মোডীৰ স্বদেশী প্ৰযুক্তিৰ আত্মসমৰ্পন! টুইটাৰক প্ৰত্যাহ্বান জনাবলৈ গৈ বন্ধই হৈ গ’ল ‘Koo’

মাত্ৰ দুবছৰমান আগতে তেওঁলোকে ঘোষণা কৰিছিল যে ই টুইটাৰৰ বিকল্প হ’ব। দুবছৰৰ ভিতৰতে তলা লগাবলৈ আগবাঢ়িছে ভাৰতীয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘কু’(Koo)। প্ৰতিষ্ঠাপক অপৰমেয় ৰাধাকৃষ্ণ আৰু মায়ংক বিদাবাটকাই কয় যে অংশীদাৰিত্বৰ সমস্যা, কাৰিকৰী ত্ৰুটি আৰু ধনৰ অভাৱতে অৱশেষত কু বন্ধ কৰিবলগীয়া হৈছে।

‘কু’ৰ যাত্ৰা আৰম্ভ হৈছিল ২০১৯ চনৰ পৰা। ভাৰতৰ টেক-কেপিটেল বাংগালুৰুত মুখ্য কাৰ্যালয়। এতিয়াৰ ‘এক্স’, পূৰ্বৰ টুইটাৰৰ আৰ্হিত বনোৱা ‘কু’ৰ প্ৰতীকটোও আছিল ‘টুইটাৰ’ৰ আৰ্হিতে বনোৱা হালধীয়া কুলি চৰাই। আৰম্ভণিতে অৱশ্যে ‘কু’ৰ ব্যৱহাৰকাৰী বিশেষ বৃদ্ধি হোৱা নাছিল। কিন্তু হঠাৎ ৰাজনীতিৰ সৌজন্যত ইয়াৰ কপাল খোল খালে।

২০২১ চনত তিনিখন কৃষি আইন গৃহীত কৰাৰ পিছতে দেশজুৰি হুলস্থুলৰ সৃষ্টি হ’ল। কৃষকক নূন্যতম সমৰ্থন মূল্য দি কৰ্পৰেট জগতৰ অধীন কৰা হৈছে বুলি আশংকাত হাজাৰ হাজাৰ কৃষকে ৰাজপথলৈ ওলাই আহিল। পঞ্জাৱ, হাৰিয়ানাকে ধৰি উত্তৰ ভাৰতৰ সকলো কৃষক সংগঠনে তীব্ৰ আন্দোলনৰ আহ্বান জনায়। কৃষকৰ দল এটাই দিল্লী-গুৰুগ্ৰাম সীমান্ত দখল কৰি বহে। ট্ৰেক্টৰে-ট্ৰেক্টৰে আহি চৰকাৰৰ বিৰুদ্ধে প্ৰত্যক্ষ সংঘৰ্ষৰ সকীয়নি দিয়ে কৃষক নেতাসকলে।

লগতে পঢ়কঃ ব্ৰিটেইনত লেবাৰ পাৰ্টিৰ নিৰংকুশ জয়; ঋষি সুনকৰ বিদায়, নতুন প্ৰধানমন্ত্ৰী হ’ব কেইৰ ষ্টাৰ্মাৰ

নৰেন্দ্ৰ মোডী চৰকাৰৰ একচ্ছত্ৰী ক্ষমতাৰ আগত অস্থিৰ হৈ পৰা বিৰোধীসকলে মোডী চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ৰাজপথলৈ ওলাই আহে। এনে পৰিস্থিতিৰ মাজতে টুইটাৰে বিজেপি চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হয়। একাধিক টুইটাৰ একাউণ্ট ‘ব্লক’ কৰাৰ নিৰ্দেশ দিয়ে মোডী চৰকাৰে। ইয়াৰ ভিতৰত আছিল একাধিক সংবাদ মাধ্যম, সাংবাদিক আৰু বিৰোধী নেতা।

চৰকাৰে তেওঁলোকে ভুৱা বাতৰি বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰে। টুইটাৰে প্ৰথমে এই নিৰ্দেশনা মানি লৈছিল। কিন্তু কিছুমান একাউণ্ট তেওঁলোকে বন্ধ কৰিবলৈ অস্বীকাৰ কৰে। জেক ডৰ্চিৰ নেতৃত্বত টুইটাৰ প্ৰশাসনে কয় যে যদি এইবোৰ বন্ধ কৰা হয় তেন্তে বাক স্বাধীনতাৰ পৰিসৰ বুলি একো নাথাকিব।

ইয়াৰ পোতক লয় বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে। ভাৰতত থকা সংস্থাটোৰ কৰ্মচাৰীসকলে ভাৰতীয় আইন মানি নচলিলে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়া হয়। এনে পৰিস্থিতিত দলে-বলে বিজেপিৰ নেতাসকলে টুইটাৰ এৰি ‘কু’ৰ দিশে যাত্ৰা আৰম্ভ কৰে। সমৰ্থকসকলকো টুইটাৰ এৰি ‘কু’ত যোগ দিবলৈ আহ্বান জনায়।

লগতে পঢ়কঃ পিছৰ শাৰীত বিশ্বকাপ জয়ী বিন্নী! শ্বাহ, শুক্লাৰ ক্ষমতাৰ ৰাগীত কুন্ঠিত ভাৰতীয় ক্ৰিকেট অনুৰাগী

পীয়ুষ গোৱাল, ৰবি শংকৰ প্ৰসাদৰ দৰে হেভিৱেট নেতাসকলো এই অভিযানত নামি পৰিছিল। তেওঁলোকৰ আহ্বানত শাসকীয় দলৰ সমৰ্থকসকলে দলে দলে কুলৈ যাবলৈ আৰম্ভ কৰে। ক্ৰমান্বয়ে বৃদ্ধি পায় ইউজাৰৰ সংখ্যা। সেই সময়ত দৈনিক কুৰ ইুজাৰ আছিল প্ৰায় ২১ লাখ! কেৱল ৰবিশংকৰ প্ৰসাদৰে ‘ফ’ল’ৱাৰ’ আছিল ২০ লাখ। ভাৰতৰ বাহিৰৰ কিছুমান দেশতো ‘কু’ৱে ব্যৱসায় বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিলে। মোডী চৰকাৰৰ মন্ত্ৰীসকলে ইয়াক সচৰাচৰ কৰাৰ দৰে ‘মেক ইন ইণ্ডিয়া’ত ভাৰতৰ সফলতা বুলি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে।

কিন্তু প্ৰতিষ্ঠাপক অপৰামেয়া আৰু মায়ংকে কয় যে, ‘টুইটাৰ’ক পৰাস্ত কৰাৰ সকলো উপায় থকাৰ পিছতো বজাৰত একোতেই বৰ্তি থাকিব নোৱাৰিলে কু। বহুত চেষ্টা কৰিছিলোঁ। কিন্তু বিনিয়োগ নাহিল।

বাণিজ্যিক আলোচনী ফৰ্বছে কয় যে টুইটাৰৰ সৈতে ‘কু’ৰ বহু মিল আছে। কিন্তু তাৰপিছতো কু হৈ পৰিল মূলতঃ বিজেপি সমৰ্থকৰ বিচৰণভূমি। মুছলমান বিৰোধী ঘৃণামূলক ভাষণ বৃদ্ধি পাইছিল। কু-ৰ প্ৰতিষ্ঠাপকসকলেও মুখত নিৰপেক্ষতাৰ কথা কৈছিল যদিও উগ্ৰ সোঁপন্থী ইউজাৰৰ আগত মূৰ নত কৰিছিল। ফলত নিৰপেক্ষ মঞ্চৰ পৰিৱৰ্তে ‘কু’ বিশেষ ৰাজনৈতিক মতাদৰ্শীকলৰ স্থান হৈ পৰিল।

লগতে পঢ়কঃ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বিদ্যালয়,পথ নিৰ্মাণ কৰি NGT ৰ ৰোষৰ সন্মুখীন অসম চৰকাৰ

বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি ২০২৩ চনৰ এপ্ৰিল মাহত কু-ৱে ইয়াৰ ২৬০ জনীয়া কৰ্মশক্তিৰ ৩০ শতাংশ কৰ্তন কৰিছিল। শীৰ্ষ কৰ্মকৰ্তাসকলে কয় যে বিনিয়োগৰ অভাৱৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। অৱশেষত তেওঁলোকে বন্ধ কৰিয়েই দিব লগা হৈছে।