DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যসভাত বিজেপিৰ বাদে কোনেও বিধেয়কখনৰ পক্ষত ভোট নিদিয়ে, গতিকে গৃহীত নহয় : যশৱন্ত সিনহা

“সাংবিধানিক, নৈতিক, আইনগত, অসম চুক্তি আদি কেইবাটাও দিশৰ পৰা বিধেয়কখন ভুল”

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 10, 2019 6:53 pm
Yashawant Sinha

নাগৰিক সমাজৰ দ্বাৰা আয়োজিত ‘দেশৰ বৰ্তমান অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ’ শীৰ্ষক বক্তৃতানুষ্ঠানত যশৱন্ত সিনহা। ফটো : য়ু বি।

1.2k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ উত্তৰ-পূবতে ক্ষোভৰ জুই জ্বলি থকাৰ সময়ত বিধেয়কখন ৰাজ্যসভাত গৃহীত নহয় বুলি অভয় বাণী প্ৰদান কৰিছে অটল বিহাৰী বাজপেয়ী চৰকাৰৰ অতি বিশ্বস্ত মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা যশৱন্ত সিনহাই।

“মই অসমলৈ অহাৰ আগত বিভিন্নজনৰ সৈতে কথা পাতি যি বুজিলো, বিজেপিৰ বাহিৰে ৰাজ্যসভাত এই বিধেয়কক কোনেও সমৰ্থন নকৰে। তেনে ক্ষেত্ৰত বিজেপিয়ে বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰাব নোৱাৰিব”, দেওবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পক অসম নাগৰিক সমাজৰ দ্বাৰা আয়োজিত ‘দেশৰ বৰ্তমান অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি শংকাত থকা উত্তৰ-পূববাসীক এই আশ্বাস প্ৰাক্তন বিজেপি নেতাজনৰ।

তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কখন সাংবিধানিক, নৈতিক, আইনগত, অসম চুক্তি আদি কেইবাটাও দিশৰ পৰা ত্ৰুটিপূৰ্ণ বুলি দাবী কৰে।

“এনেকুৱা এখন ভুল বিধেয়ক ৰাজ্যসভাৰ সভাপতি, উপ-সভাপতি বা প্ৰিজাইডিং অফিচাৰে সদনত হোৱা হুলস্থূলীয়া পৰিৱেশৰ মাজেৰে গৃহীত কৰোৱাৰ চেষ্টা কৰিবলৈও সাহস নকৰিব”, পূৰ্বে বিত্ত, বৈদেশিক পৰিক্ৰমা আদিৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত থকা সিনহাই কয়।

ইপিনে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালৰ এইখনেই শেষ সংসদৰ অধিৱেশন, গতিকে এইবাৰ বিধেয়কখন গৃহীত কৰাব নোৱাৰিলে আগলৈ আৰু নোৱাৰে বুলিও সিনহাই মন্তব্য কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে তেওঁ বিজেপি পুনৰ কেন্দ্ৰত শাসনলৈ নাহে বুলি এটা পূৰ্বানুমান দাঙি ধৰে। “মই আত্মবিশ্বাসেৰে কওঁ এই চৰকাৰখন আৰু দ্বিতীয়বাৰলৈ জয়ী হ’ব নোৱাৰে”, সিনহাৰ দাবী।

অহা লোকসভা নিৰ্বাচনত বিজেপিয়ে উত্তৰ-পূবত যাতে এখনো আসন নাপায় তাৰ বাবে উত্তৰ-পূবৰ ৰাইজক ঐক্যবদ্ধ হ’বলৈও তেওঁ আহ্বান জনায়।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে উত্তৰ-পূবৰ ৰাইজৰ লগত তেওঁ পূৰ্ণ শক্তিৰে থাকিব বুলি কৈ যেতিয়াই প্ৰয়োজন হয় এই অঞ্চলৰ ৰাইজৰ লগত তেওঁ যুদ্ধত নামিবলৈও সাজু বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে যশৱন্ত সিনহাৰ পুতেক জয়ন্ত সিনহা বিজেপিৰ এজন সাংসদ আৰু তেওঁ মোদী চৰকাৰত অসামৰিক বিমান পৰিবহণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

Recent News

Congress rally স্বাধীনতা দিৱসত গুৱাহাটী মহানগৰীত ১০ সহস্রাধিক নেতা-কর্মীয়ে মুখৰিত কৰিলে আকাশ-বতাহ

Congress rally স্বাধীনতা দিৱসত গুৱাহাটী মহানগৰীত ১০ সহস্রাধিক নেতা-কর্মীয়ে মুখৰিত কৰিলে আকাশ-বতাহ

High Blood Pressure

High Blood Pressure at Early Age: কম বয়সত উচ্চ ৰক্তচাপৰ কাৰণ কি জানেনে?

Road accident স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন নিহত

Road accident স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন নিহত

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd