ধি কৰা হয়।

প্ৰতিবাদৰ সময়ত কৃষকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো কঠোৰ সমালোচনা কৰে। জেন-জি প্ৰতিবাদকাৰীসকলৰ নিৰ্ভীকতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ কৃষকসকলে আৰক্ষীলৈকো ভয় নকৰা বুলি উল্লেখ কৰি ব্যংগাত্মকভাৱে কয়, “গা ধুবলৈ পানী লাগে, আৰক্ষীয়ে পানীহিলৈ মাৰিলেও আমাৰ কোনো সমস্যা নাই।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd