• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমাধিত অসমৰ কাগজকল, মৃত ৫১, আত্মহত্যা দুজনৰ; বিজেপি বৰ্জনৰ আহ্বান কৰ্মচাৰীৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 3, 2019 9:00 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মে’ইক ইন ইণ্ডিয়া’ আৰু ‘এক্ট ইষ্ট পলিচি’ৰ কথা কৈ উত্তৰ-পূবত বিকাশৰ আশ্বাস দিয়া বিজেপি চৰকাৰৰ দিনত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল অসমৰ ৰাজহুৱা খণ্ডৰ দুই কাগজ কল।

দেশৰ দুই কোটি নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ দিনতেই দুবছৰে দৰমহা বঞ্চিত হৈ আছে কাগজ কল দুটাৰ কেইবাশ কৰ্মচাৰী।

Apply Now

উৎপাদন বন্ধ হৈ থকা জাগীৰোডৰ নগাওঁ কাগজ কল আৰু পাঁচগ্ৰামত থকা কাছাৰ কাগজ কলৰ প্ৰতি চৰকাৰৰ অমনোযোগিতাত এতিয়া কৰ্মচাৰীৰ হাহাকাৰ অৱস্থা।

কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ দুখ-দুৰ্দশাৰ মাজতেই আহিছে ’১৯ৰ লোকসভা নিৰ্বাচন। কিন্তু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পাঁচ বছৰ আৰু ৰাজ্য চৰকাৰৰ তিনি বছৰীয়া কাৰ্য্যকালত ৰাজ্যৰ এই গুৰুত্বপূৰ্ণ উদ্যোগ দুটাৰ পুনৰুদ্ধাৰ হ’ব বোলা কথাষাৰ কাৰ্য্যতঃ অসাৰ প্ৰতিপন্ন হ’ল।

গতিকে কাগজ কল দুটাৰ প্ৰতি কৰা বঞ্চনাৰ অভিযোগত বিজেপিক উচিত প্ৰত্যুত্তৰ দিবলৈ মধ্য অসম আৰু বৰাক উপত্যকাৰ ৰাইজক আহ্বান জনাইছে এইচ পি চি পে’ইপাৰ মিল ৰিভাইভেল একচন কমিতিয়ে। বুধবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি কমিতিখনে এই আহ্বান জনাইছে।

“নগাওঁ আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণ আৰু জাতীয় সম্পদ দুটা ৰক্ষণাৱেক্ষণৰ বাবে অসমৰ জনসাধাৰণে গণতান্ত্ৰিক আন্দোলন চলাই আহিছে। কিন্তু চৰকাৰখনে এই আন্দোলনক উপেক্ষা কৰি আহিছে। গতিকে মধ্য অসম আৰু বৰাক উপত্যকাৰ জনগণে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশ্বাসঘাতকতাৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ এয়াই উপযুক্ত সময়,” এইচ পি চি পে’ইপাৰ মিল ৰিভাইভেল একচন কমিতিৰ মুখ্য আহ্বায়ক মানবেন্দ্ৰ চক্ৰবৰ্ত্তীয়ে কয়।

উল্লেখ্য যে ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাছাৰ জিলাৰ পাঁচগ্ৰামৰ কালীনগৰত অনুষ্ঠিত এক জনসভাত কাগজ কল দুটা পুনৰুদ্ধাৰৰ প্ৰতিশ্ৰুতি দিছিল। কমিতিখনে এই কথা মনত পেলাই দিয়াৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ‘নমামি বৰাক’ অনুষ্ঠানত ছমাহৰ ভিতৰত কাগজ কলৰ উৎপাদন পুনৰ আৰম্ভ হ’ব বুলি দিয়া আশ্বাসৰ কথা দোহাৰে।

কিন্তু বিজেপিৰ এই আশ্বাস কেৱল ভাষণতেই সীমাবদ্ধ থাকিল। ইয়াৰ বিপৰীতে পানীত হাঁহ নচৰা অৱস্থা দুয়োটা কাগজ কলৰ কৰ্মচাৰীসকলৰ পৰিয়ালৰ। পৰিয়াল চলোৱা, ল’ৰা-ছোৱালীক পঢ়ুওৱা, বেমাৰ-আজাৰৰ চিকিৎসা আদিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বিগত ২৭মাহে দৰমহা নোপোৱা কৰ্মচাৰীসকলে। “নিবনুৱাক চাকৰি দিয়া”ৰ আশ্বাস দিয়া বিজেপি চৰকাৰৰ দিনতেই এতিয়া নিবনুৱা হৈছে কল দুটাৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত অসংখ্যজন।

“প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত দুয়োটা কাগজ কলৰ ৫১জন কৰ্মচাৰীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে আৰ্থিক দুৰাৱস্থাত ভাৰাক্ৰান্ত হৈ আত্মহত্যাৰ পথ লৈছে দুজনে,” কমিতিখনে সংবাদমেলত প্ৰকাশ কৰে।

তাৎপৰ্য্যপূৰ্ণ যে এইবাৰৰ নিৰ্বাচনত কাগজ কল দুটাৰ পুনৰুদ্ধাৰক লৈ কোনো নিৰ্বাচনী প্ৰতিশ্ৰুতি নাই শাসকীয় বিজেপিৰ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপৰিও অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ বহু ৰথী-মহাৰথীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে যদিও ক’তো এতিয়ালৈ কাগজ কলৰ নাম লোৱা নাই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd