• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিক চৰকাৰ ভংগ কৰি পুনৰ নিৰ্বাচনৰ মুখামুখি হোৱাৰ প্ৰত্যাহ্বান প্ৰফুল্ল মহন্তৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 8, 2019 7:10 pm
দিচপুৰৰ হোটেল ৰাজধানী ৰিজেন্সিত আজি সংবাদমেল সম্বোধন কৰা অৱস্থাত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

দিচপুৰৰ হোটেল ৰাজধানী ৰিজেন্সিত আজি সংবাদমেল সম্বোধন কৰা অৱস্থাত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

965
VIEWS
Share on FacebookShare on Twitter

মিত্ৰজোঁটৰ চৰকাৰৰ পৰা অগপ ওলাই অহাৰ পাছতেই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন নীতিগত কাৰণত ভংগ কৰাৰ দাবী জনাইছে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল কুমাৰ মহন্তই।

মঙলবাৰে দিচপুৰৰ হোটেল ৰাজধানী ৰিজেন্সিত এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এই দাবী উত্থাপন কৰে।

কেৱল ইমানেই নহয়, বিজেপিক ‘সাহস আছে যদি পুনৰ নিৰ্বাচনৰ মুখামুখি হওক’ বুলি তেওঁ প্ৰত্যাহ্বান জনায়।

“প্ৰাক্ নিৰ্বাচনী বুজাবুজিৰ জৰিয়তে গঠন কৰা এই মিত্ৰজোঁটৰ চৰকাৰখনৰ পৰা অংশীদাৰ অসম গণ পৰিষদে অংশীদাৰইত্ব ছেদ কৰাৰ পাছত নীতিগতভাৱে সেইখন চৰকাৰ শাসনত থকাৰ কোনো অধিকাৰ নাই”, প্ৰফুল্ল মহন্তই কয়।

তেওঁ লগতে বিজেপিক এই প্ৰত্যাহ্বান গ্ৰহণ কৰি পুনৰ নিৰ্বাচনেৰে এখন চৰকাৰ গঠন কৰি দেখুৱাবলৈ আহ্বান জনায়।

বিজেপি মন্ত্ৰী-বিধায়কসকলে সততে ‘বিজেপি চৰকাৰ’ বুলি কৈ থকাৰ বিপৰীতে এই চৰকাৰখন প্ৰকৃততে ‘সন্মিলিত চৰকাৰ’ বা ‘মৰ্চা চৰকাৰ’-এহে অসমত শাসন কৰি আছিল বুলি কোৱাৰ উপৰি অগপ আৰু বিপিএফৰ সৈতে মিত্ৰতা নকৰাকৈ বিজেপিয়ে কেৱল নিজৰ বলেৰে চৰকাৰ গঠন কৰাৰ ক্ষমতা নাছিল বুলি প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই মন্তব্য কৰে।

একেদৰে এই চৰকাৰখনে ‘সন্মিলিত চৰকাৰ’ৰ নীতি-আদৰ্শ ভংগ কৰি আহাৰ অভিযোগ কৰি ‘বিজেপিয়ে সকলো সিদ্ধান্ত নিজাববীয়াকৈ গ্ৰহণ কৰি অংশীদাৰী দলসমূহৰ ওপৰত সেইবোৰ জাপি দিবলৈ চেষ্টা কৰি আহিছে’ বুলিও মহন্তই মন্তব্য কৰে।

ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত বিজেপিয়ে কৈ অহা চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু বাংলাদেশত হিন্দু, শিখ বৌদ্ধসকল নিৰ্যাতনৰ বলি হৈ অহা কথাকো উভতি ধৰে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্তই।

তেওঁ এই দেশ দুখনৰ পৰা কিমান হিন্দু, শিখ, বৌদ্ধ আদি ধৰ্মৰ লোক ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতত আশ্ৰয় লৈ থাকিব লগীয়া হৈছে সেই তথ্য দাঙি ধৰিবলৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd