• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লকডাউনত বিপৰ্য্যস্ত বৰপেটাৰ আতচবাজী উদ্যোগ

চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই থলুৱা উদ্যোগটোক

Nenow পুলেন্দ্ৰ দাস
বৰপেটা , July 31, 2020 8:52 pm

2 min read

590
VIEWS
Share on FacebookShare on Twitter

কৰোনা ভাইৰাছৰ ভয়াবহতা আৰু দীঘলীয়া লকডাউনত বিপৰ্যস্ত হৈছে বৰপেটাৰ শতাব্দী প্ৰাচীন আতচবাজী উদ্যোগ৷

ইংৰাজৰ দিনৰে পৰা কাম কৰি অহা বৰপেটাৰ আতচবাজী উদ্যোগটোলৈ একপ্ৰকাৰ নামি আহিছে অমানিশা।

সত্ৰনগৰী বৰপেটাৰ আতচবাজী উদ্যোগটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত এহেজাৰ পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ অৱস্থা।

কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে আতচবাজী উৎপাদন আৰু বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।

বিয়া-সবাহ, কিছু উৎসৱ-পাৰ্বনৰ লগতে ধৰ্মীয় অনুষ্ঠান আনকি চিনেমাৰ চিত্ৰ গ্ৰহণতো বৰপেটাৰ আতচবাজী উদ্যোগটোৰ পৰা সামগ্ৰী যোগান ধৰে৷

কিন্তু কোৰোনা মহামাৰীৰ ফলত আতচবাজীৰ উৎপাদন আৰু বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত এই উদ্যোগটোৰ লগত জড়িত লোকসকলৰ জীৱন সম্প্ৰতি পানীত হাঁহ নচৰা অৱস্থাৰ নিচিনা হৈছে৷

এই উদ্যোগটোৰ লগত জড়িত লোকসকলৰ দুৰৱস্থাৰ কথা শুনাৰো আহৰি নাই চৰকাৰখনৰ৷

আনকি চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই এই থলুৱা উদ্যোগটোক৷

উল্লেখ্য যে, বৰপেটা চহৰৰ বিলৰতাৰীহাটীৰ গোপজিৎ পাঠকৰ আচাম ফায়াৰ ৱৰ্কচ ইণ্ডাষ্ট্ৰী, দীপমণি পাঠকৰ বৰপেটা আতচবাজী উদ্যোগ আৰু ৰীতামণি পাঠকৰ মণিচুনা আতচবাজী উদ্যোগৰ জৰিয়তে বিভিন্ন আতচবাজী উৎপাদন কৰে৷

এই তিনিটা থলুৱা উদ্যোগৰ লগত প্ৰায় এহেজাৰ পৰিয়াল প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত৷

কিন্তু বিগত তিনি-চাৰি মাহে এই উদ্যোগ তিনিটা বন্ধ হৈ পৰাত কৰ্মহীন হৈ পৰিছে উদ্যোগ তিনিটাৰ লগত জড়িত লোকসকল৷

থলুৱা এই উদ্যোগৰ জৰিয়তে আত্মনিৰ্ভৰ হৈ অহা লোকসকলক চৰকাৰখনে আজিলৈ মুঠেও গুৰুত্ব প্ৰদান কৰা নাই বুলি ক্ষোভ ব্যক্ত কৰে মণিচুনা আতচবাজী উদ্যোগৰ স্বত্বাধিকাৰী ৰীতামণি পাঠকে৷

সততে উদ্যোগ স্থাপনৰ আহ্বান জনোৱা চৰকাৰৰ উদ্যোগ মন্ত্ৰীয়ে থলুৱা উদ্যোগ কেইটাক পুনৰুজ্জীৱিত কৰাৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নাই সেয়া পৰৱৰ্তী সময়তহে জনা যাব৷

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd