মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত এগৰাকী বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে আত্মহত্যা কৰাক কেন্দ্ৰ কৰি আজি অঞ্চলতটোত চাঞ্চল্যৰ সৃষ্টি হয়।
নিজৰ ভাড়াঘৰৰ কোঠাত চিপজৰী লৈ ব্যক্তিজনে আত্মহত্যা কৰে।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লেখাপানীৰ উদয়পুৰত এটা ভাড়াঘৰত বিহাৰৰ ব্যক্তিজনে কেইবা বছৰ ধৰি বসবাস কৰি আহিছিল৷
৪০ বছৰীয়া ৰাম প্ৰবেশ ৰায় নামৰ ব্যক্তিজনে অঞ্চলটোত তামোল-পান, শাক-পাছলিৰ ব্যৱসায় কৰি আহিছিল কিন্তু সোমবাৰে নিশা যুৱকজনে ভাড়াঘৰতেই চিপজৰী লৈ আত্মহত্যা কৰে৷
পুৱা বহু পলমলৈ ব্যক্তিজনৰ কোনোধৰণৰ খবৰ নোহোৱাত স্থানীয় লোকে তেওঁৰ ভাড়াঘৰলৈ গৈ চোৱাত চিপ লৈ আত্মহত্যা কৰা অৱস্থাত উদ্ধাৰ কৰে।
পৰৱৰ্তী সময়ত স্থানীয় লোকে লেখাপানী আৰক্ষীক এই সম্পৰ্কে খবৰ দিয়াত লেখাপানী আৰক্ষী থানাৰ এটি দলে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আৰক্ষীৰ দলে আত্মহত্যাৰ কাৰণ উৎঘাটনৰ বাবে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ ইয়াৰ প্ৰকৃত কাৰণ জানিব পৰা নায় বুলি উল্লেখ কৰে।