• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বাংলাদেশৰ অস্থিৰতা: অঞ্চলটোৰ বাবে এটা অশুভ সংকেত

পাৰভিন চুলতানা by পাৰভিন চুলতানা
January 3, 2026 8:40 am
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশ পুনৰ এবাৰ ৰাজনৈতিক হিংসা আৰু সামাজিক অস্থিৰতাৰ গভীৰ গহ্বৰলৈ পতিত হৈছে। যোৱা কিছুদিনৰ ঘটনাবলীয়ে স্পষ্ট কৰি দিছে যে ২০২৪ চনৰ গণ-আন্দোলনৰ পাছত দেশখন যি “নতুন আৰম্ভণি”ৰ আশা কৰিছিল, সেয়া এতিয়াও অসম্পূৰ্ণ আৰু ভংগুৰ হৈ আছে। প্ৰতিবাদ, অগ্নিসংযোগ, সংবাদ-মাধ্যমৰ ওপৰত আক্ৰমণ আৰু লিঞ্চিঙৰ দৰে ঘটনাবোৰে কেৱল চৰকাৰী ব্যৰ্থতাকেই নহয়, বৰং সমাজখনৰ গভীৰ বিভাজনো উন্মোচিত কৰিছে।

এইবাৰৰ অস্থিৰতাৰ তাৎক্ষণিক সূত্ৰপাত এজন পৰিচিত আন্দোলনকাৰী আৰু ছাত্র নেতা হাদীৰ মৃত্যুৰ পৰা হ’লেও, সমস্যাটো বহু গভীৰ। ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা, অবিশ্বাস, গুজৱ আৰু সামাজিক মাধ্যমৰ উচটনিয়ে একোটা ঘটনাক মুহূৰ্ততে গণ-হিংসালৈ ৰূপান্তৰিত কৰিব পৰা পৰিস্থিতি সৃষ্টি কৰিছে। সংবাদ প্ৰতিষ্ঠান আৰু সাংস্কৃতিক সংগঠন লক্ষ্য কৰি কৰা আক্ৰমণ বিশেষভাৱে চিন্তাজনক, কিয়নো ই মতপ্ৰকাশৰ স্বাধীনতা আৰু গণতান্ত্ৰিক পৰিসৰৰ ওপৰত প্ৰত্যক্ষ আঘাত হানিছে।

Apply Now

যোৱা কিছু সপ্তাহত আকৌ বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনাই দেশখনৰ আইন শৃঙ্খলাৰ দুৰাৱস্থাৰ কথা উনুকিয়াই দিছে। প্রথমতে দীপু চন্দ্র দাস আৰু তাৰ পিছত অমৃত মণ্ডল নামৰ দুগৰাকী ব্যক্তিৰ হত্যাই আকৌ সংখ্যালঘুৰ সুৰক্ষাৰ প্রশ্ন উত্থাপন কৰিছে। কিন্তু সংখ্যালঘু সম্প্রদায়ৰ ওপৰত হোৱা এই আক্রমণবোৰ বাংলাদেশৰ সাম্প্রতিক ৰাজনৈতিক পৰিস্থিতিৰ পৰা পৃথক কৰি চোৱা অনুচিত।

২০২৪ চনৰ ছাত্র নেতাসকলৰ নেতৃত্বত গঢ়ি উঠা গণ আন্দোলনে ৰাজনৈতিক দায়বদ্ধতা পুনৰ স্থাপন কৰিব বুলি আশা কৰিছিল বহুতে। কিন্তু কোনো স্পষ্ট মতাদর্শৰে অনুপ্রেণিত নোহোৱা আৰু কোনো স্থায়ী আনুষ্ঠানিক ভিত্তি নথকা আন্দোলনটোৰ মুল লক্ষ্য হৈ পৰিল শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰাৰ। শ্বেখ হাছিনা দেশ এৰাৰ লগে লগে তেওঁৰ ৰাজনৈতিক প্রতিদ্ধন্দী বাংলাদেশ নেশ্যনাল পার্টীৰ নেতৃ খালেদা জিয়াকে আদি কৰি জামাতৰ বহু নেতা কাৰাদণ্ডৰ পৰা মুক্ত হয়। যদিও এক অন্তর্ৱর্তীকালীন চৰকাৰ গঠন কৰি দিয়া হয়, বাংলাদেশৰ ৰাজনৈতিক যাত্রা কোনদিশে কৰিছে, সেইটোকলৈ কাৰো সন্দেহ নাছিল।

২০২৪ৰ আন্দোলনত বহু ছাত্রীৰ সক্রিয় অংশগ্রহণ দেখা গৈছিল। কিন্তু আন্দোলনৰ পিছতে তেওঁলোকৰ ৰাজনৈতিক আৰু ৰাজহুৱা স্থিতিকলৈ প্রশ্ন উত্থাপন হব ধৰিল। ৰক্ষণশীল সোঁপন্থী শক্তিবোৰ যেন বাংলাদেশত আকৌ গা কৰি উঠিব ধৰিল। গণতন্ত্রৰ প্রতিশ্রূতি দিয়া সকল প্রতিক্রিয়াশীল শক্তিৰ প্রভাৱত যেন একাশৰীয়া হৈ থাকিল। ছাত্র ৰাজনীতিৰ পৰা উত্থাপিত ৰাজনৈতিক দল এন চি পিয়ে এক নতুন বিকল্প প্রদান কৰিব বুলি আশা কৰিছিল একাংশই। পিছে শেহতীয়া বাতৰি মতে জনপ্রিয় ছাত্র নেতা হাদীৰ হত্যাৰ পিছত এই দলটোৱে নির্বাচনত জামাতৰ লগত অংশগ্রহণ কৰিব বুলি ঘোষণা কৰিছে। এই সিদ্ধান্তৰ বিৰোধিতা কৰি একাংশ নেতাই দলত্যাগ কৰিছে।

এই পৰিবর্তনবোৰৰ প্রভাৱ কেৱল বাংলাদেশলৈ সীমিত নাথাকিব।এই সংকটৰ প্ৰভাৱ বাংলাদেশৰ সীমা পাৰ হৈ ইতিমধ্যে আঞ্চলিক ৰূপ লৈছে। বিশেষকৈ ভাৰতৰ ওপৰত ইয়াৰ এক প্ৰভাৱ পৰিলক্ষিত হৈছে। বহু বছৰ ধৰি ভাৰত–বাংলাদেশ সম্পৰ্কক দক্ষিণ এছিয়াৰ এক সফল সহযোগিতাৰ মডেল হিচাপে দাঙি ধৰা হৈছিল—বাণিজ্য, শক্তি, সীমান্ত ব্যৱস্থাপনা আৰু সংযোগৰ ক্ষেত্ৰত দুয়ো দেশেই লাভবান হৈছিল। উত্তৰ পুর্বাঞ্চল বিশেষ কৰি অসমত বাংলাদেশীকলৈ ৰাজনীতি হলেও, আৱামী লীগৰ চৰকাৰৰ লগত ভাৰত চৰকাৰৰ সদায় এক সৌহার্দ্যপূর্ণ সম্পর্ক আছিল। আনকি দুয়ো দেশ মিলি শ্বেখ মুজিবৰ ওপৰত এক চলচ্চিত্র নির্মাণ কৰিছিল। কিন্তু বৰ্তমানৰ অস্থিৰতাই এই সুসম্পৰ্কক এক অনিশ্চিত পৰ্যায়লৈ ঠেলি দিছে।

ভাৰতৰ বাবে এইটো এটা অতি সূক্ষ্ম মুহূর্ত। বাংলাদেশৰ আভ্যন্তৰীণ ৰাজনীতিত দৃশ্যমান হস্তক্ষেপে “বাহিৰৰ প্ৰভাৱ”ৰ অভিযোগ জগাই তুলিব পাৰে, যিটো ইতিমধ্যে কিছুমান প্ৰতিবাদত দেখা গৈছে। একে সময়তে, সম্পূৰ্ণ নীৰৱতা বা দূৰত্বই আঞ্চলিক নিৰাপত্তা আৰু বাণিজ্যিক স্বাৰ্থক ক্ষতিগ্ৰস্ত কৰিব পাৰে। তাৰ ওপৰিও বহু ভাৰতীয় ছাত্র ছাত্রী বাংলাদেশত অধ্যয়ণৰত। আৰু দুয়ো দেশৰ মাজৰ সম্পর্কৰ অৱনতিয়ে এই ছাত্র ছাত্রীৰ সুৰক্ষালৈও ভাবুকি কঢ়িয়াই আনিব পাৰে। সেয়ে ভাৰতৰ কূটনীতি এতিয়া সংযমী, স্বচ্ছ আৰু বহু-পক্ষীয় হোৱাটো অতি প্ৰয়োজনীয়।

তাৰ ওপৰিও আমি জানো যে উত্তৰ  পূর্বাঞ্চলৰ ৰাজ্যবোৰত প্রব্রজনকলৈ এক সংবেদনশীল পৰিস্থিতিৰ সৃষ্টি হয়। বাংলাদেশৰ প্রতিক্রিয়াশীল ৰাজনৈতিক নেতৃবৃন্দই প্রদান কৰা উচটনিমূলক বক্তব্যবোৰে এই পৰিস্থিতি আৰু বেয়াৰ পিনে ঠেলি দিয়াৰ সম্ভাৱনা আছে। উত্তৰ পুর্বাঞ্চলৰ ৰাজ্যবোৰৰ সার্বভৌমত্তকলৈ প্রশ্ন উত্থাপন কৰি কিছু বাংলাদেশী নেতাই অপৰিপক্কতাৰ পৰিচয় দিছে। এনে বক্তব্যৰ প্রতিক্রীয়া উত্তৰ পুর্বাঞ্চলৰ সংখ্যালঘু ধর্মাৱলম্বী মানুহৰ ওপৰত হব পাৰে যিটো অত্যন্ত চিন্তনীয়। সেয়ে বাংলাদেশৰ পৰিস্থিতি স্বাভাৱিক হোৱাটো কেৱল সেই দেশটোৰ কাৰণে নহয় গোটেই দক্ষিণ এশিয়াৰ সুস্থিৰতাৰ কাৰণে বাঞ্চনীয়।

প্ৰশ্নটো হ’ল—এই সংকটৰ পৰা ওলাই আহিবলৈ বাংলাদেশৰ বাবে পথটো কি? কেৱল শক্তি প্ৰয়োগে পৰিস্থিতি সাময়িকভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে যদিও স্থায়ী সমাধান দিব নোৱাৰে। বাংলাদেশৰ বিভিন্ন ঠাইত হোৱা প্রতিবাদে এইটো স্পষ্ট কৰিছে। প্ৰথম পদক্ষেপ হিচাপে আইন-শৃংখলা পুনৰুদ্ধাৰ কৰাটো প্ৰয়োজন, কিন্তু সেইটো নাগৰিক অধিকাৰ সুৰক্ষাৰ সৈতে সংযুক্ত হ’ব লাগিব। সাম্প্ৰতিক হিংসাত্মক ঘটনাবোৰৰ স্বচ্ছ আৰু বিশ্বাসযোগ্য তদন্ত নোহোৱালৈকে দেশৰ প্রশাসনৰ ওপৰত জনসাধাৰণৰ আস্থা পুনৰ ঘূৰি নাহিব।

দ্বিতীয়তে, ৰাজনৈতিক সংঘাত সমাধানৰ বাবে এখন অন্তৰ্ভুক্তিমূলক ৰাষ্ট্ৰীয় সংলাপ অত্যাৱশ্যক। চৰকাৰ, বিৰোধী দল, নাগৰিক সমাজ আৰু ছাত্ৰ সংগঠনক একে মেজত বহুৱাই নূন্যতম সহমত গঢ়ি তোলাৰ চেষ্টা নকৰিলে অস্থিৰতা দীঘলীয়া হ’ব। এই প্ৰক্ৰিয়াত আঞ্চলিক সহযোগীৰ সহায় ল’ব পাৰে, কিন্তু সেইটো পৰোক্ষ আৰু সংবেদনশীল হ’ব লাগিব।

ভাৰতৰ ক্ষেত্ৰত, দ্বিপাক্ষিক সহযোগিতাক তৎকালীন ৰাজনৈতিক টনা আঁজোৰাৰ পৰা আঁতৰাই ৰখাটো সমীচিন হ’ব। বাণিজ্য, সংযোগ আৰু মানৱিক সহযোগিতা অব্যাহত ৰাখি, বাংলাদেশৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো ভাৰতৰ স্বাৰ্থতেই আছে। একে সময়তে সকলো ৰাজনৈতিক পক্ষৰ সৈতে সংযোগ ৰক্ষা কৰাটোও জৰুৰী।

বাংলাদেশৰ বৰ্তমানৰ সংকট এটা সতৰ্কবাণী। এই সংকটে দেখুৱাইছে যে গণতান্ত্ৰিক পৰিৱর্তন কেৱল চৰকাৰ সলনি হোৱাতেই সীমাবদ্ধ নহয়, ইয়াৰ বাবে শক্তিশালী প্ৰতিষ্ঠান, সহনশীল ৰাজনীতি আৰু দায়িত্বশীল নাগৰিকৰ প্ৰয়োজন। বাংলাদেশত চৰকাৰ পৰিবর্তনৰ লগতে গণতান্ত্রিক মূল্যবোধৰ স্খলণৰ এক সম্ভাৱনা দেখা দিছে। অঞ্চলটোৰ শান্তি আৰু স্থিৰতাৰ বাবে বাংলাদেশে এক শান্তিপূর্ণ আৰু সহিষ্ণুতাৰ পথ বিচাৰি উলিয়াবই লাগিব আৰু তাৰ বাবে ওচৰ-প্ৰতিবেশী দেশসমূহে সংযম আৰু দায়িত্ববোধেৰে সহযোগিতা আগবঢ়াব লাগিব। এই লেখটো লিখাৰ সময়ত বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী খালেদা জীয়াৰ মৃত্যু হয় আৰু তেওঁৰ পুত্র তাৰিক ৰহমান বাংলাদেশলৈ প্রত্যাৱর্তন কৰে। আগন্তক নির্বাচনত বি এন পি দলৰ এক ইতিবাচক স্থিতি থকা বুলি অনুভৱ হয়। কিন্তু নতুন চৰকাৰে দায়িত্ব সহকাৰে পাক্তন চৰকাৰৰ ভুলবোৰ শুধৰোৱাৰ চেষ্টা নকৰিলে, বাংলাদেশৰ আভ্যন্তৰীণ স্বস্থিৰতা আকৌ ভাবুকিৰ সন্মুখীন হব। লগতে সংখ্যালঘু, মহিলা, জনজাতীয় মুলৰ বাংলাদেশী নাগৰিকৰ সুৰক্ষাকলৈও প্রশ্ন উত্থাপন হব।

পাৰভিন চুলতানা

পাৰভিন চুলতানা

প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা

Stay Connected

  • 117k Fans

Recent News

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm
আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm
আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd