• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লকডাউন: বায়ু প্ৰদূষণ নোহোৱা হৈছে দেশৰ মহানগৰসমূহত

Nenow এন ই নাও নিউজ
গুৱাহাটী , March 29, 2020 6:12 pm

2 min read

A-view-of-Mumbai-Pune-road-during-lockdown.-Image-credit-Twitter-@satheeshk1960-1140x570

লকডাউনৰ সময়ত মুম্বাই-পুনে পথৰ ছবি।সৌজন্য-- টুইটাৰ।

5.6k
VIEWS
Share on FacebookShare on Twitter

দেশজোৰা লকডাউনৰ ফলত নতুন দিল্লীকে ধৰি দেশৰ মহানগৰসমূহত বায়ু প্ৰদূষণ বহু বেছি পৰিমাণে হ্ৰাস পাইছে।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে দেশজোৰা লকডাউনৰ ফলত প্ৰায় ১৩০ কোটি মানুহৰ যাতায়াত প্ৰায় বন্ধ হৈ আছে।

চফৰ (System of Air Quality and Weather Forecasting and Research)ৰ মতে এই সময়চোৱাত দিল্লীত ধূলিকণাসদৃশ প্ৰদূষক PM2.5 দিল্লীত ৩০ শতাংশ হ্ৰাস পাইছে।

আহমেদাবাদ আৰু পুনেত এই পৰিমাণ ১৫ শতাংশ হ্ৰাস পাইছে।

আন এবিধ প্ৰদূষক নাইট্ৰ’জেন অক্সাইডৰ পৰিমাণো হ্ৰাস পাইছে। যান-বাহনৰ চলাচলৰ ফলত বৃদ্ধি পোৱা এই নাইট্ৰ’জেন অক্সাইডে শ্বাস-প্ৰশ্বাসজনিত সমস্যা বৃদ্ধি কৰে।

পুনেত নাইট্ৰ’জেন অক্সাইডৰ পৰিমাণ ৪৩, মুম্বাইত ৩৮ আৰু দিল্লীত ৫০ শতাংশ হ্ৰাস পাইছে।

যান-বাহনৰ লগতে বিভিন্ন কল-কাৰখানাসমূহো বন্ধ থকাৰ ফলত বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাইছে।

চফৰৰ মতে সাধাৰণতে মাৰ্চ মাহত ভাৰতৰ নগৰসমূহৰ প্ৰদূষণ মধ্যমীয়া স্তৰ (বায়ুৰ গুণমান ১০০-২০০)ত থাকে, কিন্তু বৰ্তমান ই সন্তোষজনক (৫০-১০০) বা ভাল (০-৫০) স্তৰত আছে।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ মতে প্ৰদূষণে হাহাকাৰৰ সৃষ্টি কৰা খোদ নতুন দিল্লীত বৰ্তমান বায়ুৰ গুণমান ভাল স্তৰত আছে।

তাৰোপৰি ব’ৰ্ডৰ নিৰীক্ষণত থকা দেশৰ আন ৯২খন নগৰতো বায়ুৰ গুণমান “ভাল”ৰ পৰা “সন্তোষজনক”ৰ ভিতৰত আছে।

বায়ুৰ গুণমান ২০১–৩০০ক পুতৌজনক, ৩০১—৪০০ক অতি পুতৌজনক আৰু ৪০১—৫০০ক গুৰুতৰ বুলি ধৰা হয়।

দেওবাৰলৈকে বিশ্বত ৬৭৮,৯১০ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। মৃত্যু হৈছে ৩১ হাজাৰতকৈয়ো অধিক লোকৰ।

ভাৰতত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যাই এহেজাৰৰ সীমা অতিক্ৰম কৰিছে। মৃত্যু হৈছে ২৫ গৰাকী লোকৰ।

Tags: COVID19

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd