• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ নামত প্ৰবঞ্চনা চৰকাৰৰ! অভিযোগ ডি ৱাই এফ আইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2023 8:56 pm
DYFI Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে শিক্ষকসকলৰ প্ৰতি ডাঙৰ প্ৰবঞ্চনা আৰু অন্যায় কৰিবলৈ ওলাইছে। এই অভিযোগ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ।

ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে বেতন সুৰক্ষা নিশ্চিত নকৰাকৈ এই নিয়মীয়াকৰণ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীক এই অন্যায় বন্ধ কৰিবলৈ দাবী জনাইছে।

Apply Now

এক বিবৃতি যোগে সংগঠনটোৱে কয় যে সমগ্ৰ ৰাজ্যতে সৰ্বশিক্ষাৰ অধীনত ২৫,৫০০ জন আৰু ষ্টেট পুলৰ অধীনত ৯,৫০০ জনসহ সৰ্বমুঠ ৩৫ হাজাৰ শিক্ষকে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত হৈ আছে।

ইয়াৰ উপৰি উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰায় ৪,৫০০ শিক্ষকে ঠিকাভিত্তিক শিক্ষক হিচাপে কৰ্মৰত হৈ আছে বুলিও আঙুলিয়াই দিয়ে সংগঠনটোৱে।

শিক্ষক সংগঠন, ডি ৱাই এফ আইৰ লগতে অন্য বিভিন্ন সংগঠনে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনাই আহিছে বুলি উল্লেখ কৰি সংগঠনটোৱে ২০১৬ চনত বিজেপি দলেও শাসনলৈ আহিলে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিছিল বুলি সোঁৱৰাই দিয়ে।

সংগঠনটোৰ দাবী, ধাৰাবাহিক আন্দোলনৰ হেঁ‌চাত চৰকাৰখনে অৱশেষত নিয়মীয়াকৰণৰ কথা ঘোষণা কৰিছে যদিও যি চৰ্তৰ ভিত্তিত নিয়মীয়াকৰণ কৰিবলৈ লৈছে সেয়া মুঠেও গ্ৰহণযোগ্য নহয়।

ঠিকাভিত্তিক শিক্ষকসকলে ১২/১৩ বছৰ চাকৰি কৰাৰ পাছত বছৰেকীয়া দৰমহা বৃদ্ধিৰ ফলত বৰ্তমানে যি দৰমহা লাভ কৰে নিয়মীয়াকৰণ হ’লে সেয়া সম্ভৱ নহ’ব বুলি দাবী কৰে ডি ৱাই এফ আই- এ।

লগতে শিক্ষকসকলৰ এই দীঘলীয়া চাকৰিকালো নিয়মীয়া চাকৰিত বিবেচনালৈ নাহিব আৰু এয়া সম্পূৰ্ণ নতুন নিযুক্তি বুলি গণ্য কৰা হ’ব বুলি সংগঠনটোৱে অভিযোগ কৰে।

“উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকল ২০/২২ বছৰ ধৰি শিক্ষক হিচাপে কৰ্মৰত হৈ আছে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই এই শিক্ষকসকলকো নতুন নিযুক্তি হিচাপে দেখুৱাব।”- বিবৃতিটোত এইদৰে কয় সংগঠনটোৱে।

ডি ৱাই এফ আইৰ মতে, এয়া শিক্ষক সমাজৰ প্ৰতি প্ৰবঞ্চনাই নহয়, এয়া ডাঙৰ অন্যায় আৰু ইয়াৰ ফলত বছৰ বছৰ ধৰি নিষ্ঠাৰে শিক্ষা সেৱাত ব্ৰতী হৈ থকা ঠিকাভিত্তিক শিক্ষকসকলে বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে ডাঙৰ মানসিক আঘাত পাব।

সেয়ে বেতন সুৰক্ষাসহ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ লগতে পূৰ্বৰ যোগদান কৰা দিনৰ পৰাই চাকৰি কাল নিশ্চিত কৰিবলৈ দাবী জনাইছে ডি ৱাই এফ আইয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd