• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হস্তী পৰিবহণক লৈ আলোচনাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত জগন্নাথ মন্দিৰৰ প্ৰতিনিধি

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
June 26, 2019 8:16 pm
Jagannath Temple team in Guwahati to discuss elephant transportation
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহমেদাবাদৰ জগন্নাথ মন্দিৰৰ এটা প্ৰতিনিধি দল গুৱাহাটীত বুধবাৰে উপস্থিত হৈছে, আৰু অসমৰ পৰা চাৰিটা হাতীৰ পৰিবহণৰ অগ্ৰগতি সম্পৰ্কে আলোচনাৰ বাবে অসমৰ বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰিছে।

সূত্ৰসমূহে নৰ্থ-ইষ্ট নাওক জনোৱা মতে অসমৰ পৰা হাতী চাৰিটাৰ পৰিবহণত দেৰি হোৱাক লৈ আহমেদাবাদৰ ৪৫০ বছৰীয়া পুৰণি তীৰ্থস্থানখনৰ প্ৰতিনিধিসকলে উদ্বিগ্নতা প্ৰকাশ কৰিছে।

Apply Now

পাঁচজনীয়া প্ৰতিনিধি দলটোত জগন্নাথ মন্দিৰৰ এগৰাকী ন্যাসৰক্ষীও আছে।

উজনি অসমৰ তিনিচুকীয়াৰ পৰা গুজৰাটলৈ জয়তাৰা, ৰূপসিং, বাবুলাল আৰু ৰাণী নামৰ অপ্ৰাপ্তবয়স্ক হাতী চাৰিটা পৰিবহণৰ বাবে অসমৰ বন বিভাগে অনুমতি প্ৰদান কৰিছে।

বন বিভাগে প্ৰথমতে তিনিচুকীয়াৰ পৰা আহমেদাবাদলৈ যাত্ৰীবাহী ৰে’লেৰে হাতীকেইটা পৰিবহণৰ পৰিকল্পনা কৰিছিল। চাৰি দিনত ৩১০০ কিঃ মিঃ দূৰত্ব অতিক্ৰম কৰাক লৈ তেওঁলোক আত্মবিশ্বাসী আছিল।

কিন্তু, আইনী মেৰপাক আৰু পৰিবহণজনিত সমস্যাৰ বাবে, হাতী চাৰিটাৰ পৰিবহণত বিলম্ব ঘটিছে।

দুই বন্যপ্ৰাণী কৰ্মী নন্দিনী বৰুৱা আৰু উৰ্মি মালা দাসে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত এখন ৰাজহুৱা স্বাৰ্থজৰিত আবেদন দাখিল কৰিছে।

আৰু, আইনী মেৰপেঁচৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে’ই জন্তুকেইটা পৰিবহণত হেহোঁ-নেহোঁ কৰিছে।

দ্বিতীয়তে, ৰে’লৱে’ই লগতে দাবী কৰিছে যে হাতী পৰিবহণত তেওঁলোকৰ অভিজ্ঞতা নাই। উত্তৰ ভাৰতৰ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ মাজত ৰে’ল বিভাগে হাতী চাৰিটা পৰিবহণৰ বাবে নিখুঁত বাতানুকূল ডবা বিচাৰি উলিয়াব পৰা নাই।

যাত্ৰাকালত জন্তুকেইটাৰ সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি হাতীকেইটাৰ পৰিবহণ সন্দৰ্ভত এক সামগ্ৰিক পৰিকল্পনা যুগুতাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেনক নিৰ্দেশ দিছিল।

আহমেদাবাদলৈ হাতীকেইটাৰ পৰিবহণ সন্দৰ্ভত পৰামৰ্শ গ্ৰহণৰ বাবে জ্যেষ্ঠ বন বিষয়াসকলে বুধবাৰে ৰাতিপুৱা এদল প্ৰখ্যাত পশু চিকিৎসকৰ সৈতে বৈঠকত মিলিত হৈছিল।

সিদ্ধান্ত লোৱা হৈছে যে বুধবাৰে এখন পাঁচজনীয়া বিশেষজ্ঞ সমিতি গঠন কৰা হ’ব, আৰু হাতীকেইটাৰ শীঘ্ৰ পৰিবহণৰ বাবে পদক্ষেপ লোৱা হৈছে।

বিশেষজ্ঞ সমিতিত কমেও এজন পশু চিকিৎসক থাকিব, আৰু আহমেদাবাদলৈ এখন ট্ৰাকত হাতীকেইটাক এটা দলে সংগ দিব।

হাতী চাৰিটাৰ সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বন বিভাগে এক নতুন নিৰ্দেশ জাৰি কৰিছে। জন্তু পৰিবাহী গাড়ীকেইখনে প্ৰতিদিনাই ২৫০ কিঃ মিঃ দূৰত্ব অতিক্ৰম কৰিব।

অসমৰ বন বিভাগে কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষই ২০১২ চনত যুগুত কৰা বন্য জন্তু পৰিবহণ প্ৰট’কলে নিৰ্ধাৰণ কৰা নিৰ্দেশনা অনুসৰণ কৰিছে।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd