• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গেইলৰ দাদাগিৰি! : ভূমিৰ গৰাকীক প্ৰাপ্য ধন মুকলাই নিদিয়াকৈ চলাই আছে পাইপ লাইনৰ কাম

NE NOW NEWS ইয়াছিন আলী
বঙাইগাঁও , January 4, 2021 12:20 pm

2 min read

index.jpgx
230
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানা তথা মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং কাৱাদীত গেছ অথ’ৰিটি ইণ্ডিয়া লিমিটেড(GAIL) কৰ্মচাৰীয়ে দাদাগিৰি চলাই থকাৰ অভিযোগ উত্থাপন হৈছে।

সম্প্ৰতি গেইলৰ পাইপ লাইনৰ কাম চলি আছে ১ নং কাৱাদী গাঁৱত। এই গাঁৱখনৰ যিসকল লোকৰ মাটিৰ ওপৰেৰে এই পাইপ লাইন গৈছে সেই লোকসকলক এতিয়ালৈকে এটকাও লাভ কৰা নাই বুলি অভিযোগ কৰিছে ভুক্তভোগীসকলে।

ইফালে বিভিন্ন ভয়-ভাবুকিৰে পাইপ লাইনৰ কাম চলাই আছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। অভিযোগ অনুসৰি যদি কোনো স্থানীয় লোকে ধন অৰ্থাৎ ভূমি ক্ষতিপূৰণ নোপোৱালৈকে কাম বন্ধ ৰাখিবলৈ কয় তেতিয়াই সেইজনৰ ওপৰত গেইল ইণ্ডিয়াৰ কৰ্মচাৰীয়ে নানা ভয় ভাবুকি দিয়ে।

ভালদৰে কাম কৰিবলৈ নিদিলে আৰ্মী-পুলিচ লগাই জে’লত ভৰাই থোৱা, ৰাতিৰ ভিতৰতে অপহৰণ কৰাৰ লগতে মৃত্যুৰ ভাবুকিও প্ৰদান কৰি পাইপ লাইনৰ কাম চলাই থকাৰ অভিযোগ কৰিছে ভুক্তভোগীয়ে।

কিন্তু এইক্ষেত্ৰত নীৰৱ প্ৰশাসন। মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ গেইলৰ কৰ্মচাৰীৰ লগত মিতিৰালি কৰি ওলোটাই ৰাইজক বুজনি দিয়া বুলিও ৰাইজে অভিযোগ কৰিছে স্থানীয় লোকে।

আনকি মাণিকপুৰ ৰাজহ চক্ৰ বিষয়া গৰাকীও এই ক্ষেত্ৰত বিশেষ ভুমিকা লোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

এই পাইপ লাইনৰ কাম হৈ থকাৰ ফলত সেই গাঁওখনৰ দুখীয়া লোকসকলৰ ঘৰ, ঘৰৰ ভেটি বোৰত ফাঁট মেলিছে। বহু গছ গছনি কাটি তহিলং কৰিছে যাৰ বাবে এই অঞ্চলৰ লোকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

সেয়েহে এই অঞ্চলৰ ভুক্তভোগী লোকসকলে এক উচিত তদন্ত বিচাৰিছে আৰু প্ৰাপ্য ধন মোকলাই নিদিয়া পৰ্যন্ত এই কাম বন্ধ ৰাখিবলৈ জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰক সজোৰে দাবী জনাইছে।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd