• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিল গগৈক হত্যাৰ ভাবুকি দিয়া বজৰং দলৰ সদস্যৰ বিৰুদ্ধে এজাহাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 1, 2019 9:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা ভিডিঅ’ত ছ’চিয়েল মিডিয়া যোগে অখিল গগৈক হত্যাৰ ভাবুকি দিয়া আৰু নিজকে বজৰং দলৰ সদস্য বুলি পৰিচয় দিয়া টুটু মান্তা নামৰ যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

ভিডিঅ’টোত যুৱকজনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন চলাই থকা বাবে কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈ অশ্লীল ভাষাৰে গালি পৰাৰ লগতে আন্দোলনৰ পথ ত্যাগ নকৰিলে হত্যা কৰা হ’ব বুলি কৈছিল।

Apply Now

ছ’চিয়েল মিডিয়াত এইটো ভাইৰেল হৈ পৰাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়া হয়। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰামতে, যুৱকজনৰ বিৰুদ্ধে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি মহীধৰ ৰায় আৰু সম্পাদক নন্দন দেৱনাথে।

এজাহাৰত উল্লেখ কৰা অনুসৰি মান্তা নিউ বঙাইগাঁও ইষ্ট-ৱেষ্ট কলনিৰ বাসিন্দা।

ইপিনে, যুৱকজনে নিজে বজৰং দলৰ সদস্য বুলি দাবী কৰিছে যদিও বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে নৰ্থ-ইষ্ট নাওৰ আগত ইয়াৰ সত্যতাত সন্দেহ প্ৰকাশ কৰে।

‘‘টুটু মান্তাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ ইতিমধ্যে সদৰ থানালৈ প্ৰেৰণ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে।’’, আৰক্ষী অধীক্ষক সোণোৱালে কয়। তেওঁক বৰ্তমান আৰক্ষীয়ে বিচাৰি আছে বুলিও বিষয়াজনে জানিবলৈ দিয়ে।

আনহাতে মান্তাৰ বিৰুদ্ধে এজাহাৰ দাখিল নহ’লেও আৰক্ষীয়ে নিজববীয়াকৈ গোচৰ ৰুজু কৰিলে হেঁতেন বুলিও আৰক্ষী অধীক্ষকজনে জানিবলৈ দিয়ে।

টুটু মান্তাই ভিডিঅ’টোত অখিল গগৈক উদ্দেশ্যি ‘হয় মৰিম, নহয় তোক মই মাৰি দিম’ বুলি ভাবুকি প্ৰদান কৰাৰ লগতে ‘লাষ্ট-ফাৰ্ষ্ট (শেষ আৰু প্ৰথম) বাৰৰ বাবে কৈছো তই হিন্দুৰ বিৰুদ্ধে নালাগিবি’ বুলিও সকীয়াই দিছিল ভিডিঅ’টোত। সকলো হিন্দুক একত্ৰিত কৰি ভাৰতক ‘হিন্দুৰাষ্ট্ৰ’ হিচাপে প্ৰতিষ্ঠা কৰাৰো হুংকাৰ দিয়ে বজৰং দলৰ সদস্যজনে।

তেওঁ বিজেপিয়ে ভাল কাম কৰি থকা বুলিও মন্তব্য কৰে। বজৰং দলকে ধৰি হিন্দুৰ ৬৩০টা সংগঠন আছে বুলি দাবী কৰি এই সংগঠনসমূহ সকলো বিজেপিৰ লগত থকা বুলি ভিডিঅ’টোত কয় মান্তাই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd