• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিহত সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ মুৰব্বী; ঘোষণা কৰা হ’ল নতুন নেতাৰ নাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2023 11:33 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰাচ্যভিত্তিক সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট (আই এছ)ৰ মুৰব্বী আবু আল হুছেইন আল হুছেইনী আল কুৰেছী নিহত হৈছে। বৃহস্পতিবাৰে আই এছে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে।

সংগঠনটোৱে জানিবলৈ দিয়া মতে, উত্তৰ-পশ্চিম ছিৰিয়াত সংঘটিত হোৱা সংঘৰ্ষত আল কুৰেছি নিহত হয়। ইয়াৰ মাজতে আই এছে তেওঁৰ উত্তৰাধিকাৰীৰ নাম ঘোষণা কৰিছে। তেওঁৰ নাম আবু হাফছ আল হাছিমি আল কুৰেছি।

আই এছৰ এগৰাকী মুখপাত্ৰই অডিঅ’ বাৰ্তাযোগে কয় যে ইডলিব প্ৰদেশত জেহাদী গোট হায়াত তাহৰিৰ আল শ্বামৰ সৈতে প্ৰত্যক্ষ সংঘৰ্ষত তেওঁলোকৰ নেতা নিহত হৈছে।

Apply Now

লগতে পঢ়ক: তুমুল হুলস্থুলৰ মাজতে লোকসভাত গৃহীত দিল্লী সেৱা বিধেয়ক; বিৰোধীৰ সদন ত্যাগ, নিলম্বিত আপ সাংসদ

বৃহস্পতিবাৰে সংগঠনটোৰ টেলিগ্ৰাম চেনেলত প্ৰকাশ কৰা হয় এই প্ৰি-ৰেকৰ্ডিং বাৰ্তা। কিন্তু আবু আল হুছেইন আল কুৰেছিক হত্যা কৰাৰ সময় বিশেষভাৱে উল্লেখ কৰা হোৱা নাই।

আই এছৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে আবু হাফছ আল হাছিমি আল কুৰেছিয়ে আই এছৰ নতুন মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। তেওঁ সংগঠনটোৰ পঞ্চমজন নেতা।

যোৱা এপ্ৰিল মাহৰ শেষৰ ফালে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগানে ঘোষণা কৰিছিল যে ছিৰিয়াত তুৰ্কীৰ চোৰাংচোৱা সংস্থা এম আই টিৰ অভিযানত আই এছৰ এজন সন্দেহযুক্ত নেতা নিহত হৈছে।

সেই সময়ত এৰদোগানে কৈছিল, “চিৰিয়াত এম আই টিৰ অভিযানত ডায়েছৰ সন্দেহযুক্ত নেতা (আই এছৰ আন এটা নাম) নিহত হৈছে। তেওঁৰ সাংকেতিক নাম আবু হুছেইন আল-কুৰেছি।‘’

লগতে পঢ়ক: টেইলৰৰ মহানুভৱতা! ৮২ লাখ টকাকৈ দিলে ৫০জন ট্ৰাক চালকক! দিলে বিশেষ কামৰ পুৰস্কাৰ

তুৰ্কীৰ সংবাদমাধ্যমত এটা অট্টালিকাৰ কিছু ছবি প্ৰকাশ পাইছে। ছিৰিয়াৰ আফ্ৰিন অঞ্চলৰ এখন পথাৰৰ মাজত অৱস্থিত এই অট্টালিকাটো। তুৰ্কীৰ সংবাদ মাধ্যমে দাবী কৰিছে যে কুৰেছিয়ে সেই অট্টালিকাটোত আত্মগোপন কৰি আছিল। আলেপ্পো প্ৰদেশত আছে এই আফ্ৰিন চহৰ।

আই এছৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ইডলিব প্ৰদেশৰ বিদ্ৰোহীৰ অধীনস্থ অঞ্চল নিয়ন্ত্ৰণ কৰা সশস্ত্ৰ গোট হায়াত তাহৰিৰ আল-শ্বাম (এইচ টি এছ)ৰ সদস্যসকলে আই এছৰ মুৰব্বীজনক হত্যা কৰে। তেওঁৰ মৃতদেহ তুৰস্কক গতাই দিয়া হৈছে।

অৱশ্যে এইচ টি এছে আংকাৰাৰ স্বাৰ্থত আই এছ নেতাগৰাকীৰ বিৰুদ্ধে কোনো অভিযান চলোৱা সন্দৰ্ভত একো কোৱা নাই। আমেৰিকাকে ধৰি অন্যান্য পশ্চিমীয়া দেশসমূহে এইচ টি এছক সন্ত্ৰাসবাদী সংগঠন হিচাপে তালিকাভুক্ত কৰিছে।

লগতে পঢ়ক: অথলে গ’ল ৰিয়ান পৰাগৰ দৰ্শনীয় প্ৰদৰ্শন! দেওধৰ ট্ৰফীত ইষ্ট জ’নক পৰাস্ত কৰি চেম্পিয়ন ছাউথ জ’ন

যোৱা বছৰৰ নৱেম্বৰ মাহত আই এছে কৈছিল যে ইয়াৰ পূৰ্বৰ নেতা আবু হাছান আল হাছিমি আল কুৰেছিক হত্যা কৰা হৈছে। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত ইডলিব প্ৰদেশত আমেৰিকান বাহিনীৰ অভিযানত তেওঁৰ পূৰ্বৰ আবু ইব্ৰাহিম আল কুৰেছি নিহত হৈছিল।

আনহাতে, ২০১৯ চনৰ অক্টোবৰ মাহত আই এছৰ প্ৰথম মুৰব্বী আবু বকৰ আল বাগদাদীক হত্যা কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm
এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm
এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd