“ছুনামী সাগৰতহে আহে। ছুনামি নদীত নাহে। এই কথা ৰিপুন বৰাই জানিব লাগে। আমিটো ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বসবাস কৰো। সাগৰত ছুনামী আহে, সাগৰৰ কাষত বাংলাদেশ থাকে। গতিকে ৰিপুন বৰাৰ ছুনামী বাংলাদেশত হ’ব। আমি নদীৰ পাৰৰ সৰু সুৰা বতাহৰ লগত থাকিম।” প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ ছুনামী আহিব বুলি কোৱা কথাৰ কটাক্ষ কৰি আজি বিশ্বনাথত এনেদৰে কয় ৰাজ্যৰ স্বাস্হ্য, শিক্ষা আৰু বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
আজি হেলিকপ্তাৰ যোগে বিশ্বনাথৰ আৱৰ্ত ভৱনত উপস্হিত হোৱা মন্ত্ৰী হিমন্তই বদৰুদ্দিন আজমল সাম্প্ৰদায়িক নহয় বুলি কোৱা বক্তব্য সন্দৰ্ভত মন্তব্য কৰি কয় যে যদিহে ৰিপুন বৰাই বদৰুদ্দিন আজমল সাম্প্ৰদায়িক নহয় বুলি ভাৱিছে তেন্তে আজমলক ৰিপুন বৰাই কোলাত লওঁক।
তেওঁ লগতে কয়, “ভৱিষ্যতে ৰিপুন বৰাৰ ঘৰত নাতি পুতি হ’ব। তেওঁলোকৰ নাম বদৰুদ্দিন আজমল, গিয়াছুদ্দিন আজমল, নিজামুদ্দিন আজমল সেই বিলাক দিয়ক। আমাৰ তাৰ লগত কোনো সম্পৰ্ক নাই।”
উল্লেখ্য ৭ ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ঢেকিয়াজুলীলৈ আহিব আৰু তাৰ পৰাই বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্হাপন কৰিব।
এই সন্দৰ্ভত বিশ্বনাথৰ কাৰ্যকৰ্তা সকলৰ লগত আলোচনা কৰিবলৈ বিশ্বনাথত উপস্হিত হোৱা ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা ১০ জানুৱাৰীত অনুষ্ঠিত হোৱা ডি এইচ এছৰ ফাৰ্মাচিষ্ট পৰীক্ষাত অৱতীৰ্ণ সকললৈ এক অসাধু চক্ৰই ফোন কৰি নম্বৰ বঢ়াই দিয়াৰ বাবদ ধন বিচৰাৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে বুলি উল্লেখ কৰে।
অসম আৰক্ষীৰ এই উচ্চ পদস্হ দল বিহাৰলৈ গৈছে বুলিও তেওঁ জানিবলৈ দিয়াৰ লগতে এই অসাধু চক্ৰটোক চিনাক্ত কৰিছে বুলি কয়।