তালিবান শাসিত আফগানিস্তানলৈ পুনৰ সাহায্য হিচাপে ২০ হাজাৰ মেট্ৰিক টন প্ৰেৰণ কৰিব ভাৰতে। মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত ভাৰত-মধ্য এছিয়াৰ যুটীয়া কৰ্মগোটৰ বৈঠকত এই ঘোষণা কৰা হয়।
এই বৈঠকত ভাৰত, কাজাখস্তান, কিৰ্গিজ ৰিপাব্লিক, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ বিশেষ ৰাষ্ট্ৰদূত তথা উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে।
আফগানিস্তানত থকা ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী (UNWFP) ৰ প্ৰতিনিধিয়ে বৈঠকত অংশগ্ৰহণকাৰী প্ৰতিনিধিসকলক বৰ্তমানৰ মানৱীয় পৰিস্থিতি আৰু আগন্তুক বছৰৰ বাবে প্ৰয়োজনীয় সাহায্যৰ বিষয়ে অৱগত কৰে।
বৈঠকৰ পিছতে প্ৰকাশ কৰা এক যৌথ বিবৃতিত ভাৰতে UNWFP- ৰ সৈতে সহযোগ আগবঢ়াই চাবাহাৰ বন্দৰৰ জৰিয়তে আফগানিস্তানক ২০ হাজাৰ মেট্ৰিক টন ঘেঁহুৰ সাহায্য যোগান ধৰাৰ কথা ঘোষণা কৰিছে।
২০২১ চনৰ আগষ্ট মাহত তালিবানে আফগানিস্তানৰ ক্ষমতা অধিগ্ৰহণ কৰাৰ পাছতে অক্টোবৰ মাহত ভাৰতে পাকিস্তানৰ মাজেৰে স্থলপথেৰে ৫০ হাজাৰ মেট্ৰিক টন ঘেঁহু প্ৰেৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল।
আনুষ্ঠানিক আলোচনাৰ অন্তত সেই বৰ্ষৰে নৱেম্বৰ মাহত পাকিস্তানে ভাৰতৰ প্স্তাৱত সেউজ সংকেত দিয়ে আৰু ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় ঘেঁহু কঢ়িয়াই অনা প্ৰথমখন ট্ৰাক পাকিস্তানৰ পথেৰে আফগানিস্তানলৈ যাত্ৰা কৰিছিল।
কিন্তু পাকিস্তানে অনুমতি দিয়া নিৰ্দিষ্ট সময়ত ভাৰতে মাত্ৰ ৪০ হাজাৰ মেট্ৰিক টন ঘেঁহুহে প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ অনুৰোধৰ পিছতো পাকিস্তানে সময়সীমা বৃদ্ধি কৰা নাছিল বুলি প্ৰকাশ পাইছিল।
ইয়াৰ পূৰ্বে ভাৰতে ইৰানৰ চাবাহাৰ বন্দৰ ব্যৱহাৰ কৰি আফগানিস্তানলৈ সাহায্য প্ৰেৰণ কৰিছিল।
কালিৰ বৈঠকত আফগানিস্তানলৈ মানৱীয় সাহায্য অব্যাহত ৰখাৰ সিদ্ধান্তৰ লগতে ভাৰত আৰু মধ্য এছিয়াৰ প্ৰতিনিধিসকলে আফগানিস্তানৰ সাৰ্বভৌমত্ব, ঐক্য আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু দেশখনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ ওপৰতো পুনৰ গুৰুত্ব আৰোপ কৰে।
অংশগ্ৰহণকাৰীসকলে লগতে আফগানিস্তানত শিক্ষাৰ সুবিধাকে ধৰি মহিলা, যুৱতী আৰু সংখ্যালঘু গোটৰ সদস্যসকলৰ সম অধিকাৰ নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।