নামনি অসমৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত উত্তৰ শালমাৰাত অৱস্থিত কমতাপুৰ স্বায়ত্ব পৰিষদৰ চৌহদত ভাগৱত পাঠ আৰু নাম প্ৰসংগৰ এক ভক্তিময় পৰিবেশৰ মাজত জাকজমকতাৰে এই কমতাপুৰ স্বায়ত্ব পৰিষদৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰ মানুহৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি বন্তি প্ৰজ্বলন কৰি মুকলি সভাৰ শুভাৰম্ভণি কৰে। আৰু এই সভাত ৰাইজৰ উদ্দেশ্য দিয়া ভাষণ প্ৰসংগত ধুবুৰী, গোৱালপাৰা , বঙাইগাঁও আদি জিলাৰ উন্নয়ন সম্পৰ্কে গুৰুত্ব পূৰ্ণ কথা উল্লেখ কৰাৰ লগতে জগৎ গুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ লগতে বিশ্ব মহাবীৰ নৰনাৰায়ণ চিলাৰায় দেৱৰ মহান আদৰ্শ আৰু অবদান সম্পৰ্কে এক তত্ব গধূৰ বক্তব্য প্ৰদান কৰাৰ লগতে বৃন্দাৱনী বস্ত্ৰৰ কথা উল্লেখ কৰি সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হয়।
এই সভাত কমতাপুৰ স্বায়ত্ব পৰিষদৰ চীফ গকুল বৰ্মন আদৰণি ভাষণ প্ৰদান কৰি কে এ চি ৰ অন্তৰ্গত সকলো জাতি জনগোষ্ঠীৰ উন্নতি সাধন সম্পৰ্কে গুৰুত্ব আৰোপ কৰাৰ প্ৰসংগ উত্থাপন কৰি এক সুন্দৰ বক্তব্য প্ৰদান কৰে।
এই সভাত কে এ চি ‘ ৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, বিভিন্ন বিভাগৰ ই এম সকলক ক্ৰমে জিবেশ ৰায়, প্ৰদীপ কুমাৰ ৰায়, সুধিব ৰায় , অতুল ৰায় , পূৰবী সৰকাৰ , উপাধ্যক্ষ সুখেন ৰায় প্ৰমুখ্যে ভালে সংখ্যক ই এম , মেম্বাৰ আৰু বিশিষ্ট ব্যক্তি আদি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।