• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড চিকিৎসা ব্যৱস্থাক লৈ ক্ষোভ যোৰহাটত মৃতকৰ আত্মীয়ৰ

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
August 2, 2020 11:24 pm
Kin of patient who dies of COVID19 slams healthcare system at Jorhat Medical College Hospital

সমীৰ ফুকন।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমীৰ ফুকন নামৰ ক’ভিড১৯ত মৃত্যু হোৱা এজন লোকৰ আত্মীয়ই যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থাক লৈ ক্ষোভ উজাৰিছে।

যোৰহাটৰ ফুকন আলিৰ বাসিন্দা সমীৰ ফুকনে শনিবাৰে ৰাতি ক’ভিড১৯ত প্ৰাণ হেৰুৱাইছিল।

Apply Now

বন্দিতা আচাৰ্য্য নামৰ সমীৰ ফুকনৰ সম্পৰ্কীয় মহিলা এগৰাকীয়ে এক দীঘলীয়া ফেচবুক পোষ্টযোগে অভিযোগ আনিছে যে তেওঁৰ ভাতৃ সমীৰৰ চিকিৎসাৰ অভাৱত মৃত্যু ঘটিছে।

মহিলাগৰাকীয়ে অভিযোগ কৰা মতে, চিকিৎসকসকলে ক’ভিড১৯ৰ টেষ্টৰ বাবে অপেক্ষা কৰি একো চিকিৎসা আগবঢ়োৱা নাছিল আৰু টেষ্টৰ ফলাফল বহু পলমকৈ আহিছিল।

মহিলাগৰাকীয়ে উল্লেখ কৰা মতে তেওঁৰ ভাতৃ সমীৰ ফুকন ডায়েবেটিক আৰু ৰক্তচাপজনিত ৰোগী আছিল আৰু ক’ভিড১৯ৰ লকডাউনৰ মাজত নিজৰ শৰীৰৰ অক্সিজেনৰ পৰিমাণ জনাৰ বাবে এটা অক্সিমিটাৰ কিনি লৈছিল।

“যোৱা কিছুদিন ধৰি তেওঁৰ কাঁহ আৰু উশাহ লোৱাত সমস্যা হৈছিল আৰু তেওঁ তেওঁৰ অক্সিজেনৰ স্তৰ ৯০লৈ আৰু তাৰ পিছত ৮৫লৈ কমি যোৱা পাইছিল,” বন্দিতাই উল্লেখ কৰে।

সেয়ে যোৱা ২৮ জুলাইত অধিক উন্নত স্বাস্থ্য যতনৰ বাবে তেওঁ জে এম চি এইচত ভৰ্তি হোৱাৰ সিদ্ধান্ত লয়।

তেওঁৰ এণ্টিজেন পৰীক্ষাত ফলাফল নিগেটিভ আহে আৰু তেতিয়া আনটো পৰীক্ষা কৰা হয়।

মহিলাগৰাকীয়ে লগতে কয় যে তাৰপিছত তেওঁক চিকিৎসালয়খনত থাকিবলৈ দিয়া হয় আৰু নিজৰ যতন নিজে ল’বলৈ কোৱা হয়।

মহিলাগৰাকীয়ে অভিযোগ কৰা মতে তেওঁক এটা কোঠাত অকলে থাকিবলৈ দিয়া হৈছিল আৰু পানী বা অক্সিজেন লোৱাত সহায় কৰিবলৈ তাত কোনো নাছিল।

“তেওঁক কেৱল কোৱা হৈছিল যে আপুনি যদি অস্বস্তি অনুভৱ কৰে নিজে অক্সিজেন মাস্কটো পিন্ধি ল’ব,” মহিলাগৰাকীয়ে কয়।

এই কথা জনাই সমীৰ ফুকনে ঘৰলৈয়ো ফোন কৰিছিল আৰু ঘৰৰ পৰা তেওঁক দৰৱ, খাদ্যবস্তু আদি দিয়া হৈছিল।

মহিলাগৰাকীয়ে অভিযোগ কৰে যে সেই অৱস্থাতে লোকজন ২৮ জুলাইৰ পৰা ৩১ জুলাইৰ সন্ধিয়ালৈকে “বিনা চিকিৎসাই” চিকিৎসালয়খনত পৰি থাকে।

মহিলাগৰাকীয়ে উল্লেখ কৰে যে কঠোৰ ক’ভিড প্ৰ’টকলৰ বাবে তেওঁলোকৰ হাত বন্ধা বুলি চিকিৎসকসকলে কয় আৰু জনায় যে ক’ভিড টেষ্টৰ ফলাফল নোহোৱাকৈ তেওঁলোকে একো কৰিব নোৱাৰে।

মহিলাগৰাকীয়ে কয় যে ৩১ জুলাইৰ সন্ধিয়া প্ৰায় ৭ বজাত ব্যক্তিজন ক’ভিড পজিটিভ বুলি ফলাফল আহে আৰু তেওঁক আই চি ইউলৈ লৈ যোৱা হয়।

মহিলাগৰাকীয়ে অভিযোগ কৰে যে পলম হোৱাটো, চিকিৎসাৰ অভাৱ, প্ৰ’টকল, চিকিৎসালয়ৰ দায়িত্বহীন মনোবৃত্তিয়ে ইতিমধ্যে তেওঁৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বহুত ক্ষতি কৰিছিল।

মহিলাগৰাকীয়ে কয় যে প্ৰথম সন্ধিয়া চিকিৎসালয় কৰ্তৃপক্ষই পৰিয়ালক জনায় যে তেওঁৰ অৱস্থাৰ উন্নতি ঘটিছে আৰু সুস্থিৰ আছে।

তাৰপিছত ৰাতি ৯ মান বজাত পৰিয়ালক জনোৱা হয় যে তেওঁ আৰু নাই।

“৫১ বছৰ বয়সত তেওঁক হেৰুৱাই আমি সকলো বোবা হৈ গ’লো। আমি অসহায় হৈ পৰিলো, ক’ভিড নিৰ্দেশনাৰ বাবে আমি লগ কৰিবলৈ যাবও নোৱাৰো আৰু তেওঁলোকে ঘৰৰ আগত ক’ভিড পজিটিভৰ এখন ৰঙা বেনাৰো লগাই ৰাখিছিল,” মহিলাগৰাকীয়ে পোষ্টটোত কয়।

“কোনে তেওঁক হত্যা কৰিলে? ক’ভিডে নে ক’ভিডৰ ব্যৱস্থাই? এইটো স্বাস্থ্য ব্যৱস্থাটোৰ সম্পূৰ্ণ বিফলতা,” মহিলাগৰাকীৰ মন্তব্য।

“ভৰ্তি হোৱাৰ দিনাই চিকিৎসা পোৱা হ’লে সমীৰ জীয়াই নাথাকিলেহেঁতেননে?” মহিলাগৰাকীৰ আৰু এটা প্ৰশ্ন।

Tags: COVID-19
স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

August 12, 2026 6:08 pm
বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

August 12, 2026 6:01 pm
বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

August 12, 2026 5:07 pm
অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

August 12, 2026 4:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

August 12, 2026 6:08 pm
বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

August 12, 2026 6:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd