ভাৰতত মোবাইল ফোন আৰু ফোন মেৰামতি সামগ্ৰীৰ বিক্ৰীৰ ওপৰত থকা নিষেধাজ্ঞা যদিহে মে’ৰ শেষ ভাগলৈ থাকে তেন্তে ভাৰতৰ ৪ কোটিতকৈ অধিক সংখ্যক লোকে নিজৰ হেণ্ডচেট অবিহনে থাকিব লাগিব বুলি শুকুৰবাৰে উল্লেখ কৰিছে এটা ঔদ্যোগিক সংস্থায়।
ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চলি থকা ল’কডাউনৰ পৰিপ্ৰেক্ষিতত নতুন মোবাইল ফোন বিক্ৰী বন্ধ হৈ থকা আৰু চীনৰ পৰা অহা ফোন মেৰামতিৰ সামগ্ৰীৰ আমদানি বন্ধ হৈ থকাৰ ফলত বৰ্তমানলৈ দেশত ২.৫ কোটি গ্ৰাহকৰ মোবাইল ফোন ব্যৱহাৰ নোহোৱাকৈ আছে বুলি দাবী কৰিছে ইণ্ডিয়া চেলুলাৰ এণ্ড ইলেক্ট’নিকছ এছ’চিয়েশ্যনে।
চৰকাৰে ল’কডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰীৰ হে অনুমতি দিছে তাৰলগতে টেলিকম, ইণ্টাৰনেট আৰু আই টি খণ্ডকো কাম অব্যাহত ৰাখিবলৈ অনুমতি দিছে যদিও মোবাইল ফোন আৰু ইয়াৰ মেৰামতি সামগ্ৰীৰ বিক্ৰীৰ অনুমতি দিয়া হোৱা নায়।
আই চি ই এ তেওঁলোকৰ সদস্যভুক্ত ব্ৰ্যাণ্ড যেনে এপল, ফক্সকন, ঝিঅমি আদিৰ দৰে কোম্পানী সমূহে প্ৰতিমাহত প্ৰায় ২.৫ কোটি নতুন মোবাইল ফোন বিক্ৰী কৰে আৰু বৰ্তমান দেশত ৮৫ কোটি সক্ৰিয় মোবাইল ফোন ব্যৱহাৰকাৰী আছে।
আই চি ই এ ৮৫ কোটি মোবাইল ফোনৰ প্ৰতিমাহে প্ৰায় ০.২৫ শতাংশ হিচাপত হলেও ২.৫ কোটি ফোনৰ মেৰামতিৰ প্ৰয়োজন হয় বুলি উল্লেখ কৰি বৰ্তমান মোবাইল ফোনৰ বিক্ৰী আৰু মেৰামতি বন্ধ থকাৰ বাবে এই ফোন সমূহ নিষ্ক্ৰিয় হৈ পৰিব বুলি জানিবলৈ দিয়ে।
আই চি ই এ প্ৰধান মন্ত্ৰীকে ধৰি বহুবাৰ চৰকাৰৰ ওচৰলৈ মোবাইল ফোনক অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত ধৰাৰ বাবে অনুৰোধ লৈ গৈছে বুলিও উল্লেখ কৰে।
মোবাইল ফোন অবিহনে বৰ্তমান সময়ত বহু ক্ষেত্ৰত জীৱনলৈ ভাবুকি আহি যোৱাৰ সম্ভাৱনা থাকে বুলিও ঔদ্যোগিক সংস্থাটোৱে লগতে কয়।