এছিয়া কাপ ২০২৫ৰ ছুপাৰ–৪ পৰ্যায়ত আজি মুখামুখি হ’ব চিৰ-প্ৰতিদ্বন্দী ভাৰত আৰু পাকিস্তান। গ্ৰুপ পৰ্যায়ৰ মেচত দুয়ো দলে জয়ী হৈ ছুপাৰ–৪লৈ যোগ্যতা অৰ্জন কৰাৰ পিছত আজি নিশা ৮ বজাৰ লগে লগে অনুষ্ঠিত হ’ব বহুল প্ৰত্যাশিত এই মেচখন।
প্ৰসঙ্গক্ৰমে ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ মেচত ভাৰতে পাকিস্তানক সহজেই পৰাজিত কৰিছিল। কিন্তু উক্ত মেচখনক লৈ দেশত উদ্ভৱ হৈছিল বিতৰ্ক। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পিছত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে বহুতে ভাৰতীয় দলক পাকিস্তানৰ সৈতে খেল নেখেলিবলৈ আহ্বান জনাইছিল। তদুপৰি, টছৰ সময়ত তথা মেচ সম্পূৰ্ণ হোৱাৰ পিছত অধিনায়ক সূৰ্যকুমাৰ যাদৱসহ খেলুৱৈসকলে কৰমৰ্দন নকৰাকৈ খেলপথাৰ এৰাৰ দৃশ্যেও বিতৰ্ক সৃষ্টি কৰিছিল।
অধিনায়ক সূৰ্যৰ বিশেষ মন্তব্যই মেচৰ পিছত বিতৰ্কক অধিক তীব্ৰ কৰি তুলিছিল। এতিয়াও সেই কথাবাৰ্তাৰ প্ৰতি দেশবাসীৰ মনোযোগ কেন্দ্ৰীভূত হৈ আছে।
আজিৰ মেচত ভাৰতে নিজৰ জয়ৰ ধাৰা অব্যাহত ৰাখিব পাৰিব নে সেয়াহে এতিয়া সৰ্বাধিক গুৰুত্বপূৰ্ণ প্ৰশ্ন। বিশেষকৈ অধিনায়ক সূৰ্যৰ নেতৃত্বত ভাৰতীয় দলৰ কৌশল, খেলুৱৈসকলৰ দৌৰ, আৰু পাকিস্তানৰ শক্তিশালী বোলিং আক্রমণৰ বিৰুদ্ধে ৰণকৌশল প্ৰয়োগে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
অন্যহাতে, আজিৰ মূল একাদশত পৰিৱৰ্তন দেখা যাব বুলি অনুমান কৰা হৈছে। ওমানৰ বিপক্ষে যশপ্ৰীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তীক বিশ্ৰাম দিয়া হৈছিল। সেইবাবে পাকিস্তানৰ বিৰুদ্ধে তেওঁলোকৰ দলত পুনৰ প্ৰত্যাবৰ্তনৰ সম্ভাৱনা আছে। অৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণাৰ স্থলত পুনৰ অভিজ্ঞ বোলাৰসকলক সামিল কৰাৰ সম্ভাৱনা বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।





