• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2026 8:45 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ‘ব’ৰ্ড অৱ পিচ’ৰ তৰফৰ পৰা গাজাৰ বাবে আগবঢ়োৱা ১৫ দফীয়া শান্তি প্ৰস্তাৱ ইজৰাইলে পোনচাটেই প্ৰত্যাখ্যান কৰিছে। দেওবাৰে এখন কেবিনেট বৈঠকত অংশগ্ৰহণ কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে স্পষ্ট কৰি দিয়ে যে যেতিয়ালৈকে হামাছ সম্পূৰ্ণৰূপে নিৰস্ত্ৰ নহয়, তেতিয়ালৈকে গাজাৰ পৰা ইজৰাইলী সেনা প্ৰত্যাহাৰ কৰা নহ’ব।

 

Apply Now

প্ৰধানমন্ত্ৰী নেতান্যাহুৱে ১৫ দফীয়া শান্তি প্ৰস্তাৱটো পোনচাটেই প্ৰত্যাখ্যান কৰি কয় যে হামাছ সম্পূৰ্ণৰূপে নিৰস্ত্ৰ নোহোৱা পৰ্যন্ত ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে কোনো কাৰণতে সেনা প্ৰত্যাহাৰ নকৰে। বৰঞ্চ দেশৰ সেনা আৰু নাগৰিকৰ নিৰাপত্তাৰ প্ৰতি থকা সকলো ভাবুকি নিৰ্মূল কৰাৰ অভিযান অব্যাহত ৰাখিব। নিৰস্ত্ৰীকৰণৰ বিষয়টো অধিক স্পষ্ট কৰি তেওঁ কয় যে হামাছে তেওঁলোকৰ লঘু আৰু গুৰু সকলো ধৰণৰ অস্ত্ৰ ত্যাগ কৰিব লাগিব, আৰু এই নিৰস্ত্ৰীকৰণ কেৱল নামত বা কাল্পনিক নহয়, বৰঞ্চ প্ৰকৃত অৰ্থত হ’ব লাগিব। ইয়াৰ উপৰি, তেওঁ শাসনত থকালৈকে গাজা বা পশ্চিম তীৰত কোনো স্বাধীন পেলেষ্টাইনী ৰাষ্ট্ৰ প্ৰতিষ্ঠা হ’বলৈ নিদিয়ে বুলিও নেতান্যাহুৱে দৃঢ়তাৰে প্ৰকাশ কৰে।

 

উল্লেখযোগ্য যে ইয়াৰ যোৱা সপ্তাহতেই ‘ব’ৰ্ড অৱ পিচ’ৰ পৰিচালক নিকোলাই মলাডেনভে নেতান্যাহুৰ সৈতে সাক্ষাৎ কৰি জনাইছিল যে হামাছৰ সম্পূৰ্ণ নিৰস্ত্ৰীকৰণৰ পিছতহে ইজৰাইলী সেনা প্ৰত্যাহাৰ হ’ব পাৰিব। ইয়াৰ বিপৰীতে, হামাছে ৮ আগষ্ট, শনিবাৰে আমেৰিকা সমৰ্থিত এই শান্তি প্ৰস্তাৱ মানি ল’বলৈ প্ৰস্তুত বুলি প্ৰকাশ কৰি চুক্তিখন কাৰ্যকৰী কৰাৰ বাবে ইজৰাইলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছিল। হামাছে ট্ৰাম্পৰ ‘ব’ৰ্ড অৱ পিচ’ক অৱগত কৰিছিল যে তেওঁলোকে প্ৰস্তাৱটোৰ শেহতীয়া পৰ্যায়টোক সমৰ্থন কৰে। এই প্ৰস্তাৱ অনুসৰি, যুদ্ধবিধ্বস্ত গাজাত হামাছৰ সদস্যসকলে এখন নৱগঠিত পেলেষ্টাইনী শাসকীয় সমিতিৰ হাতত অস্ত্ৰ-শস্ত্ৰসমূহ অৰ্পণ কৰাৰ কথা উল্লেখ আছে।

 

শনিবাৰে হামাছৰ এগৰাকী বিষয়াই সংবাদ সংস্থা এ এফ পিক জনোৱা মতে, “হামাছ আৰু অন্যান্য গোটসমূহে মধ্যস্থতাকাৰীসকলক নিশ্চিত কৰিছে যে তেওঁলোক চুক্তিখন কাৰ্যকৰী কৰিবলৈ আৰু দ্বিতীয় পৰ্যায়লৈ যাবলৈ সাজু আছে। পিছে ইয়াৰ বাবে ইজৰাইলৰ সন্মতি লাগিব আৰু ইজৰাইলে প্ৰথমে চুক্তিখন কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিব লাগিব।”

 

উল্লেখ্য যে, ইয়াৰ কেইদিনমান পূৰ্বে সংযুক্ত আৰব আমিৰশ্বাহী আৰু আন সাতখন মুছলমান সংখ্যাগৰিষ্ঠ দেশে এক যৌথ বিবৃতিত গাজা ষ্ট্ৰিপত ইজৰাইলৰ সামৰিক অভিযানক তীব্ৰ সমালোচনা কৰিছিল। তেওঁলোকে অভিযোগ কৰিছিল যে ইজৰাইলৰ এনে আক্ৰমণাত্মক পদক্ষেপে সংঘাত ওৰ পেলোৱাৰ উদ্দেশ্যে অনা ট্ৰাম্পৰ শান্তি প্ৰস্তাৱক ব্যৰ্থ কৰাৰ ভাবুকি কঢ়িয়াই আনিছে। গাজাত যোৱা অক্টোবৰত হোৱা যুদ্ধবিৰতি চুক্তিৰ পিছৰেপৰাও ইজৰাইলে প্ৰায় প্ৰতিদিনেই বিমান আক্ৰমণ অব্যাহত ৰখাৰ অভিযোগ উঠিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd