দিল্লী সীমান্তৱৰ্তী অঞ্চলত যোৱা দুটা মাহৰো অধিক কাল তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত অব্যাহত আছে কৃষক বিক্ষোভ।
এই কৃষক বিভোক্ষে দৃষ্টি আকৰ্ষণ কৰিছে দেশ বিদেশৰ তাৰকাসকলক। এই তাৰকাসকলৰ ভিতৰত আছে বিশ্বৰ প্ৰসিদ্ধ পপ তাৰকা ৰিহানা, বিশ্বৰ প্ৰভাৱশালী পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গ।
বিশ্বৰ দুই এই বিশেষ প্ৰভাৱশালী তাৰকাই ভাৰতৰ দিল্লী সীমান্তৱৰ্তী অঞ্চলসমূহত দুমাহৰো অধিক কাল ধৰি কৃষক বিক্ষোভৰ সমৰ্থনত টুইট কৰাৰ লগে লগে আন্তজাৰ্তিকভাৱে ই বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ পিছতে ভাৰতীয় প্ৰভাৱশালী তাৰকাসকলে ৰিহানা আৰু গ্ৰেটা থুনবাৰ্গক আক্ৰমণ কৰি ভাৰতীয় আভ্যন্তৰীণ বিষয়ত মতাৰ বাবে বিৰোধ কৰি টুইট কৰা দেখা গৈছে।
আনকি সামাজিক মাধ্যমত হেজ ষ্টেগেৰে এই তাৰকাসকলে ইণ্ডিয়া এগেইনষ্ট প্ৰপাগাণ্ডা বুলি কৃষক বিক্ষোভ বিৰোধ কৰি চৰকাৰক সমৰ্থনত এক ট্ৰেণ্ড আৰম্ভ কৰিছে।
এই ট্ৰেণ্ডত বলিউদৰ তাৰকা আৰু ক্ৰিকেটাৰসকলৰ সৈতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন লাভ কৰা দুই প্ৰভাৱশালী তাৰকা শচীন টেণ্ডুলকাৰ আৰু লতা মংগেশকাৰো যুক্ত ৰৈ পৰিছে।
ইয়াৰ পিছতে দেশৰ দুই ভাৰতীয় প্ৰভাৱশালী তাৰকাক বিভিন্নজনে সামাজিক মাধ্যমত ট্ৰল আৰম্ভ কৰা দেখা গৈছে।
ইপিনে ভাৰতৰ প্ৰসিদ্ধ ৰাজনৈতিক নেতা শাৰদ পাৱাৰে কেন্দ্ৰই তেওঁলোকক এইদৰে টুইট কৰিবলৈ বাধ্য কৰা বুলি দাবী কৰিছে।
একেই দাবী কৰিছে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ নেতা ৰাজ থাকৰেই। “চৰকাৰৰ অৱস্থানক সমৰ্থন কৰিবলৈ লতা মংগেশকাৰ, শচীন টেণ্ডুলকাৰৰ দৰে বিশিষ্ট ব্যক্তিত্বক বাধ্য কৰাতো উচিত হোৱা নাই। ইয়াৰ দ্বাৰা তেওঁলোকৰ সন্মান সানি হৈছে। কাৰণ তেওঁলোক ভাৰতৰত্নেৰে সন্মানিত হৈছে।” ৰাজ থাকৰেই কয়।