• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইণ্টাৰনে’টত শিকি খেলনা গাড়ীৰ পৰা ৰে’ললৈকে বিস্ফোৰণ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 23, 2018 6:19 pm
manipuribasti blast photo

বিনোদ বড়ো। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুতলা গাড়ীত বিস্ফোৰণ ঘটাই ক্ষান্ত নাথাকি ঢাপলি মেলিছিল ৰে’লগাড়ী উৰুৱাই দিবলৈ। তাতেই লাগিল কেণাটো। মহানগৰ আৰক্ষীৰ জেৰাত ওলাল উৰহী গছৰ ওৰ।

মণিপুৰীবস্তিৰ পুতলা গাড়ী বিস্ফোৰণৰ ঘটনাত শনিবাৰে বিনোদ বড়ো নামৰ লোকজনক জিম্মাত লৈছিল মহানগৰ আৰক্ষীয়ে। যোৱা ৭ ডিচেম্বৰত বাক্সা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বড়োক মহানগৰ আৰক্ষীয়ে জিম্মাত লৈ জেৰা চলোৱাৰ পাছত ওলাই পৰিল মণিপুৰীবস্তিৰ ঘটনাৰ লগতে আৰু বহু কথা।

Apply Now

যোৱা ১৩ নৱেম্বৰত মণিপুৰীবস্তিত এখন পুতলা গাড়ীৰে খেলি থকা অৱস্থাত গাড়ীখন বিস্ফোৰিত হোৱাত গুৰুতৰভাৱে আহত হৈছিল এগৰাকী ৮ বছৰীয়া কন্যা। মহানগৰ আৰক্ষীৰ জেৰাত ধৃত বড়োৱে গাড়ীখনত হস্তনিৰ্মিত বোমা সংস্থাপিত কৰি শিশুটিৰ ঘৰৰ সন্মুখত থৈ অহা বুলি স্বীকাৰ কৰাৰ কথা মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত দিগন্ত বৰাই জানিবলৈ দিয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে প্ৰকৃততে বিনোদৰ লক্ষ্য শিশুটি নাছিল। লক্ষ্য আছিল শিশুটিৰ মোমায়েক।

‘ভুক্তভোগী শিশুটিৰ মোমায়েকে পুৰণি গাড়ীৰ ব্যৱসায় কৰে। তেওঁ বিনোদ বড়োৰ পৰাও এখন ডি আই গাড়ী কিনিছিল কিন্তু তাৰ বাবদ দিবলগীয়া টকা আদায় দিয়া নাছিল। বিনোদে টকা খুজি খুজি অতিষ্ঠ হৈ পৰিছিল। পাছত প্ৰতিশোধ ল’বলৈ তেওঁ নিজে এটা বোমা তৈয়াৰ কৰি পুতলা গাড়ীখনত সংস্থাপন কৰি সেই লোকজনক লক্ষ্য কৰি গাড়ীখন থৈ আহিছিল’, যুটীয়া আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয়।

কেৱল মণিপুৰীবস্তিৰ বিস্ফোৰণেই নহয়, আৰু দুটা বিস্ফোৰণ সংঘটিত কৰিছিল বিনোদ বড়োৱে।

মণিপুৰীবস্তিৰ ঘটনাত সফল হোৱাৰ পাছত ডাঙৰ সপোন দেখিছিল বিনোদে। তেৱেঁই যোৱা ১ ডিচেম্বৰত ওদালগুৰি জিলাৰ হৰিশিঙাত ইন্টাৰচিটি এক্সপ্ৰেচত সংঘটিত বোমা বিস্ফোৰণো কৰিছিল।

ইয়াৰ পাছত ৫ ডিচেম্বৰত বাক্সা জিলাৰ গোৰেশ্বৰত কৈলাশ বড়ো নামৰ লোক জনৰ ঘৰৰ পাছফালে এটা হস্তনিৰ্মিত বোমা উদ্ধাৰ হোৱা ঘটনাৰ পাছত ৭ ডিচেম্বৰত বাক্সা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে বিনোদ বড়োৱে ইন্টাৰনে’টৰ সহায় লৈ চকলেট ব’মৰ খাৰ ব্যৱহাৰ কৰি নিজে বোমা তৈয়াৰ কৰিছিল। লগতে বোমা প্ৰস্তুত কৰাৰ লগতে বিস্ফোৰণ ঘটোৱাত সফল হোৱাৰ পাছত বি এফ ডি এন নামৰ এটা সংগঠনো খুলি লৈছিল।

সংগঠনটোৰ অস্তিত্ব জাহিৰ কৰিবলৈয়ে বিনোদে ইন্টাৰচিটি এক্সপ্ৰেচত বিস্ফোৰণ ঘটাইছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰাৰ কথা জানিব পৰা গৈছে। লগতে মণিপুৰীবস্তিৰ বিস্ফোৰণৰ আগত নিজৰ ঘৰৰ বাৰীৰ পাছফালে পৰীক্ষামূলকভাৱেও এটা বিস্ফোৰণ ঘটোৱাৰ কথা আৰক্ষীয়ে জানিবলৈ দিছে।

যুটীয়া আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে মণিপুৰীবস্তিত ফৰেনচিক গৱেষকৰ দলে পৰীক্ষা কৰি লাভ কৰা বিস্ফোৰক আৰু হৰিশিঙাৰ বিস্ফোৰণত ব্যৱহৃত বিস্ফোৰক একেই আছিল বাবেই তেওঁৰ ওপৰত মহানগৰ আৰক্ষীৰ সন্দেহ হৈছিল। লগতে আৰক্ষীয়ে তদন্ত কৰি ১৩ নৱেম্বৰৰ দিনা বিনোদ বড়ো গুৱাহাটীত থকাতো নিশ্চিত হৈছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd