• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰিলে ন্যায়াধীশ সঞ্জীৱ খান্নাই

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 11, 2024 11:38 am
দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে আজি শপত গ্ৰহণ কৰিলে ন্যায়াধীশ সঞ্জীৱ খান্নাই। ফটোঃ সংগ্ৰহীত।

দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে আজি শপত গ্ৰহণ কৰিলে ন্যায়াধীশ সঞ্জীৱ খান্নাই। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে আজি শপত গ্ৰহণ কৰিলে ন্যায়াধীশ সঞ্জীৱ খান্নাই। সোমবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনলৈ গৈ তেওঁ শপতবাক্য পাঠ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ নতুন মুখ্য ন্যায়াধীশগৰাকীক শপতবাক্য পাঠ কৰোৱায়।

উল্লেখ্য যে দেওবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে ডি ৱাই চন্দ্ৰচুড়ে। ইয়াৰ পিছতে সোমবাৰে দেশে নতুন মুখ্য ন্যায়াধীশ লাভ কৰে। অৱশ্যে সঞ্জীৱ খান্নাই মুখ্য ন্যায়াধীশৰ বাবে আবণ্টিত বাংলো ব্যৱহাৰ নকৰে বুলি জনাইছে।

সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত মুখ্য ন্যায়াধীশৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনকৰ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংও উপস্থিত থাকে। বিদায়ী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ো তাত উপস্থিত আছিল।

Apply Now

লগতে পঢ়কঃ ট্ৰাম্পে ফোন কৰিলে পুটিনক, ইউক্ৰেইন যুদ্ধৰ বিষয়ে কি বাৰ্তা দিলে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে

মন কৰিবলগীয়া যে ১৭ অক্টোবৰত মুখ্য ন্যায়াধীশ পদৰ বাবে সঞ্জীৱ খান্নাৰ নাম প্ৰস্তাৱ কৰা হৈছিল। ইয়াৰ পিছত ২৪ অক্টোবৰত কেন্দ্ৰই এই প্ৰস্তাৱত ছীলমোহৰ মাৰে। অৱশেষত ১১ নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে সঞ্জীৱ খান্নাই।

সঞ্জীৱ খান্নাই আগন্তুক ৭ মাহৰ বাবে মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত থাকিব। তেওঁ ২০২৫ চনৰ ১৩ মে’ত অৱসৰ ল’ব। কিন্তু শপত গ্ৰহণ কৰাৰ পূৰ্বে দেশৰ মুখ্য ন্যায়াধীশৰ জীৱনৰ পৰা বাদ পৰে তেওঁৰ হেঁপাহৰ প্ৰাতঃভ্ৰমণ। আচলতে প্ৰতিদিনে পুৱা উঠি কেইকিলোমিটাৰমান খোজ কঢ়াটো ন্যায়াধীশ খান্নাৰ দীৰ্ঘদিনীয়া অভ্যাস। প্ৰতিদিনে পুৱা তেওঁ দিল্লীৰ লোধি গাৰ্ডেন এলেকাৰ মুকলি আকাশৰ তলত কেইবা কিলোমিটাৰ খোজ কাঢ়িছিল। কিন্তু মুখ্য ন্যায়াধীশ হোৱাৰ পিছত ‘বিখ্যাত’ হোৱাৰ সূত্ৰে নিৰাপত্তা কটকটীয়া কৰা হয়। ফলত মৰ্নিং ৱাক বন্ধ হৈ পৰিছে।

উল্লেখ্য যে ন্যায়াধীশ সঞ্জীৱ খান্নাই চাৰি দশকৰো অধিক সময় ধৰি আইনী বৃত্তিৰ সৈতে জড়িত হৈ আছে। ১৯৮৩ চনত তেওঁ দিল্লীৰ তিছ হাজাৰী আদালতত অধিবক্তা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। ২০০৫ চনত তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। এবছৰৰ পাছত তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ পদলৈ উন্নীত হয়।

লগতে পঢ়কঃ বেটিং ব্যৰ্থতাই ডুবালে ভাৰতক! টি-২০ শৃংখলাত সমতা স্থাপন কৰিলে দক্ষিণ আফ্ৰিকাই

ন্যায়াধীশ খান্নাই ২০১৯ চনৰ ১৮ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। প্ৰসংগক্ৰমে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ আগতে তেওঁৰ কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অভিজ্ঞতা নাছিল। ফলত তেওঁ এই প্ৰথমবাৰৰ বাবে মুখ্য ন্যায়াধীশ হিচাপে কাম কৰিব। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 17, 2026 5:08 pm
ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

August 17, 2026 4:22 pm
বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

August 17, 2026 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 17, 2026 5:08 pm
ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd