• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলা শাখাত মহানগৰীৰ নাক বচালে মাত্ৰ এজনে, দশম স্থানত অসম জাতীয় বিদ্যালয়ৰ গুঞ্জন দাস

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 25, 2019 6:14 pm
Cotton-University-1140x570

কটন বিশ্ববিদ্যালয়ৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাই হওক বা হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক এতিয়া স্থান প্ৰাপ্তৰ তালিকাখন অধিকাংশ পূৰ কৰে গ্ৰাম্যাঞ্চল বা মফচলীয় বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েহে। ইয়াৰ বিপৰীতে যোৱা কেইবাবছৰ ধৰি তেনেই কম সংখ্যকে স্থান লাভ কৰি আহিছে ৰাজধানী মহানগৰীৰ শিক্ষানুষ্ঠানৰ পৰা।

দুবছৰ ধৰি কলা বা বিজ্ঞান কোনো এটা শাখাতেই এটাও স্থান লাভ কৰিব পৰা নাই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ পৰা। একেই অৱস্থা মহানগৰীৰ আন বহুকেইখন নামজ্বলা শিক্ষানুষ্ঠানৰ।

Apply Now

আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত কলা শাখাত সমগ্ৰ মহানগৰীৰ ভিতৰত মাত্ৰ এজন ছাত্ৰইহে প্ৰথম দহটা স্থানৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে, তেওঁ হ’ল- অসম জাতীয় বিদ্যালয়ৰ গুঞ্জন দাস। একেদৰে বিজ্ঞান শাখাতো মাত্ৰ সাই বিকাশ কনিষ্ঠ মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰই স্থান দখল কৰিবলৈ সক্ষম হয়।

গুঞ্জনে ৪৬৪ নম্বৰসহ ৰাজ্যৰ ভিতৰত দশম স্থান লাভ কৰিছে। তেওঁ ইংৰাজীত ৮৮, ঐচ্ছিক ইংৰাজীত ৯০, ৰাজনীতি বিজ্ঞান ৯৮, অৰ্থনীতিত ৯০, তৰ্ক আৰু দৰ্শনত ৯৮, শিক্ষাত ৬৭ নম্বৰ লাভ কৰে।

তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত ইংৰাজী বা ৰাজনীতি বিজ্ঞানক গুৰু বিষয় হিচাপে লৈ পঢ়াৰ মন বুলি জানিবলৈ দিয়ে। ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱাৰ মন মেধাৱী ছাত্ৰজনৰ।

ফলাফল লাভ কৰাৰ পাছতেই ছাত্ৰ গুঞ্জনে সাংবাদিকৰ আগত কয়, “অসম জাতীয় বিদ্যালয়ৰ শিক্ষাগুৰুসকলে মোক সৰুৰে পৰা এতিয়ালৈ যি অৱদান আগ বঢ়াইছে সেয়া অতুলনীয়। শিক্ষাগুৰুসকলে মোক স্থান লাভ কৰোৱাতকৈ এজন মানুহ হিচাপে গঢ়াতহে অধিক গুৰুত্ব দিছে”।

উল্লেখযোগ্য যে বিদ্যালয়খনৰ পৰা কলা শাখাত এইবাৰ ১০০ শতাংশ পৰীক্ষাৰ্থীয়েই উত্তীৰ্ণ হৈছে। মুঠ ৬১গৰাকী ছাত্ৰ-ছাত্ৰীৰ ১৮গৰাকীয়ে ষ্টাৰ মাৰ্ক, ৪৭গৰাকীয়ে প্ৰথম বিভাগত আৰু ১৪গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। বিজ্ঞান শাখাত ৬০গৰাকীৰ ভিতৰত ৫৯গৰাকীয়ে উত্তীৰ্ণ হৈছে। ইয়াৰে ১৩গৰাকীয়ে ষ্টাৰ মাৰ্ক, প্ৰথম বিভাগত ৫০গৰাকী আৰু ৯গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।

বিদ্যালয়খনৰ পৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো এগৰাকী ছাত্ৰী পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

ব্যক্তিগত খণ্ডৰ আন এখন শিক্ষানুষ্ঠান সাই বিকাশ কনিষ্ঠ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰ সপ্তদ্বীপ সাহাই ৪৭২ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থান আৰু জীৱন জ্যোতি কলিতাই ৪৭০ নম্বৰ সহ অষ্টম স্থান লাভ কৰিছে।

আনহাতে বাণিজ্য শাখাত মহানগৰীৰ কে চি দাস বাণিজ্য মহাবিদ্যালয়ৰ ছগৰাকী আৰু গুৱাহাটী কমাৰ্চ কলেজৰ তিনিগৰাকী ১০টা শীৰ্ষ স্থানত নাম লিখিবলৈ সক্ষম হয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd