DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধলাৰ হত্যাকাণ্ড : শদিয়াৰ এছ পিক বদলি কৰি ব্যৰ্থতা ঢকাৰ চেষ্টা গৃহ বিভাগৰ

শদিয়াৰ আৰক্ষী অধীক্ষক প্ৰশান্ত সাগৰ চাংমাইক ২৪ সংখ্যক অসম আৰক্ষী (আই আৰ) বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে বদলি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 5, 2018 10:26 pm
COVID-19 positive cases reach 196 in Assam Police

প্ৰতিনিধিত্বমূলক চিত্ৰ

282
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়াৰ ধলাত পাঁচজনকৈ নিৰীহ লোকক হত্যা কৰা ঘটনাই আজি চাৰিটা দিন অতিক্ৰম কৰিলে। কিন্তু এতিয়ালৈ এই নাৰকীয় কাণ্ডৰ লগত কোন জড়িত সেই কথা নিশ্চিত কৰিব পৰা নাই অসম আৰক্ষীয়ে।

ইপিনে ধলাৰ হত্যাকাণ্ডৰ তদন্ত চলি থকাৰ মাজতে বদলি কৰা হৈছে শদিয়াৰ আৰক্ষী অধীক্ষক প্ৰশান্ত সাগৰ চাংমাইক। অসম চৰকাৰৰ গৃহ বিভাগে আজি জাৰি কৰা এক জাননী যোগে তেওঁক বাক্সাৰ চৰাইমাৰীত থকা ২৪ সংখ্যক অসম আৰক্ষী (আই আৰ) বেটেলিয়নৰ কমাণ্ডেণ্ট পদলৈ বদলি কৰা হৈছে।

আনহাতে, ২৪ সংখ্যক অসম আৰক্ষী (আই আৰ) বেটেলিয়নৰ কমাণ্ডেণ্ট দেৱজিত দেউৰীক শদিয়াৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।

জাননীখনত জনস্বাৰ্থৰ বাবেই এই ৰদবদল কৰা বুলি উল্লেখ আছে যদিও স্বাভাবিকতে প্ৰশ্ন উত্থাপন হৈছে যে ধলাৰ ঘটনাৰ বাবেই বদলি কৰা হ’ল নেকি আৰক্ষী অধীক্ষক চাংমাইক?

সকলো সময়তে সফলতাৰ জয়গান গোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মুখ্য মন্ত্ৰীৰ নিজৰ হাতত থকা গৃহ বিভাগৰ ব্যৰ্থতা প্ৰতিপন্ন হোৱাৰ বাবেই বদলি কৰা হৈছে নেকি আৰক্ষী বিষয়াজনক? লগতে আৰক্ষী অধীক্ষকগৰাকীক বদলি কৰিয়েই গৃহ বিভাগৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰা হৈছে নেকি?

ইতিমধ্যেই ধলাৰ এই ঘটনাৰ পাছত অসম আৰক্ষী তথা গৃহ বিভাগৰ এই ব্যৰ্থতাক ধিক্কাৰ দিছে বিভিন্ন পক্ষই।

উল্লেখযোগ্য যে আৰক্ষী তথা চৰকাৰে প্ৰথমতে এই হত্যাকাণ্ড আলফা(স্বাঃ)ই সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছিল যদিও সংগঠনটোৱে ঘটনাৰ পিছদিনাই এই ঘটনাৰ লগত তেওঁলোক জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে।

ইপিনে তদন্তৰ নামত আৰক্ষীয়ে এই ঘটনাৰ পূৰ্বে কেতবোৰ বিতৰ্কিত মন্তব্য কৰাৰ বাবে আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তক গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰে। কিন্তু একেই উচটনিমূলক মন্তব্য কৰা বিধায়ক শিলাদিত্য দেব, কমলাক্ষ দে’ পুৰকায়স্থ আৰু কেইবাটাও বাঙালী সংগঠনৰ নেতাক এই পৰ্যন্ত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰা কথাটোৱেও বিতৰ্কৰ সৃষ্টি কৰিছে।

Recent News

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

অসমীয়াৰ মননশীলতা

অসমীয়াৰ মননশীলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd