• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়াৱহ ভৱিষ্যতৰ অশনি সংকেত! নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ভূমিস্খলনে সৃষ্টি কৰিছে আতংকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2022 7:50 pm
Landslides at Subansiri project
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই। প্ৰকল্পস্থলীত সৃষ্টি হোৱা ধাৰাবাহিক ভূমিস্খলনে উজনি অসমৰ জনসাধাৰণক আতংকিত কৰি ৰখাৰ সময়তে আজি পুনৰ ভয়াৱহ ভূমিস্খলনৰ সৃষ্টি হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত।

বিগত কিছুদিন ধৰি প্ৰবল বৰষুণৰ লগতে ধাৰাবাহিকভাৱে হৈ থকা ভূমিস্খলনে শংকিত কৰি তুলিছে উত্তৰ অসমৰ জনসাধাৰণক। নিৰ্মীয়মান এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই এক বিধ্বংসী জলবোমাৰ ৰূপ লোৱাৰ অধিকমাত্ৰা সম্ভাৱনাৰ দোহাই দি নিৰ্মাণ বন্ধ কৰাৰ দাবীত দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি অহা হৈছে যদিও কাণসাৰ কৰা নাই চৰকাৰ আৰু এন এইচ পি চি- এ।

Apply Now

চৰকাৰ আৰু এন এইচ পি চি- ৰ এই দম্ভৰ সময়তে প্ৰকৃতিৰ তাণ্ডৱে ভয়াৱহ ৰূপ লৈছে প্ৰকল্পস্থলীত। জলবিদ্যুৎ প্ৰকল্পত যোৱা কিছুদিন ধৰে হৰহৰকৈ খহিছে পাহাৰৰ মাটি। এই ভয়াৱহ দুৰ্যোগত আতংকিত হৈ পৰিছে উত্তৰ অসম। কেৱল সাধাৰণ লোকেই নহয়, পাহাৰৰ মাটি খহি পৰাৰ পাছতে নিৰ্মীয়মান বান্ধটোৰ কামকাজ সাময়িকভাৱে বন্ধ কৰিবলৈ বাধ্য হৈ পৰিছে NHPCৰ কৰ্তৃপক্ষ।

প্ৰকৃতিৰ ক্ৰোধৰ ফলত ইতিমধ্যে দুটা ডাইভাৰ্চন টানেল ক্ষতিগ্ৰস্ত হৈছে আৰু সুবানশিৰি নদীৰ সোঁফালৰ পাৰৰ পৰা মূল বান্ধলৈ সংযোগী পথটো ধ্বংস হৈছে। সোৱণশিৰি নদীৰ পানীৰ স্তৰ বৃদ্ধিয়ে ইতিমধ্যে লখিমপুৰ জিলাৰ এক বিশাল এলেকা প্লাবিত কৰিছে।

প্ৰকল্পস্থলীত ধাৰাবাহিকভাৱে হৈ থকা ভূমিস্খলনে এতিয়া নিদ্ৰা হৰণ কৰিছে লখিমপুৰ-ধেমাজিবাসীৰ লগতে মাজুলীৰ ৰাইজৰ৷ উল্লেখ্যে যে, ২০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনক্ষম এই ১১৬ মিটাৰ উচ্চতাৰ বৃহৎ নদীবান্ধ যদিহে ভাগি পৰে, উত্তৰ অসমৰ চাৰিখন জিলা নিঃচিহ্ন হৈ পৰিব বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছিল।

কিন্তু বিশেষজ্ঞৰ মত আওকাণ কৰি তথা অসমৰ জনসাধাৰণৰ প্ৰতিবাদক ভেঙুচালি কৰি দাম্ভিক চৰকাৰ আৰু এন এইচ পি চি- এ সোৱণশিৰিৰ বক্ষত চলাই গৈছে জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণৰ কাম। চৰকাৰ তথা এন এইচ পি চি- ৰ এই দম্ভৰ ফলত এতিয়া এক আতংকময় ভৱিষ্যতৰ আশংকাত দিন কটাবলগীয়া হৈছে উত্তৰ অসমৰ জনসাধাৰণে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd