• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত আকৌ জুই জ্বলাই থৈ গ’ল অমিত শ্বাহে : তৰুণ গগৈ

অনির্বান পাঠক by অনির্বান পাঠক
February 18, 2019 9:07 pm
18-02-19 Guwahati- Tarun Gogoi press meet (2)

সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্য সভাত উত্থাপনত বিজেপি ব্যৰ্থ হোৱাৰ পাছত লাহে লাহে প্ৰশমিত হৈছিল বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূবৰ ৰাইজৰ ক্ষোভ। কিন্তু তেনে অৱস্থাতে অসমলৈ আহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ২০১৯ ত বিজেপিৰ চৰকাৰ আহিলে বিধেয়কখন পুনৰ আনিব বুলি সদম্ভ ঘোষণা কৰিলে।

অসম তথা উত্তৰ-পূবৰ ৰাইজ আৰু দল সংগঠনে ব্যাপক ৰূপত বিৰোধিতা কৰা বিধেয়কখন পুনৰ উত্থাপিত হ’ব বুলি হুংকাৰ দিয়াৰ পাছতেই অমিত শ্বাহৰ এই বক্তব্যত বিজেপিয়ে যে জনমতক সন্মান নকৰে সেই কথা প্ৰতিপন্ন হোৱা বুলি মন্তব্য কৰিছে বিৰোধী কংগ্ৰেছে।

Apply Now

সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি বিজেপি আৰু অমিত শ্বাহৰ বিৰুদ্ধে সৰৱ হয় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।

তৰুণ গগৈয়ে কয়, ‘বিধেয়কখনৰ বিৰুদ্ধে অসমত জ্বলি থকা জুইকুৰা লাহে লাহে নুমাই গৈছিল, কিন্তু অমিত শ্বাহে সেই জুইকুৰা জ্বলাবলৈ ধৰিছে। তেওঁলোকৰ ৰাজনীতিয়েই হৈছে বিভেদকামী ৰাজনীতি। ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ আছে। অসমত সংঘাট সৃষ্টি কৰি তেওঁলোক আকৌ ক্ষমতালৈ আহিব বিচাৰিছে।‘

উত্তৰ-পূবৰ দল-সংগঠনৰ উপৰিও বিজেপিৰ সহযোগী দল আনকি মণিপুৰৰ বিজেপি চৰকাৰেও বিধেয়কখন বিৰোধিতা কৰাৰ পাছতো লখিমপুৰত কৰা অমিত শ্বাহৰ এই ঘোষণাই দলটোৰ গণতন্ত্ৰ আৰু এই অঞ্চলৰ মানুহৰ আবেগ, ভাষা, সাহিত্য, সংস্কৃতিৰ ওপৰত যে আস্থা নাই সেই কথা প্ৰমাণিত হোৱা বুলি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

‘অসমত যদি আমি অসমীয়া মানুহৰ স্বাৰ্থ ৰক্ষা, উন্নয়ন, সমন্বয় বিচাৰো এই মোদী চৰকাৰক পৰাস্ত কৰিবই লাগিব’, তৰুণ গগৈয়ে সংবাদমেলত কয়। লগতে যিয়েই মোদী চৰকাৰৰ বিৰুদ্ধে যাব তেওঁলোকৰ লগতেই কংগ্ৰেছ থাকিব বুলিও গগৈয়ে মন্তব্য কৰে।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে উন্নয়নৰ দিশত ব্যৰ্থ হৈ এতিয়া ৰাম মন্দিৰ, হিন্দুত্ব, নাগৰিকত্ব সংশোধনী বিধেয়ক আদিৰ প্ৰচাৰেৰে পুনৰ শাসনলৈ আহিব বিচাৰিছে বুলিও গগৈয়ে কটাক্ষ কৰে।

বিজেপিয়ে ‘অসমখন কাশ্মীৰ হ’বলৈ গৈ আছে’ বুলি কোৱা মন্তব্যৰ উদ্ধৃতিৰে তৰুণ গগৈয়ে দলটোৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি কয়, ‘অসমতো সন্ত্ৰাসবাদ আছিল, আমি ১৫ বছৰীয়া শাসনকালত সেই সন্ত্ৰাসবাদ দমন কৰিছিলো। তোমালোকে কিন্তু কাশ্মীৰৰ সন্ত্ৰাসবাদ দমন কৰিব পৰা নাই, সন্ত্ৰাসবাদ বাঢ়িছেহে।‘

অসম কেতিয়াও কাশ্মীৰ নহয় বুলি দাবী কৰি অসমৰ জনসংখ্যা কেৱল মুছলমান বসতিপ্ৰধান অঞ্চলতেই বঢ়া নাই বৰঞ্চ বেছিভাগ হিন্দু বসতি প্ৰধান অঞ্চলতহে জনসংখ্যা বৃদ্ধি পোৱা বুলি তেওঁ তথ্য দাঙি ধৰে।

একেদৰে, সংবাদমেলখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অমিত শ্বাহৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিজেপিয়ে অসম ধ্বংস কৰাৰ ব্লু-প্ৰিন্ট ৰচনা কৰিছে। বিজেপিয়ে বিধেয়কখনক লৈ সদনত মুখ থেকেচা খোৱাৰ পাছতো আঁকোৰগোজ স্বভাৱ এৰিব বিচৰা নাই বুলিও বৰাই মন্তব্য কৰে।

একেখন সংবাদমেলতে তৰুণ গগৈয়ে নিজকে ‘দেশৰ চকীদাৰ’ বুলি পৰিচয় দিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি কয়, ‘চকীদাৰ ইমান ধনী কেনেকৈ হ’ল? ‘চকীদাৰ’ প্ৰধান মন্ত্ৰীৰ পাৰ্টি অফিচটো কিমান ডাঙৰ! অসমতো এতিয়া ৯ মহলীয়া অট্টালিকা বনাব। তেনেকুৱা চকীদাৰ হোৱাই ভাল দেখোন।‘

বিজেপিয়ে ন মহলীয়া কাৰ্যালয় নিৰ্মাণৰ পৰিকল্পনা কৰাৰ বিপৰীতে ৰাজ্যৰ স্বাস্থ্য খণ্ড, খোৱাপানী, বিদ্যুত যোগান, নিবনুৱা সমস্যা দূৰীকৰণকে ধৰি সকলো ধৰণৰ উন্নয়ন স্তব্ধ হৈ গৈছে বুলিও গগৈয়ে চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হয়।

বিজেপি পুনৰ শাসনলৈ আহিলে অসমৰ ভবিষ্যত অন্ধকাৰলৈ যাব বুলিও প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd