• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভাত বিজেপিৰ বাদে কোনেও বিধেয়কখনৰ পক্ষত ভোট নিদিয়ে, গতিকে গৃহীত নহয় : যশৱন্ত সিনহা

“সাংবিধানিক, নৈতিক, আইনগত, অসম চুক্তি আদি কেইবাটাও দিশৰ পৰা বিধেয়কখন ভুল”

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 10, 2019 6:53 pm
Yashawant Sinha

নাগৰিক সমাজৰ দ্বাৰা আয়োজিত ‘দেশৰ বৰ্তমান অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ’ শীৰ্ষক বক্তৃতানুষ্ঠানত যশৱন্ত সিনহা। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ উত্তৰ-পূবতে ক্ষোভৰ জুই জ্বলি থকাৰ সময়ত বিধেয়কখন ৰাজ্যসভাত গৃহীত নহয় বুলি অভয় বাণী প্ৰদান কৰিছে অটল বিহাৰী বাজপেয়ী চৰকাৰৰ অতি বিশ্বস্ত মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা যশৱন্ত সিনহাই।

“মই অসমলৈ অহাৰ আগত বিভিন্নজনৰ সৈতে কথা পাতি যি বুজিলো, বিজেপিৰ বাহিৰে ৰাজ্যসভাত এই বিধেয়কক কোনেও সমৰ্থন নকৰে। তেনে ক্ষেত্ৰত বিজেপিয়ে বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰাব নোৱাৰিব”, দেওবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পক অসম নাগৰিক সমাজৰ দ্বাৰা আয়োজিত ‘দেশৰ বৰ্তমান অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি শংকাত থকা উত্তৰ-পূববাসীক এই আশ্বাস প্ৰাক্তন বিজেপি নেতাজনৰ।

Apply Now

তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কখন সাংবিধানিক, নৈতিক, আইনগত, অসম চুক্তি আদি কেইবাটাও দিশৰ পৰা ত্ৰুটিপূৰ্ণ বুলি দাবী কৰে।

“এনেকুৱা এখন ভুল বিধেয়ক ৰাজ্যসভাৰ সভাপতি, উপ-সভাপতি বা প্ৰিজাইডিং অফিচাৰে সদনত হোৱা হুলস্থূলীয়া পৰিৱেশৰ মাজেৰে গৃহীত কৰোৱাৰ চেষ্টা কৰিবলৈও সাহস নকৰিব”, পূৰ্বে বিত্ত, বৈদেশিক পৰিক্ৰমা আদিৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত থকা সিনহাই কয়।

ইপিনে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালৰ এইখনেই শেষ সংসদৰ অধিৱেশন, গতিকে এইবাৰ বিধেয়কখন গৃহীত কৰাব নোৱাৰিলে আগলৈ আৰু নোৱাৰে বুলিও সিনহাই মন্তব্য কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে তেওঁ বিজেপি পুনৰ কেন্দ্ৰত শাসনলৈ নাহে বুলি এটা পূৰ্বানুমান দাঙি ধৰে। “মই আত্মবিশ্বাসেৰে কওঁ এই চৰকাৰখন আৰু দ্বিতীয়বাৰলৈ জয়ী হ’ব নোৱাৰে”, সিনহাৰ দাবী।

অহা লোকসভা নিৰ্বাচনত বিজেপিয়ে উত্তৰ-পূবত যাতে এখনো আসন নাপায় তাৰ বাবে উত্তৰ-পূবৰ ৰাইজক ঐক্যবদ্ধ হ’বলৈও তেওঁ আহ্বান জনায়।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে উত্তৰ-পূবৰ ৰাইজৰ লগত তেওঁ পূৰ্ণ শক্তিৰে থাকিব বুলি কৈ যেতিয়াই প্ৰয়োজন হয় এই অঞ্চলৰ ৰাইজৰ লগত তেওঁ যুদ্ধত নামিবলৈও সাজু বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে যশৱন্ত সিনহাৰ পুতেক জয়ন্ত সিনহা বিজেপিৰ এজন সাংসদ আৰু তেওঁ মোদী চৰকাৰত অসামৰিক বিমান পৰিবহণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm
ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

August 29, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd