• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

চীনৰ কেন্দ্ৰীয় নিয়ন্ত্ৰিত শাসন ব্যৱস্থাই দ্ৰুত বিকাশ আৰু দৰিদ্ৰতা নিৰাময়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আনহাতে, গণতান্ত্ৰিক গাঁথনিত সকলোৰে মতামতৰ গুৰুত্বৰ বাবে ভাৰতৰ সিদ্ধান্ত গ্ৰহণ আৰু উন্নয়নৰ গতি তুলনামূলকভাৱে লেহেমীয়া।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2026 3:13 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মূলৰ পেপচিকোৰ প্ৰাক্তন চিইঅ’ ইন্দ্ৰা নুয়ীৰ শেহতীয়া মন্তব্যক কেন্দ্ৰ কৰি এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে। আমেৰিকাৰ হুভাৰ ইনষ্টিটিউচনক দিয়া এক দীঘলীয়া সাক্ষাৎকাৰত তেওঁ ভাৰতৰ কৰ্পৰেট সংস্কৃতি, সামাজিক বাস্তৱতা আৰু প্ৰশাসনিক গাঁথনিক মুকলিকৈ সমালোচনা কৰে।

একে সময়তে চীনৰ আন্তঃগাঁথনি, অনুশাসন আৰু উন্নয়নৰ আৰ্হিক প্ৰশংসা কৰে। তেওঁৰ মতে, যদি তেওঁ আমেৰিকালৈ নগ’লেহেঁতেন তেন্তে ভাৰতৰ মাটিত থাকি তেওঁ কেতিয়াও বিশ্বৰ এটা বৃহৎ কোম্পানীৰ চিইঅ’ হ’ব নোৱাৰিলেহেঁতেন।

Apply Now

নুয়ীয়ে কয় যে আমেৰিকাৰ মেৰিট’ক্ৰেটিক বা যোগ্যতাভিত্তিক ব্যৱস্থাই তেওঁক নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ দিছে। অনুপ্ৰৱেশকাৰী হোৱাৰ পিছতো বহুজাতিক কোম্পানী এটাৰ উচ্চতম পদবীত উপনীত হ’বলৈ সক্ষম হৈছে, যিটো তেওঁৰ মতে বিশ্বৰ অতি কম সংখ্যক দেশতে সম্ভৱপৰ। তেওঁ স্পষ্ট ভাষাত কয়, ‘মই ভাৰতত থকা হ’লে পেপচিকোৰ দৰে কোম্পানী এটাৰ চিইঅ’ কেতিয়াও হ’ব নোৱাৰিলোহেঁতেন।’

ভাৰত আৰু চীনৰ তুলনা কৰি নুয়ীয়ে কয় যে এজন পৰ্যটকৰ দৃষ্টিকোণৰ পৰা চীন বহুত পৰিষ্কাৰ, অধিক শৃংখলাবদ্ধ আৰু যাতায়ত কৰাত সহজ। আনহাতে ভাৰতৰ বৈচিত্ৰ্য আৰু বিশৃংখল পৰিৱেশ বহুতৰে বাবে প্ৰত্যাহ্বানমূলক হ’ব পাৰে।

তেওঁৰ ভাষাত, ‘যিসকলে পৰিষ্কাৰ আৰু সুসংগঠিত জীৱন পছন্দ কৰে, তেওঁলোকৰ বাবে ভাৰত কঠিন যেন লাগিব। কিন্তু ভাৰতৰ সৌন্দৰ্য্য ইয়াৰ বিশৃংখলতাত নিহিত হৈ আছে।’ উদাহৰণ হিচাপে তেওঁ পথত যান-জঁটৰ মাজত গৰু চলাচলৰ কথাও উল্লেখ কৰে। অৱশ্যে তেওঁৰ মতে ভাৰতীয়সকলৰ বিশেষ দক্ষতা হ’ল এই বিশৃংখলতাৰ মাজেৰে বাট বিচাৰি উলিওৱা।

শৈশৱৰ কথা উল্লেখ কৰি নুয়ীয়ে কয় যে স্বাধীনতাৰ পাছৰ ষাঠি আৰু সত্তৰৰ দশকত ভাৰতত নাৰীৰ সামাজিক মৰ্যাদা বৰ বেছি শক্তিশালী নাছিল। বেছিভাগ মহিলাই গৃহবন্দী জীৱন কটাইছিল। অৱশ্যে তেওঁৰ পৰিয়ালে তেওঁক ডাঙৰ সপোন দেখিবলৈ শিকাইছিল। বিশেষকৈ দেউতাক আৰু ককায়েকৰ উৎসাহেই তেওঁক উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ সাহস দিছিল।

ভাৰত আৰু চীনৰ উন্নয়নৰ আৰ্হিৰ তুলনা সন্দৰ্ভতো নুয়ীয়ে নিজৰ মতামত প্ৰকাশ কৰে। তেওঁৰ মতে, চীনৰ কেন্দ্ৰীয় নিয়ন্ত্ৰিত শাসন ব্যৱস্থাই দ্ৰুত বিকাশ আৰু দৰিদ্ৰতা নিৰাময়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আনহাতে, গণতান্ত্ৰিক গাঁথনিত সকলোৰে মতামতৰ গুৰুত্বৰ বাবে ভাৰতৰ সিদ্ধান্ত গ্ৰহণ আৰু উন্নয়নৰ গতি তুলনামূলকভাৱে লেহেমীয়া। অৱশ্যে গণতন্ত্ৰ ভাৰতৰ সৰ্বোচ্চ শক্তি বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। কাৰণ স্বৈৰাচাৰী শাসন ব্যৱস্থাত অনুপস্থিত গণতান্ত্ৰিক ব্যৱস্থাত শান্তিপূৰ্ণ ক্ষমতাৰ পৰিৱৰ্তন সম্ভৱপৰ।

ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈও নুয়ী আশাবাদী। তেওঁৰ মতে, বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰত আৰু আমেৰিকা স্বাভাৱিক কৌশলগত অংশীদাৰ। ভাৰতৰ বৃহৎ যুৱ জনসংখ্যা, ইংৰাজী ভাষী দক্ষ শ্ৰমিক আৰু চফটৱেৰ, অভিযান্ত্ৰিক আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ৰমবৰ্ধমান সামৰ্থ্যই ভৱিষ্যতৰ বিশ্ব অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ দুয়োখন দেশৰ নেতৃত্বক নিজৰ অহংকাৰ একাষৰীয়া কৰি পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

চীনৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ কথা উল্লেখ কৰি নুয়ীয়ে কয় যে বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিত ভাৰতৰ নিৰাপত্তা কেৱল ভাৰতৰ বাবেই নহয়, আমেৰিকাৰ কৌশলগত স্বাৰ্থৰ বাবেও অতি গুৰুত্বপূৰ্ণ। তেওঁৰ মতে, ভাৰতৰ গণতন্ত্ৰক শক্তিশালী কৰি ৰাখিবলৈ আৰু কঠিন চুবুৰীয়া পৰিৱেশত নিৰাপত্তা নিশ্চিত কৰিবলৈ ৱাশ্বিংটনৰ সহযোগিতাৰ প্ৰয়োজন। ইতিমধ্যে ইন্দ্ৰ নুয়ীৰ মন্তব্যই ভাৰতীয় ৰাজনৈতিক আৰু কৰ্পৰেট মহলত ব্যাপক চৰ্চা আৰু বিতৰ্কৰ সূচনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am
সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

August 15, 2026 7:50 am
স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am
সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

August 15, 2026 7:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd