শুকুৰবাৰৰ ট্ৰেডিং ছেছনত দেশৰ সৰ্ববৃহৎ বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগমৰ শ্বেয়াৰৰ মূল্যত বৃহৎ পৰিৱৰ্তন দেখা গৈছে। ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জত শেষ ক্লোজিংৰ তুলনাত এল আই চিৰ শ্বেয়াৰৰ মূল্য আধালৈ হ্ৰাস পাইছে।
শেষ ক্লোজিংৰ সময়ত এল আই চিৰ শ্বেয়াৰৰ মূল্য আছিল ৮৩০ টকা। শুকুৰবাৰে এই কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ৪১৩ টকালৈ হ্ৰাস পায়। সঁচাকৈয়ে এই চৰকাৰী বীমা কোম্পানীটোৰ ষ্টক ইমান কমিছেনে?
বজাৰ বিশেষজ্ঞসকলে কয় যে যদিও এল আই চিৰ শ্বেয়াৰৰ মূল্য আধালৈ হ্ৰাস পাইছে, তথাপিও প্ৰকৃততে ইমান হ্ৰাস পোৱা নাই। এই কোম্পানীটোৰ ষ্টকৰ মূল্যৰ সালসলনিৰ কাৰণ হৈছে বোনাছ শ্বেয়াৰ ইছ্যু।
শেহতীয়াকৈ এল আই চিয়ে ১:১ অনুপাতত বোনাছ শ্বেয়াৰ জাৰি কৰিছে। অৰ্থাৎ বিনিয়োগকাৰীয়ে প্ৰতি এটা শ্বেয়াৰৰ বিপৰীতে এটাকৈ শ্বেয়াৰ বিনামূলীয়াকৈ পাইছে। অৰ্থাৎ যদি আপুনি এল আই চিৰ ১০০ টা শ্বেয়াৰ কিনিছে, তেন্তে এই বোনাছ ইছ্যুৰ পিছত আপোনাৰ হোল্ডিঙত শ্বেয়াৰৰ সংখ্যা হ’ব ২০০।
শ্বেয়াৰৰ সংখ্যা বৃদ্ধিৰ লগে লগে শ্বেয়াৰৰ মূল্যত সালসলনি হৈছে। সেইবাবেই এল আই চিৰ শ্বেয়াৰৰ মূল্যই শেষ ক্লোজিংত আধা দেখুৱাইছে। বজাৰ বিশেষজ্ঞসকলে কয় যে এই মূল্য হ্ৰাসৰ বাবে এল আই চিৰ শ্বেয়াৰহোল্ডাৰসকলে কোনো লোকচানৰ সন্মুখীন নহ’ব।
দৰাচলতে শুকুৰবাৰৰ ব্যৱসায়ত এল আই চিৰ শ্বেয়াৰৰ মূল্য মাত্ৰ ০.৩৬ শতাংশ হ্ৰাস পাইছে। অৱশ্যে অনাগত দিনত এল আই চিৰ শ্বেয়াৰ বৃহৎ বৃদ্ধিৰ আশা কৰিছে বজাৰ বিশেষজ্ঞসকলে।
যোৱা বিত্তীয় বৰ্ষৰ শেষৰ ত্ৰৈমাসিকত অৰ্থাৎ চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত এল আই চিৰ বিত্তীয় প্ৰতিবেদন শক্তিশালী আছিল। এবছৰৰ পূৰ্বৰ তুলনাত নিকা লাভ ( নেট প্ৰফিট) ২৩.২ শতাংশ বৃদ্ধি পাই ২৩,৪২০ কোটি টকা হৈছে। ২০২৫-২০২৬ বিত্তীয় বৰ্ষত পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ১৯.২৫ শতাংশ বৃদ্ধি পাই ৫৭,৪১৯ কোটি টকা হৈছে।





