• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এক, দুই গৰাকী নহয়, বদলি কেইবাশও নাৰ্চক; আন্দোলনৰ শাস্তি?

এই বদলি আন্দোলনৰ প্ৰতি “শাস্তি” বা “আক্ৰোশ” নহয়, মন্তব্য স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 2, 2018 7:35 pm
Police personal spushle between Nurses at Assam Medical College & Hospital in Dibrugarh on 28-011-18 during All Assam Nurse Association strike. Pix by UB Photos

ডিব্ৰুগড়ত নাৰ্ছসকলৰ প্ৰতিবাদ। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চৰকাৰী চিকিৎসালয়ৰ জি এন এম ষ্টাফ নাৰ্চসকলে কৰা প্ৰতিবাদৰ পাছতেই হঠাৎ স্বাস্থ্য বিভাগে কেইবাশ ষ্টাফ নাৰ্চক বদলি কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাক লৈ ষ্টাফ নাৰ্চসকলৰ মাজত সৃষ্টি হৈছে অসন্তুষ্টিৰ।

আমাৰ হাতত আহি পৰা তথ্য অনুসৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাৰ আদৰ্শ চিকিৎসালয়, সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আদিত কৰ্মৰত এই ষ্টাফ নাৰ্চসকলক বদলি কৰা হৈছে। ইয়াৰ উপৰিও কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত থকা জিলা চিকিৎসালয়ৰ পৰাও ষ্টাফ নাৰ্চক বদলি কৰা হৈছে।

Apply Now

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰকাশ পোৱা পৃথক পৃথক নিৰ্দেশনা অনুসৰি ষ্টাফ নাৰ্চসকলক ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহলৈ স্থানান্তৰিত কৰা হৈছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক জে ভি এন সুব্ৰমনিয়নে ৩০ নৱেম্বৰত স্বাক্ষৰ কৰা নিৰ্দেশনা অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাত কৰ্মৰত ৬৩০ গৰাকী ষ্টাফ নাৰ্চক বদলি কৰি ৰাজ্যৰ ৬ খন চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিখনতে ১০০ গৰাকীকৈ নিযুক্তি দিয়াৰ লগতে ৩০ গৰাকীক কৰ্কট চিকিৎসালয়ত নিযুক্তি দিয়ে। তেওঁলোকক পাঁচ দিনৰ ভিতৰত সংশ্লিষ্ট স্থানত যোগদান কৰাৰ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ বিপৰীতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সোণাপুৰত থকা জিলা চিকিৎসালয়খনৰ পৰা একাংশ নাৰ্চক অস্থায়ীভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আৰু অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিছে।

স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ এই তাৎক্ষনিক নিৰ্দেশনাক লৈ ষ্টাফ নাৰ্চসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। সদৌ অসম নাৰ্চ সন্থাৰ বিষয়ববীয়াসকলে সন্দেহ কৰা মতে শেহতীয়াভাৱে তেওঁলোকে আন্দোলন কাৰ্য্যসূচী হাতত লোৱা বাবেই চৰকাৰৰ ফালৰ পৰা এই আক্ৰোশমূলক স্থিতি লৈছে।

উল্লেখ্য যে কেইবাটাও দাবী লৈ যোৱা ২৬ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ সদৌ অসম নাৰ্চ সন্থাই কৰ্মবিৰতি পালন কৰিছিল। পাছত যোৱা ২৯ নৱেম্বৰত তেওঁলোকৰ দাবী সমূহক লৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাৰ সৈতে নাৰ্চ সন্থাৰ বিষয়ববীয়াৰ বৈঠক অনুষ্ঠিত হয়।

বৈঠক সৌহাৰ্দ্যপূৰ্ণ আছিল বুলি আমাক সদৌ অসম নাৰ্চ সন্থাৰ সভানেত্ৰী অঞ্জনা শইকীয়া আৰু সাধাৰণ সম্পাদিকা জুনু চুতীয়া দিহিঙীয়াই জানিবলৈ দিছিল। লগতে তেওঁলোকে ৩০ নৱেম্বৰত এখন কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি অনিৰ্দিষ্টকালীন কৰ্মবিৰতি সাময়িকভাৱে স্থগিত ৰাখিছিল।

কিন্তু তাৰ পাছত এইদৰে ষ্টাফ নাৰ্চৰ বদলিৰ নিৰ্দেশনাত স্তম্ভিত হৈ নাৰ্চ সন্থাৰ সাধাৰণ সম্পাদিকা জুনু চুতীয়া দিহিঙীয়াই কয়, ‘বহুতো নাৰ্চে নিজৰ জিলালৈ বদলি বিচাৰি আবেদন কৰি আছে, কিন্তু বিভাগে জনায় যে ‘বদলি বন্ধ আছে’। তৎসত্ত্বেও হঠাৎ স্থানান্তৰৰ বাবে এনে ব্যাপক পদক্ষেপ লোৱাৰ কাৰণ কি?’

সাধাৰণ সম্পাদিকা গৰাকীয়ে বিষয়টো বিবেচনাৰ অনুৰোধ জনাই স্বাস্থ্য সেৱা সঞ্চালকলৈ এখন পত্ৰও প্ৰেৰণ কৰে।

ইপিনে, ষ্টাফ নাৰ্চৰ এই বদলি নাৰ্চসকলে কৰা আন্দোলনৰ প্ৰতি “শাস্তি” বা “আক্ৰোশ” নহয় বুলি কয় স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞাই। তেওঁ কয়, ‘এই বদলিসমূহ অস্থায়ীভাৱে প্ৰয়োজন অনুসাৰে কৰা হৈছে। শেহতীয়াভাৱে চিকিৎসা মহাবিদ্যালয়ত হোৱা নৱজাতকৰ মৃত্যুকে ধৰি বিভিন্ন ঘটনাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্ৰীয়ে আমাক চিকিৎসা মহাবিদ্যালয়ত পৰ্য্যাপ্ত নাৰ্চ ৰখাৰ নিৰ্দেশ দিছিল। সেই অনুসৰি নাৰ্চ সকলৰ কৰ্ম বিৰতি আৰম্ভ কৰাৰ আগতেই এই সিদ্ধান্ত লোৱা হৈছিল যদিও কৰ্মবিৰতি আৰম্ভ হৈ যোৱাত নিৰ্দেশ জাৰি কৰা হোৱা নাছিল।’

তেওঁ লগতে জনায় যে সোণাপুৰৰ জিলা চিকিৎসালয়কে ধৰি বিভিন্ন স্বাস্থ্য কেন্দ্ৰত প্ৰয়োজনতকৈ অধিক অতিৰিক্ত নাৰ্চ আছে। গতিকে তেওঁলোকক অস্থায়ীভাৱে চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে।

ইয়াৰ উপৰিও নতুন নাৰ্চ নিযুক্তি দিলে তেওঁলোকক পুনৰ আগৰ স্থানলৈ পঠিয়াই দিয়া হ’ব বুলিও ডাঃ ভূঞাই প্ৰকাশ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd