• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home গুৱাহাটী

গুৱাহাটীত চিত্রনাট্যকাৰ, চলচ্চিত্র নিৰ্মাতা ভাস্কৰজ্যোতি দাসৰ স্মৰণ অনুষ্ঠান

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 6, 2025 4:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা চিত্ৰনাট্যকাৰ সদ্যপ্ৰয়াত ভাস্কৰ জ্যোতি দাসৰ সোঁৱৰণত শনিবাৰে গুৱাহাটীৰ চেনিকুঠী থকা সূৰ্য ক্লাবত এটা স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। বিগত বৰ্ষত কেৰেলা আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱৰ দৰে খ্যাতিসম্পন্ন অনুষ্ঠানত প্ৰদৰ্শিত প্ৰয়াত পৰিচালকজনৰ এন আননউন চামাৰ শীৰ্ষক বহুল প্ৰশংসিত ছবিখনৰ বিশেষ প্ৰদৰ্শনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সূচনা কৰা হয়।

ইয়াৰ পাছত প্ৰয়াত দাসৰ গুণমুগ্ধ আৰু অনুৰাগী সকলে, যোৱা ২৬ ডিচেম্বৰত কৰ্কট ৰোগত ভুগি অকালতে মৃত্যুবৰণ কৰা প্ৰথিতযশা চিত্ৰনাট্যকাৰ তথা পৰিচালকজনৰ জীৱন আৰু কৰ্মৰ স্মৃতিচাৰণ কৰে। এটা অডিঅ’ বাৰ্তাযোগে অনুষ্ঠানটোত অংশগ্রহণ কৰি  ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত পৰিচালক জয়ছেং জয় দহোটীয়াই কয় যে প্ৰয়াত দাস চিনেমাৰ জগতত তেওঁৰ অভিভাৱকস্বৰূপ গুৰু আছিল আৰু তেওঁৰ প্ৰতিখন চিনেমাৰ প্ৰথম আৰু নিৰ্মোহ সমালোচকো আছিল ।

Apply Now

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত পৰিচালক আৰু সমালোচক উৎপল বৰপূজাৰীয়ে ভাস্কৰজ্যোতি দাসৰ চিনেমাৰ প্ৰতি  জীৱনসম ভাল পোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে প্ৰয়াত দাসে নৱ প্ৰজন্মৰ চলচ্চিত্র নিৰ্মাতাসকলক নিৰপেক্ষ মন্তব্যৰে উৎসাহ যোগোৱাৰ লগতে মাগদৰ্শনো কৰিছিল। উল্লেখযোগ্য যে তেওঁ জয়ছেং জয় দহোটীয়াৰ সহযোগত দাসে চিনেমা উইদিন ইউ শীৰ্ষক এলানি চলচ্চিত্র কৰ্মশালা ধুবুৰীৰ পৰা কাকপথাৰলৈকে আয়োজন কৰিছিল। চিনেমা উইদিন ইউ শীৰ্ষক এলানি চলচ্চিত্র কৰ্মশালা ধুবুৰীৰ পৰা কাকপথাৰলৈকে আয়োজন কৰিছিল।

পুৰস্কৃত আৰু প্ৰশংসিত চলচ্চিত্র সোণাৰ বৰণ পাখিৰ চিত্ৰনাট্যকাৰজনক সুঁৱৰি পৰিচালক ববী শৰ্মা বৰুৱাই ছবি নিৰ্মাতা হিচাপেই নহয় মানুহ হিচাপেও  প্ৰয়াত অনবদ্য আছিল বুলি মন্তব্য কৰে। প্ৰচাৰ বিমুখ পৰিচালকজনৰ কৰ্মৰাজিৰ ৰাইজৰ মাজলৈ লৈ যোৱাটো তেওঁৰ সহযোগী-অনুৰাগী সকলোৰে নৈতিক দায়িত্ব বুলিও শ্ৰী শৰ্মাই উল্লেখ কৰে।

ইউনিভাৰ্চিটি কলেজ অব লচ এঞ্জেলচৰ অধ্যাপক আৰু  প্ৰয়াত দাসৰ সৈতে ভালেকেইখন শৈক্ষিক তথ্যচিত্ৰৰ সহনিৰ্মাতা অপৰ্ণা শৰ্মাই এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰয়াত দাসৰ  মৃ্ত্যু তেওঁৰ কাৰণে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে। একেদৰে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত বংগীয় চলচ্চিত্র পৰিচালক সুপ্ৰিয় সেনে ভাস্কৰজ্যোতি দাসৰ প্ৰাণৱন্ত জীৱনমুখী ব্যক্তিত্ব তেওঁৰ বাবে সদায়েই অনুপ্ৰেৰণা হৈ ৰ’ব বুলি এটা অডিঅ’ বাৰ্তাৰ জৰিয়তে উল্লেখ কৰে। সমালোচক- সাংবাদিক মুনীন বায়ন, সম্পাদক দিগন্ত বৰা,পৰিচালক অৰিবাম দৰেন্দ্ৰ, প্ৰযোজক সমীৰণ ডেকা, পৰিচালক অমৰদীপ গগৈ আৰু সমালোচক-সাংবাদিক বিতোপন বৰবৰাই প্ৰয়াত দাসৰ সৈতে আন্তৰিক সম্পর্কৰ বিষয়ে উল্লেখ কৰি বিশ্ব চলচ্চিত্রৰ তেওঁ এজন চমজদাৰ দৰ্শকো আছিল বুলি মন্তব্য কৰে।

অনুষ্ঠানত নাট্য ব্যক্তিত্ব নয়ন প্ৰসাদ, চলচ্চিত্র পৰিচালক সঞ্জীৱ হাজৰিকা, অভিনেত্রী-প্ৰযোজক জাহানাৰা বেগমকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জন্মসূত্ৰে টংলাৰ বাসিন্দা দাসে চিনেমাৰ কামত মনোনিৱেশ কৰাৰে উদ্দেশ্যেৰে দন্ত্য চিকিৎসাৰ শিক্ষা আধাতে এৰিছিল। হান্দুক, সোণাৰ বৰণ পাখি আৰু বকুল ফুলৰ দৰে আদি ছবিৰ চিত্ৰ্যনাট্য ৰচনা কৰা দাসে অন্তৰ্ধান শীৰ্ষক এখন ছবি যুটীয়াকৈ পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। Where is My Home আৰু I don’t want to be born again ৰ দৰে চিন্তা উদ্ৰেককাৰী তথ্যচিত্ৰ নিৰ্মাণতো ভাস্কৰ জ্যোতি দাস জড়িত আছিল। সমীৰণ ডেকাই প্ৰযোজনা কৰা দাসৰ পৰীক্ষামূলক ছবি ‘সাধুকথা’ বৰ্তমান প’ষ্ট প্ৰডাকচনৰ পৰ্যায়ত আছে।

শনিবাৰৰ স্মৃতিচাৰণ অনুষ্ঠানত ভাস্কৰ জ্যিতি দাসৰ অসমীয়া চিনেমালৈ অৱদান, মানৱীয় কাহিনীৰ সূক্ষ্ম আৰু নিৰ্ভীক অন্বেষণ, তথা উত্তৰ-পূৱৰ চহকী ঐতিহ্যক ছবিত ধৰি ৰখাৰ বাবে দাসে কৰা প্ৰয়াসক স্মৰণ কৰা হয়। নতুন প্ৰজন্মৰ চিত্ৰনিৰ্মাতাসকলক দাসৰ কৰ্মৰাজিয়ে সদায় অনুপ্ৰেৰণা যোগাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd