• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ভিড চিকিৎসা ব্যৱস্থাক লৈ ক্ষোভ যোৰহাটত মৃতকৰ আত্মীয়ৰ

Smita Addy স্মিতা ভট্টাচাৰ্য্য
যোৰহাট , August 2, 2020 11:24 pm

3 min read

Kin of patient who dies of COVID19 slams healthcare system at Jorhat Medical College Hospital

সমীৰ ফুকন।

763
VIEWS
Share on FacebookShare on Twitter

সমীৰ ফুকন নামৰ ক’ভিড১৯ত মৃত্যু হোৱা এজন লোকৰ আত্মীয়ই যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থাক লৈ ক্ষোভ উজাৰিছে।

যোৰহাটৰ ফুকন আলিৰ বাসিন্দা সমীৰ ফুকনে শনিবাৰে ৰাতি ক’ভিড১৯ত প্ৰাণ হেৰুৱাইছিল।

বন্দিতা আচাৰ্য্য নামৰ সমীৰ ফুকনৰ সম্পৰ্কীয় মহিলা এগৰাকীয়ে এক দীঘলীয়া ফেচবুক পোষ্টযোগে অভিযোগ আনিছে যে তেওঁৰ ভাতৃ সমীৰৰ চিকিৎসাৰ অভাৱত মৃত্যু ঘটিছে।

মহিলাগৰাকীয়ে অভিযোগ কৰা মতে, চিকিৎসকসকলে ক’ভিড১৯ৰ টেষ্টৰ বাবে অপেক্ষা কৰি একো চিকিৎসা আগবঢ়োৱা নাছিল আৰু টেষ্টৰ ফলাফল বহু পলমকৈ আহিছিল।

মহিলাগৰাকীয়ে উল্লেখ কৰা মতে তেওঁৰ ভাতৃ সমীৰ ফুকন ডায়েবেটিক আৰু ৰক্তচাপজনিত ৰোগী আছিল আৰু ক’ভিড১৯ৰ লকডাউনৰ মাজত নিজৰ শৰীৰৰ অক্সিজেনৰ পৰিমাণ জনাৰ বাবে এটা অক্সিমিটাৰ কিনি লৈছিল।

“যোৱা কিছুদিন ধৰি তেওঁৰ কাঁহ আৰু উশাহ লোৱাত সমস্যা হৈছিল আৰু তেওঁ তেওঁৰ অক্সিজেনৰ স্তৰ ৯০লৈ আৰু তাৰ পিছত ৮৫লৈ কমি যোৱা পাইছিল,” বন্দিতাই উল্লেখ কৰে।

সেয়ে যোৱা ২৮ জুলাইত অধিক উন্নত স্বাস্থ্য যতনৰ বাবে তেওঁ জে এম চি এইচত ভৰ্তি হোৱাৰ সিদ্ধান্ত লয়।

তেওঁৰ এণ্টিজেন পৰীক্ষাত ফলাফল নিগেটিভ আহে আৰু তেতিয়া আনটো পৰীক্ষা কৰা হয়।

মহিলাগৰাকীয়ে লগতে কয় যে তাৰপিছত তেওঁক চিকিৎসালয়খনত থাকিবলৈ দিয়া হয় আৰু নিজৰ যতন নিজে ল’বলৈ কোৱা হয়।

মহিলাগৰাকীয়ে অভিযোগ কৰা মতে তেওঁক এটা কোঠাত অকলে থাকিবলৈ দিয়া হৈছিল আৰু পানী বা অক্সিজেন লোৱাত সহায় কৰিবলৈ তাত কোনো নাছিল।

“তেওঁক কেৱল কোৱা হৈছিল যে আপুনি যদি অস্বস্তি অনুভৱ কৰে নিজে অক্সিজেন মাস্কটো পিন্ধি ল’ব,” মহিলাগৰাকীয়ে কয়।

এই কথা জনাই সমীৰ ফুকনে ঘৰলৈয়ো ফোন কৰিছিল আৰু ঘৰৰ পৰা তেওঁক দৰৱ, খাদ্যবস্তু আদি দিয়া হৈছিল।

মহিলাগৰাকীয়ে অভিযোগ কৰে যে সেই অৱস্থাতে লোকজন ২৮ জুলাইৰ পৰা ৩১ জুলাইৰ সন্ধিয়ালৈকে “বিনা চিকিৎসাই” চিকিৎসালয়খনত পৰি থাকে।

মহিলাগৰাকীয়ে উল্লেখ কৰে যে কঠোৰ ক’ভিড প্ৰ’টকলৰ বাবে তেওঁলোকৰ হাত বন্ধা বুলি চিকিৎসকসকলে কয় আৰু জনায় যে ক’ভিড টেষ্টৰ ফলাফল নোহোৱাকৈ তেওঁলোকে একো কৰিব নোৱাৰে।

মহিলাগৰাকীয়ে কয় যে ৩১ জুলাইৰ সন্ধিয়া প্ৰায় ৭ বজাত ব্যক্তিজন ক’ভিড পজিটিভ বুলি ফলাফল আহে আৰু তেওঁক আই চি ইউলৈ লৈ যোৱা হয়।

মহিলাগৰাকীয়ে অভিযোগ কৰে যে পলম হোৱাটো, চিকিৎসাৰ অভাৱ, প্ৰ’টকল, চিকিৎসালয়ৰ দায়িত্বহীন মনোবৃত্তিয়ে ইতিমধ্যে তেওঁৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বহুত ক্ষতি কৰিছিল।

মহিলাগৰাকীয়ে কয় যে প্ৰথম সন্ধিয়া চিকিৎসালয় কৰ্তৃপক্ষই পৰিয়ালক জনায় যে তেওঁৰ অৱস্থাৰ উন্নতি ঘটিছে আৰু সুস্থিৰ আছে।

তাৰপিছত ৰাতি ৯ মান বজাত পৰিয়ালক জনোৱা হয় যে তেওঁ আৰু নাই।

“৫১ বছৰ বয়সত তেওঁক হেৰুৱাই আমি সকলো বোবা হৈ গ’লো। আমি অসহায় হৈ পৰিলো, ক’ভিড নিৰ্দেশনাৰ বাবে আমি লগ কৰিবলৈ যাবও নোৱাৰো আৰু তেওঁলোকে ঘৰৰ আগত ক’ভিড পজিটিভৰ এখন ৰঙা বেনাৰো লগাই ৰাখিছিল,” মহিলাগৰাকীয়ে পোষ্টটোত কয়।

“কোনে তেওঁক হত্যা কৰিলে? ক’ভিডে নে ক’ভিডৰ ব্যৱস্থাই? এইটো স্বাস্থ্য ব্যৱস্থাটোৰ সম্পূৰ্ণ বিফলতা,” মহিলাগৰাকীৰ মন্তব্য।

“ভৰ্তি হোৱাৰ দিনাই চিকিৎসা পোৱা হ’লে সমীৰ জীয়াই নাথাকিলেহেঁতেননে?” মহিলাগৰাকীৰ আৰু এটা প্ৰশ্ন।

Tags: COVID-19

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd