DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৰিয়া মৰিয়া দেশী লোকসকলৰ সুকীয়া জৰীপ আৰু উন্নয়ন নিগম গঠন কৰিবলৈ দাবী

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিশ্বনাথ সদৰ আঞ্চলিকৰ সাধাৰণ সভা

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
October 12, 2020 12:05 pm
a IMG20201011123550
299
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ ঘাটত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বিশ্বনাথ সদৰ আঞ্চলিকৰ এখন সম্প্ৰসাৰণ সভা অনুষ্ঠিত হয় ।

সভাত প্ৰায় শতাধিক পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে । সভাত বিশ্বনাথ জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ ৰাজ্যিক সাধাৰণ সম্পাদক (প্ৰশাসন) অধিবক্তা মইনুল ইছলামৰ উপৰি বিশ্বনাথ জিলা সমিতিৰ সভাপতি আফতাব উদ্দিন আহমেদ, উপ সভাপতি কাজি নজৰুল ইছলাম, সাধাৰণ সম্পাদক (সংগঠন) নেকিব আহমেদ, সহকাৰী সাধাৰণ সম্পাদক আচিফ আলি, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰেকিব আলি আহমেদ, ঘাঁহিগাওঁ আঞ্চলিকৰ যুটীয়া সাধাৰণ সম্পাদক হবিবুৰ ৰহমান আদি উপস্থিত থাকে ।

সভাত ৰাজ্যিক সাধাৰণ সম্পাদক (প্ৰশাসন) অধিবক্তা মইনুল ইছলামে কয় যে গৰিয়া মৰিয়া দেশী লোক সকলে নিজৰ অধিকাৰ প্ৰাপ্য বিচৰা বাবে এচাম বংগমূলীয় লোকে সংগঠনটোৰ সদস্য সকলক সমাজ বিভাজনকাৰী বুলি আখ্যা দিয়াটোৱে তেওঁলোকৰ সুবিধাবাদী চৰিত্ৰ উদঙাই দিছে ।

তেওঁ লগতে অসম চৰকাৰে বিধান সভাত কৰা ঘোষণা মতে গৰিয়া মৰিয়া দেশী লোক সকলৰ সুকীয়া জৰীপ কৰিবলৈ আৰু উন্নয়ন নিগম গঠন কৰিবলৈ দাবী জনায় ।

চাহ জনগোষ্ঠীয় লোকসকলক জনজাতিৰ মৰ্য্যদা দিবলৈ চৰকাৰে বিবেচনা কৰাৰ পৰিৱৰ্তে অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত গৰিয়া মৰিয়া দেশী লোক সকলৰ সুকীয়া জৰীপত বিলম্ব কৰা কথাটোত সংগঠনটোৱে এক ৰাজনৈতিক অভিসন্ধিৰ গোন্ধ পোৱা বুলি ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰে ।

 সভাত সৰ্বসন্মতি ক্ৰমে বিশ্বনাথ সদৰ আঞ্চলিকৰ পদবীৰ কিছু সালসলনি কৰি সভাপতি অধিবক্তা তৌফিক আহমেদক সহায় কৰিবলৈ সম্পাদকৰ দায়িত্বত থকা আজিজুৰ ৰহমানক কাৰ্যকৰী সভাপতি দায়িত্ব অৰ্পণ কৰা হয় । লগতে সভাই দাৰাজ আহমেদক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰে ।

Recent News

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd