• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বুৰঞ্জীত লুটি-বাগৰ মৰা মন্ত্ৰী হিমন্তই প্ৰথম আৰু শেষজন হওক : তৰুণ গগৈ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 27, 2019 9:44 pm
Tarun-Gogoi_HimantaBishwa
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ তীব্ৰতৰ হৈ থকাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সভাই-সমিতিয়ে উত্তেজক বক্তব্য ৰাখি আহিছে। দেশৰ সংবিধানৰ শপত লোৱা মন্ত্ৰীজনেই ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰক চূড়ান্তভাৱে অৱমাননা কৰাও পৰিলক্ষিত হৈছে।

তেনে সময়তে হিমন্তৰ দৰে মানুহ অসমৰ বাবে অশুভ সংকেত বুলি আখ্যা দিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

Apply Now

দেওবাৰে সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে কয়, “হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাই ইমানেই মূৰত ধৰিছে যে তেওঁৰ নিয়ন্ত্ৰণ আছে নে নাই তাত মোৰ সন্দেহ আছে। নহ’লে ইমান উগ্ৰ কথা নকয়। তেওঁ প্ৰকৃততে মন্ত্ৰী হৈ থকাৰ অধিকাৰেই হেৰুৱাই পেলাইছে”।

“হিমন্ত বিশ্ব শৰ্মা নেগুৰকটা বাঘ” বুলি কটাক্ষ কৰি গগৈয়ে কয় যে হিমন্তই এতিয়া যাকে-তাকে আক্ৰমণ কৰিবলৈ লৈছে।

“এনেকুৱা লুটি-বাগৰ দিয়া, ঠগ-প্ৰৱঞ্চক মন্ত্ৰী অসমৰ বুৰঞ্জীত হিমন্তই প্ৰথমজন আৰু শেষৰজন হোৱাটো বিচাৰো”, একালৰ সতীৰ্থজনক নিৰ্মম আক্ৰমণ গগৈৰ।

ইপিনে মন্ত্ৰী শৰ্মাই অতি উগ্ৰ ৰূপ ধাৰণ কৰাৰ কাৰণো দাঙি ধৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয়, “মোহন ভাগৱত তেওঁৰ এতিয়া নতুন গুৰু। মোহন ভাগৱতক তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে সন্তুষ্ট কৰিবলৈ গৈছে। কথাতেই আছে, নতুনকৈ হিন্দুৱেই হওক বা মুছলমানেই হওক অলপ বেছি হয়”।

ইয়াৰ উপৰি খগেন শৰ্মাক ডি জি পি হিচাপে নিযুক্তি দিয়াৰ পিছতে আৰ এছ এছৰ মানুহক নিযুক্তি দিয়া বুলি হিমন্তই ৰাহুল গান্ধীক অভিযোগ দিছিল বুলি জানিবলৈ দিয়ে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

“তেতিয়া ‘তৰুণ গগৈয়ে আৰ এছ এছৰ মানুহক মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান পদত নিযুক্তি দিছে’ বুলি ৰাহুল গান্ধীক অভিযোগ দিছিলগৈ।” প্ৰাক্তন সতীৰ্থজনৰ অতীত খুঁচৰি গগৈয়ে কয়।

“তেতিয়া তেওঁ মোতকৈ বেছি কংগ্ৰেছী হৈ দেখুৱাইছিল”, গগৈৰ মন্তব্য।

ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমগ্ৰ উত্তৰ-পূবৰ ৰাইজৰ লগতে প্ৰায়কেইখন ৰাজ্যৰ চৰকাৰেই বিৰোধিতা কৰি থকাৰ পাছতো বিজেপি চৰকাৰে আঁকোৰগোঁজালি কৰি থকা বিষয়টোক “আমাৰ বাবে প্ৰত্যাহ্বান” বুলি মন্তব্য কৰে।

“বিধেয়কখন উত্তৰ-পূৰ্বাঞ্চলৰ কেৱল হিমন্ত আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেহে বুজি পাইছে আৰু কোনেও বুজি নাপালে”, সোণোৱাল আৰু হিমন্তই দল-সংগঠনবোৰে বিধেয়কখন বুজি নোপোৱাকৈ আন্দোলন কৰিছে বুলি সভাই-সমিতিয়ে নেতা দুজনে কৰা মন্তব্যৰ পৰিপ্ৰেক্ষিতত গগৈয়ে কয়।

“সৰ্বানন্দ সোণোৱালে ২০১৬ চনৰ বিধেয়কখন ২০১৯তহে বুলি পালে। সেয়ে ইমান দিন নিমাতী কইনা হৈ থাকি এতিয়া মাত ওলাইছে”, তাৰ পিছতে গগৈৰ কটাক্ষ।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd