ইতিমধ্যে আমেৰিকাই ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে কমলা হেৰিছক লাভ কৰিছে। এইবাৰ ভাৰতীয় মূলৰ আৰু তিনিজন ভাৰতীয়ই পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰত অংশগ্ৰহণ কৰিবলৈ ওলাইছে।
নিকি হেলী, বিবেক ৰামাস্বামীৰ পিছত এইবাৰ আগবাঢ়ি আহিল হৰ্ষবৰ্ধন সিঙ। পেছাত তেওঁ এগৰাকী অভিযন্তা। হৰ্ষবৰ্ধন ৰিপাব্লিকান দলৰ মনোনয়নৰ বাবে দাখিল কৰা ভাৰতীয় মূলৰ তৃতীয়জন ব্যক্তি।
শেহতীয়াকৈ হৰ্ষবৰ্ধনে ২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি টুইটাৰত ভিডিঅ’ বাৰ্তা প্ৰদান কৰিছিল। ৩৮ বছৰীয়া ভাৰতীয়-আমেৰিকান অভিযন্তাগৰাকীয়ে তেওঁৰ ভিডিঅ’ বাৰ্তাত কয়, “আজীৱন ৰিপাব্লিকান” আৰু “প্ৰথমে আমেৰিকান”। যিয়ে নিউ জাৰ্চি ৰিপাব্লিকান পাৰ্টিৰ ৰক্ষণশীল শাখাটো পুনৰুদ্ধাৰৰ বাবে কাম কৰিছিল।
লগতে পঢ়ক: মণিপুৰৰ হিংসাত জ্বলি ছাই হৈ গ’ল ভাৰতীয় জাতীয় দলৰ ফুটবলাৰৰ সপোন; আক্ষেপ চিংলেনছানাৰ
তেওঁৰ ৩ মিনিটৰ ভিডিঅ’ বাৰ্তাটোত হৰ্ষবৰ্ধনে কয় যে, “যোৱা কেইবছৰমানৰ পৰা আমেৰিকাত যিবোৰ পৰিৱৰ্তন হৈছে সেইবোৰ সলনি কৰি আমেৰিকাৰ মূল্যবোধ পুনৰুদ্ধাৰ কৰিবলৈ আমাক শক্তিশালী নেতৃত্বৰ প্ৰয়োজন। সেয়ে, মই ২০২৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে ৰিপাব্লিকান পাৰ্টিৰ মনোনয়ন বিচাৰিম।”
আনহাতে, আন এগৰাকী ভাৰতীয়-আমেৰিকান ৰাজনীতিবিদ নিকি হেলী ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী হোৱাৰ দৌৰত নামিছে। ড’নাল্ড ট্ৰাম্পৰ অধীনত দক্ষিণ কেৰ’লিনাৰ গৱৰ্ণৰ আছিল নিকি। ৰাষ্ট্ৰসংঘত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ দায়িত্বও তেওঁ চম্ভালিছে। তদুপৰি, ২০১৮ চনত ট্ৰাম্প প্ৰশাসনৰ পৰাও মতানৈক্যৰ বাবে পদত্যাগ কৰিছিল।
ভাৰতীয়-আমেৰিকান উদ্যোগপতি বিবেক ৰামাস্বামীও ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰামাস্বামীৰ শিপা ভাৰতৰ কেৰালাত। অৱশ্যে তেওঁ আমেৰিকাত ডাঙৰ-দীঘল হৈছে।
লগতে পঢ়ক: পৰাজিত হ’লেই পাৰমাণৱিক যুদ্ধ! ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণৰ সন্মুখত ৰাছিয়াৰ কঠোৰ বাৰ্তা
উল্লেখ্য যে আমেৰিকাত পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২৪ চনৰ ৫ নৱেম্বৰত হ’ব। ইতিমধ্যে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰিপাব্লিকান দলৰ প্ৰাৰ্থী হ’ব বিচৰা বুলি ঘোষণা কৰিছে।