• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2026 10:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বানপীড়িত অঞ্চলৰ জনসাধাৰণৰ সহায়ৰ অৰ্থে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটি প্ৰতিনিধি দলে দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ সাহায্য আগবঢ়ায়। বানপানীৰ সময়ত বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা বিভিন্ন সাহায্য আৰু সংৰক্ষণমূলক পদক্ষেপৰ অংশ হিচাপে এই অনুদান আগবঢ়োৱা হয়।

 

Apply Now

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ নেতৃত্বত প্ৰতিনিধি দলটোৱে লোক ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি চেক অৰ্পণ কৰে। বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে স্ব-ইচ্ছাই এদিনৰ দৰমহা আগবঢ়োৱাৰ লগতে অ-শিক্ষক, বিষয়া তথা কৰ্মচাৰীসকলৰ অৱদানৰ জৰিয়তে ২৫ লাখ টকাৰ উক্ত পুঁজি সংগ্ৰহ কৰা হয়।

 

উল্লেখযোগ্য যে বানপানীৰ কালছোৱাত গুৱাহাটী বিশ্ববিদ্যালয়ে উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱৰ নেতৃত্বত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দি সাহায্য প্ৰদানৰ বাবে তাৎক্ষণিকভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৫০০টা বানপীড়িত পৰিয়াললৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলৰ বাবে ৫,০০০টা শৈক্ষিক কিট আৰু প্ৰয়োজনীয় সামগ্ৰী প্ৰেৰণ কৰা কাৰ্য অন্যতম।

 

মানৱীয় সাহায্যৰ সমান্তৰালভাৱে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰতো বিশ্ববিদ্যালয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। সাক্ষাৎকালত বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীক বান সাহায্য আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত গৃহীত বিভিন্ন পদক্ষেপৰ বিষয়ে অৱগত কৰে, বিশেষকৈ বানপীড়িত মেধিজন শ্ৰী শ্ৰী গজলা সত্ৰৰ অমূল্য সাঁচিপাতৰ পুথিসমূহ উদ্ধাৰ আৰু সংৰক্ষণৰ বাবে চলি থকা প্ৰচেষ্টাৰ বিষয়ে।

 

এই সন্দৰ্ভত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে, “গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ মাটি আৰু মানুহৰ সৈতে গভীৰভাৱে সংপৃক্ত এক প্ৰতিষ্ঠান। সংকটৰ সময়ত সমাজৰ কাষত থিয় দিয়াটো আমাৰ দায়িত্ব। আমাৰ এই অৱদান হয়তো সীমিত, কিন্তু ইয়াৰ মাজেৰে সমগ্ৰ বিশ্ববিদ্যালয় পৰিয়ালৰ সেৱাৰ মনোভাৱ আৰু একাত্মতা প্ৰতিফলিত হৈছে। একে সময়তে এনে দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত হ’ব পৰা অসমৰ সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰাৰ দায়িত্বও আমাৰ আছে।”

 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সভাপতি অধ্যাপক দ্বীপেন বেজবৰুৱা আৰু সাধাৰণ সম্পাদক ড° সমীৰ সৰকাৰেও এই সাক্ষাৎত উপস্থিত থাকি বিশ্ববিদ্যালয়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিয়ালে গ্ৰহণ কৰা এই মানৱীয় পদক্ষেপসমূহৰ শলাগ লোৱাৰ লগতে বৰ্তমানৰ কঠিন সময়ত অসমৰ জনসাধাৰণৰ কাষত থিয় দিয়াৰ বাবে বিশ্ববিদ্যালয়ক ধন্যবাদ জ্ঞাপন কৰে।

 

সাক্ষাৎকালত প্ৰতিনিধি দলটোৱে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয় ভ্ৰমণ উপলক্ষে বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা প্ৰস্তুতিৰ বিষয়েও মুখ্যমন্ত্ৰীক অৱগত কৰে, য’ত মুখ্যমন্ত্ৰীয়ে ভ্ৰমণটো সফলভাৱে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সহযোগিতাৰ আশ্বাস দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

August 9, 2026 10:00 pm
আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

August 9, 2026 8:45 pm
চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

August 9, 2026 8:22 pm
আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

অসমলৈ আহি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই প্ৰদান কৰা বক্তৃতাৰ প্ৰকৃত উপলব্ধি কি?

August 9, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

August 9, 2026 10:00 pm
আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

August 9, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd