NORTHEAST NOW (Assamese)

লকডাউনৰ সময়ত দৰিদ্ৰলৈ বিনামূলীয়া এম্বুলেন্স তিনিচুকীয়াৰ এইজন ব্যক্তিৰ

May 16, 2020 7:09 pm · অভীক চক্ৰবৰ্তী
Updated: May 16, 2020 7:15 pm
অনন্ত হাজৰিকা।

এজন ৫০ বৰ্ষীয় ব্যক্তিয়ে চলিত লকডাউনৰ সময়ত তিনিচুকীয়া জিলাৰ দৰিদ্ৰ লোকসকললৈ বিনামূলীয়া এম্বুলেন্স সেৱা আগবঢ়াই আহিছে।

ব্যক্তিজনৰ নাম অনন্ত হাজৰিকা। ঘৰ তিনিচুকীয়াৰ বৰগুৰি অঞ্চলত। এতিয়ালৈকে তেওঁ জিলাখনৰ ২১ গৰাকী ৰোগীক লকডাউনৰ সময়ত সহায় কৰিছে।

অনন্ত হাজৰিকা তেওঁৰ মানৱসেৱাৰ বাবে অঞ্চলটোৰ লোকসকলৰ মাজত জনপ্ৰিয়, লগতে এক প্ৰেৰণাও।

মানুহে জৰুৰী সময়ত তেওঁৰ সহায় বিচাৰে। আৰু তেওঁ তেওঁৰ এম্বুলেন্সেৰে ৰোগীসকলক চিকিৎসালয়লৈ কঢ়িয়াই নিয়ে।

হাজৰিকাৰ এই মানৱসেৱাৰ আঁৰৰ প্ৰেৰণা তেওঁৰ মাতৃ।

“মানৱসেৱা কৰাতো মোৰ কাম আৰু সৰুৰে পৰা এই কথা মই মোৰ মাৰ পৰা শিকিছো। মই বঞ্চিত লোকৰ বাবে কাম কৰি ভাল পাওঁ কাৰণ তেওঁলোকেই আমাৰ সমাজৰ প্ৰকৃত ভুক্তভোগী,” নৰ্থইষ্ট নাওক হাজৰিকাই কয়।

হাজৰিকাই কয় তেওঁ আনক সুখী দেখিব খোজে আৰু তাতেই তেওঁ শান্তি বিচাৰি পায়।

এম্বুলেন্সৰ উপৰি হাজৰিকাই আন ধৰণেৰেও দৰিদ্ৰ, অভাৱগ্ৰস্ত মানুহক সেৱা আগবঢ়াই আহিছে।

হাজৰিকাই তিনিচুকীয়াৰ তিনিজন নিবনুৱাক অট’ৰিক্সা কিনি দিছে। যুৱককেইজনে এতিয়া চহৰত অট’ চলাই জীৱন নিৰ্বাহ কৰে।

লকডাউনৰ পিছত এটি নতুন পুৱাৰ আৱিৰ্ভাৱ হ’ব আৰু ভাল হ’ব বুলি হাজৰিকাই আশা কৰে।

“লকডাউনৰ ফলত বিশেষকৈ দিনমজুৰি কৰাসকলে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে যথেষ্ঠ ভুগিব লগা হৈছে। মই আশাবাদী যে এটি নতুন পুৱাৰ উদয় হ’ব,” হাজৰিকাই কয়।

আনক সহায় কৰি ভাল পোৱা হাজৰিকাক লৈ তেওঁৰ গাওঁবাসীয়েও গৰ্বিত অনুভৱ কৰে। তেওঁ নিজৰ কামৰ জৰিয়তে সমাজত এক দৃষ্টান্ত স্থাপন কৰিছে।

“অনন্ত আনক সহায় কৰিবলৈ সদায়ে ২৪ ঘণ্টাই সাজু,” এজন গাওঁবাসীয়ে কয়।

Related News