কিমানদূৰ সুৰক্ষিত অসমৰ ৰাজধানী দিচপুৰ? অসুৰক্ষিত দিচপুৰ থানাই কেনেদৰে ৰাইজক সুৰক্ষা দিব? ডিজিটেল প্ৰযুক্তিৰ লগত খোজ মিলাই অসম পুলিচে টুইটাৰ আদি সামাজিক মাধ্যমত বেছ জনপ্ৰিয়তা লাভ কৰিছে যদিও নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ সদব্যৱহাৰ কৰাত যেন এতিয়াও বহু পিছ পৰি আছে।
সময়ে সময়ে গুৱাহাটী মহানগৰীত চি চি টিভিৰ কেমেৰাৰ অভাৱৰ সুযোগ গ্ৰহণ কৰি দুষ্কৃতিকাৰীয়ে বিভিন্নধৰণৰ অপৰাধমূলক কাৰ্য্য সংঘটিত কৰি আহিছে। কিন্তু, এনে এক সময়তে গুৱাহাটীৰ আন ঠাইৰ কথা বাদেই খোদ সচিবালয়ৰ গাতে লাগি থকা দিচপুৰ থানাতে নাই পৰ্যাপ্ত চি চি টিভি কেমেৰাৰ ব্যৱস্থা।
উল্লেখযোগ্য যে ১২ জুলাইৰ নিশা দিচপুৰ আৰক্ষী থানাৰ সন্মুখতে ১০ এ পি বি এনৰ চেকেণ্ড ইন কামাণ্ডাৰ গায়ত্ৰী সোণোৱালৰ স্বামী ববী সিঙে অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ দেবব্ৰত কোঁৱৰ নামৰ এগৰাকী কনিষ্ঠ চিকিৎসকক অশ্ৰাব্য ভাষাৰে গালি পাৰি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
লগতে পঢ়ক আৰক্ষী বিষয়াৰ স্বামীৰ গুণ্ডাগিৰি! ‘প্ৰতাপী পত্নী’ৰ ক্ষমতা প্ৰয়োগেৰে পশু চিকিৎসকক প্ৰহাৰ, দুৰ্ব্যৱহাৰ
উক্ত অভিযোগৰ পিছতে ঘটনাৰ চি চি টিভি কেমেৰাৰ ভিজুৱেল সংগ্ৰহ কৰিবলৈ নৰ্থ-ইষ্ট নাওৰ সাংবাদিক দিচপুৰ আৰক্ষী থানাত উপস্থিত হৈছিল। কিন্তু দিচপুৰ আৰক্ষীৰ হাতত নাই ঘটনাৰ ভিজুৱেল, কাৰণ থানাখনৰ বাহিৰত নাই এটাও চি চি টিভি কেমেৰা!
এই সংক্ৰান্তত চি চি টিভি ফুটেইজ চাব পৰা কম্পিউটাৰ থকা থানাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত হিমাংশু দাস প্ৰশ্ন কৰাত তেওঁ কম্পিউটাৰটো দেখুৱাই ‘এই তিনিটা থানাৰ ভিতৰৰ কেমেৰা, এইকেইটা সক্ৰিয়। বাকী কেইটা গেটৰ বাহিৰৰ, এইকেইটাই কাম নকৰে‘ বুলি উত্তৰ দিয়ে।
ইয়াৰ পিছতে আমাৰ সাংবাদিকে আহি বাহিৰত চি চি টিভি কেমেৰা বিচৰাত এটাও কেমেৰা দেখিবলৈ নাপালে। আনকি অসম সচিবালয়ৰ সন্মুখভাগতো দেখিবলৈ পোৱা নগ’ল এটাও চি চি টিভি কেমেৰা।
উল্লেখযোগ্য যে ২০০৮ চনৰ ৩০ অক্টোবৰৰ গুৱাহাটীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ পিছত মহানগৰীৰ বিভিন্ন স্থানত চি চি টিভি কেমেৰা সংস্থাপন কৰা হৈছিল যদিও ইয়াৰ বেছি সংখ্যকেই এতিয়া বিকল হৈ আছে।
যোৱা ১৫ মে’ত গুৱাহাটীৰ জু-ৰোডত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ সময়টো উক্ত স্থানত চি চি টিভি কেমেৰা নথকাত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত পক্ৰিয়া চলোৱাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল।