• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ গোপন আশ্ৰয়ত হাছিনা! ভৱিষ্যতক লৈ চিন্তা কৰাৰ সময় দিছে ভাৰতে, জনালে জয়শংকৰে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 6, 2024 1:19 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা দিল্লীতে আছে। ভাৰতে তেওঁক সদ্যহতে কিছু দিন সময় দিছে। দিল্লীত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত এই মন্তব্য কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।

মঙলবাৰে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত সৰ্বদলীয় বৈঠকত বহিছিল জয়শংকৰ। এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজেজুও উপস্থিত আছিল।

সূত্ৰ অনুসৰি, সেই বৈঠকত বাংলাদেশত বসবাস কৰা ভাৰতীয় নাগৰিকৰ পৰিস্থিতিৰ বিষয়েও আলোচনা কৰা হৈছিল। কেন্দ্রই কয় যে নতুন দিল্লী বাংলাদেশ সেনাৰ সৈতে যোগাযোগত আছে৷ পৰিস্থিতি কোন দিশলৈ গতি কৰে সেয়া লক্ষ্য ৰখা হৈছে।

Apply Now

লগতে পঢ়কঃ হাছিনাই দেশ এৰি গ’লেও বন্ধ হোৱা নাই হিংসা; অস্থিৰ বাংলাদেশত এদিনতে মৃত্যু ১৩৫জনৰ!

জানিব পৰা মতে, বাংলাদেশক লৈ ভাৰতৰ স্থিতি কি সেয়া জয়শংকৰে সৰ্বদলীয় বৈঠকত উপস্থিত থকা সকলো সাংসদক জনায়। তেওঁৰ বক্তব্য অনুসৰি সদ্যহতে ভাৰতে হাছিনাক কিছু সময় দিব বিচাৰিছে। তেওঁ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ভাৰত চৰকাৰক অৱগত কৰিব। সেই চিন্তাৰ বাবে সময় লৈছে। হাছিনাৰ পৰিকল্পনা জানি লৈ নতুন দিল্লীয়ে পৰৱৰ্তী সিদ্ধান্ত ল’ব।

সর্বদলীয় বৈঠকত বৈদেশিক মন্ত্রীগৰাকীয়ে কয় যে কেন্দ্রীয় চৰকাৰেও বাংলাদেশত ভাৰতীয়ৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে৷ জৰুৰী ভিত্তিত ভাৰতীয়ক বাংলাদেশৰ পৰা উলিয়াই অনা হোৱা নাই। কিন্তু প্ৰয়োজন সাপেক্ষে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তাৰ বাবে ভাৰত সাজু। সৰ্বদলীয় বৈঠকত জয়শংকৰে সাংসদসকলৰ আগত কয় যে, বাংলাদেশত যি পৰিস্থিতি গঢ় লৈ উঠিছে, সেই পৰিস্থিতিৰ ওপৰত আমি চকু ৰাখিছো। সঠিক সময় হ’লে ভাৰত চৰকাৰে সঠিক পদক্ষেপ ল’ব।

হাছিনাৰ পদত্যাগ আৰু পলায়নৰ পিছত বাংলাদেশৰ ক্ষমতা এতিয়া সেনাৰ হাতত। সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে দায়িত্ব লয়। সেনাৰ নেতৃত্বত গঠন হ’ব কেয়াৰটেকাৰ চৰকাৰ। এই পৰিৱৰ্তিত পৰিস্থিতিত বাংলাদেশত বসবাস কৰা ভাৰতীয়সকলৰ সুৰক্ষা সুনিশ্চিত কৰাটোৱেই কেন্দ্ৰৰ লক্ষ্য বুলি জয়শংকৰে কয়।

লগতে পঢ়কঃ হাছিনা বাংলাদেশ এৰি যোৱাৰ লগে লগে মুকলি কৰি দিয়া হ’ল খালেদা জিয়াক

বাংলাদেশৰ পৰিস্থিতি পুনৰীক্ষণৰ বাবে সোমবাৰে কেন্দ্ৰীয় কেবিনেটৰ নিৰাপত্তা পৰিক্ৰমা সমিতিৰ জৰুৰী বৈঠক আহ্বান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে নিশা প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত আয়োজিত বৈঠকত গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বৈদেশিক মন্ত্ৰীও উপস্থিত থাকে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰধান সম্পাদক পি কে মিশ্ৰ, ৰ’ৰ মুৰব্বী ৰবি সিনহা আৰু চোৰাংচোৱা ব্যুৰোৰ (আই বি) সঞ্চালক তপন ডেকাও উপস্থিত আছিল।

Briefed an All-Party meeting in Parliament today about the ongoing developments in Bangladesh.

Appreciate the unanimous support and understanding that was extended. pic.twitter.com/tiitk5M5zn

— Dr. S. Jaishankar (@DrSJaishankar) August 6, 2024

সোমবাৰে বাংলাদেশ এৰি গাজিয়াবাদৰ হিন্দন এয়াৰবেছত নামে হাছিনা। ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে তাত তেওঁক লগ পাইছিল৷ সূত্ৰ অনুসৰি হাছিনাই এয়াৰবেছতে নিশাটো কটায়। বাতৰি অনুসৰি, যিখন বিমানত তেওঁক লৈ যোৱা হৈছিল, সেইখন বিমান মঙলবাৰে পুৱা ৯ বজাৰ আশপাশে পৰৱৰ্তী গন্তব্যস্থানলৈ উৰা মাৰিছিল। ক’লৈ গ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

সূত্ৰ অনুসৰি হাছিনাই লণ্ডনলৈ যাব বিচাৰিছে যদিও এতিয়াও ব্ৰিটেইনৰ পৰা গ্ৰীণ চিগনেল পোৱা নাই। তেওঁ আন এখন দেশলৈ যাব নে নাযাব, সেই চিন্তাচৰ্চা চলি আছে। সদ্যহতে ভাৰতে তেওঁক তাৰ বাবে সময় দিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

August 7, 2026 3:00 pm
বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

August 7, 2026 1:27 pm
কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

August 7, 2026 12:18 pm
কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

August 7, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

August 7, 2026 3:00 pm
বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

August 7, 2026 1:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd